Logo
image

চীনা মুছলিমৰ নিৰ্যাতনক লৈ বাতৰি কৰি পুলিৎজাৰ পালে মেঘাই

আমাৰ অসম, ১৩ জুনঃ ভাৰতীয় মূলৰ মহিলা সাংবাদিক মেঘা ৰাজাগোপালনলৈ ২০২১ চনৰ পুলিৎজাৰ বঁটা আগবঢ়োৱা হৈছে৷ তেওঁ অনুসন্ধানমূলক সাংবাদিকতাৰ বাবে এই সন্মানীয় বঁটা লাভ কৰিছে৷ চীনৰ চিনজিয়াং অঞ্চলত দেশখনৰ চৰকাৰে হাজাৰ হাজাৰ উইঘোৰ মুছলমানক বন্দী কৰি ৰখাৰ প্ৰকৃত

ঘটনা পোহৰলৈ আনিছিল মেঘা ৰাজাগোপালনে৷ একাধিকবাৰ চীন ভ্ৰমণ কৰি আৰু চিনজিয়াং অঞ্চললৈ গৈ মেঘা ৰাজাগোপালনে চীনৰ চৰকাৰে গোপনে বন্দী কৰি ৰখা উইঘোৰ মুছলমানৰ সবিশেষ তথ্য ‘বাজফিড নিউজ’ নামৰ সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰকাশ কৰিছিল৷ ২০১৭ চনৰ পৰা চীনৰ চৰকাৰে চিনজিয়াং অঞ্চলত উইঘোৰ মুছলিম সম্প্ৰদায়ক বন্দী কৰি ৰাখি তেওঁলোকৰ ওপৰত অকথ্য অত্যাচাৰ চলাই আছিল৷ মেঘা ৰাজাগোপালনে তেওঁলোকক বন্দী কৰি ৰখা ‘ইণ্টাৰমেণ্ট কেম্প’ ভ্ৰমণ কৰিছিল আৰু তাৰ ফলতে তেওঁ চীনত সংঘটিত এই অকথিত কাহিনী বহিৰ্বিশ্বক জনাবলৈ সক্ষম হৈছিল৷ মেঘা ৰাজাগোপালনৰ এই অনুসন্ধানমূলক বাতৰি প্ৰকাশ পোৱাৰ আগলৈকে চীনৰ চৰকাৰে তেনে বন্দী শিবিৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয়ভাৱে অস্বীকাৰ কৰি আহিছিল আৰু মিছা কথা কৈ আছিল৷ কিন্তু ভাৰতীয় মূলক সাংবাদিক গৰাকীয়ে চীনৰ সেই ভয়ংকৰ কাহিনী উন্মোচন কৰে৷ লণ্ডনৰ পৰা কাম কৰি থকা মেঘা ৰাজাগোপালনৰ মুখ বন্ধ কৰিবলৈ চীন চৰকাৰে তেওঁৰ ভিছা আধাতে কৰ্তন কৰিছিল আৰু চীনৰ পৰা বলপূৰ্বকভাৱে দেশান্তৰ কৰিছিল৷

ইপিনে, টাম্পা বে টাইমছৰ সাংবাদিক নীল বেদীয়ে কেথলীন মেকগৰীৰ সৈতে স্থানীয় ছেৰিফৰ কাৰ্যালয়ৰ কেলেংকাৰি উন্মোচিত কৰি স্থানীয় ৰিপ’ৰ্টিঙৰ পুলিৎজাৰ বঁটা লাভ কৰিছে৷