Logo
image

ছবি নিৰ্মাতা আয়েশা চুলতানাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

আমাৰ অসম, ১৩ জুনঃ লাক্ষাদ্বীপৰ ছবি নিৰ্মাতা তথা অভিনেত্ৰী আয়েশা চুলতানাৰ বিৰুদ্ধে ৰুজু হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ৷ উল্লেখ্য যে, লাক্ষাদ্বীপৰ ক’ভিড পৰিস্থিতিক লৈ অভিনেত্ৰী-পৰিচালকগৰাকীয়ে এটা স্থানীয় টিভি চেনেলৰ অনুষ্ঠানত কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ প্ৰশাসনৰ ৰোষত পৰিবলগীয়া হৈছে৷ টিভি চেনেলটোৰ অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে লাক্ষাদ্বীপত কৰ’নাৰ জৰিয়তে জৈৱ অস্ত্ৰ প্ৰয়োগ কৰা হৈছে বুলি প্ৰশাসক প্ৰফুল পেটেলক উদ্দেশ্যি এক মন্তব্য প্ৰকাশ কৰিছিল৷ ইয়াতে ক্ষুণ্ণ হৈ লাক্ষাদ্বীপৰ বিজেপি সভাপতি আব্দুল খাদেৰে তেওঁৰ বিৰুদ্ধে থানাত এফ আই আৰ দাখিল কৰাত আয়েশাৰ বিৰুদ্ধে ৰুজু হয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ৷ ইপিনে, পৰিচালক-অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱাত ক্ষুব্ধ হৈ লাক্ষাদ্বীপত পোন্ধৰজন নেতাই বিজেপি ত্যাগ কৰিছে৷ লগতে আয়েশা চুলতানৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি লাক্ষাদ্বীপত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷