Logo
image

মঙল গ্ৰহত মানুহে জন্ম দিব পাৰিব সন্তান!

আমাৰ অসম, ১৪ জুনঃ মঙল গ্ৰহত মানুহে জন্ম দিব পাৰিব সন্তান৷ মানুহ আৰু মানৱ ইতিহাসৰ এই গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰিছে জাপানৰ এদল বৈজ্ঞানিকে৷ দীৰ্ঘদিনে এই সম্পৰ্কীয় গৱেষণাত জড়িত জাপানৰ বিজ্ঞানীৰ দলটোৰ এই সম্ভাৱনা দিনচেৰেক পূৰ্বে প্ৰকাশ পাইছে ‘ছায়েন্স এডভান্স জাৰ্নেল’ত৷ নিগনিৰ ওপৰত গৱেষণা কৰি লাভ কৰা সফলতাৰ ওপৰত ভিত্তি কৰিয়েই এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে বিজ্ঞানীৰ দলটোৱে৷ প্ৰকাশিত তথ্য মতে মহাকাশত প্ৰায় ছবছৰ ধৰি থৈ দিয়া নিগনিৰ স্পাৰ্ম পৃথিৱীলৈ আনি সুস্থ নিগনি জন্ম দিয়াত সফলতা লাভ কৰিছে জাপানৰ বিজ্ঞানীৰ দলটোৱে৷ সেই সূত্ৰে তেওঁলোকে দাবী কৰিছে যে মঙল গ্ৰহত মানুহে অদূৰ ভৱিষ্যতে সন্তান জন্ম দিব পাৰিব৷ ২০১৩ চনত জাপানৰ এখন বিশ্ববিদ্যালয়ে নিগনিৰ স্পাৰ্মৰ তিনিটা বটল মহাকাশলৈ প্ৰেৰণ কৰিছিল৷ বৃহৎ আকাৰৰ এই বটলকেইটাৰ ভিতৰত আছিল ৪৮টা সৰু সৰু কাচৰ বটল৷ ৬ বছৰৰ পাছত নিগনিৰ এই স্পাৰ্ম পৃথিৱীলৈ ঘূৰাই অনা হয় আৰু এই স্পাৰ্মৰ জৰিয়তে সুস্থ নিগনি জন্ম দিয়া হয়৷ নিগনিৰ স্পাৰ্মসমূহ ফ্ৰীজ কৰি হাই ৰেডিয়েশ্বনত ছবছৰ ৰখা হৈছিল৷ জাপানৰ বিজ্ঞানীৰ দলটোৰ মুখপাত্ৰ অধ্যাপক ছয়াকা বকায়ামাই সদৰী কৰা মতে এই ঘটনাৰ পাছতে জেনেটিক ৰূপত নিগনিৰ কেইবাটাও পোৱালী জন্ম হৈছে আৰু আটাইকেইটাই সুস্থ হৈ আছে৷ এই ঘটনাই এই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে যে অদূৰ ভৱিষ্যতে মঙল গ্ৰহত মানুহেও সুস্থ-সবল সন্তান জন্ম দিব পাৰিব৷ জাপানৰ বিজ্ঞানীৰ দলটোৰ এই ঘোষণাই ইতিমধ্যে পৃথিৱীৰ বিজ্ঞানীমহলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে৷