
বিবুধিত বিধায়িকা...ইমানবোৰ টকাৰে কি কৰিম...
আমাৰ অসম, ১৪ জুনঃ ইমান টকাৰ দৰমহা! অতবোৰ টকা কি কৰিম? মোৰতো ইমান টকাৰ প্ৰয়োজন নাই৷ আনৰ বাবেই ভাল কামত লগাব লাগিব এই টকাবোৰ৷ নিজৰ দৰমহাৰ অংক শুনি এনেদৰে বিস্ময়ত হতবাক হৈ পৰিছে পশ্চিম বংগৰ বাঁকুড়া জিলাৰ শালতোড়া সমষ্টিৰ বিজেপিৰ বিধায়িকা চন্দনা বাউড়ি৷ আনৰ ঘৰত কাম কৰি পেট প্ৰবৰ্তোৱা চন্দনা বাউড়িৰ বাবে চৌপাশৰ জগতখন যোৱা এমাহত বহুত সলনি হৈ গৈছে সঁচা, পিছে মানসিকতা একেই আছে৷ আনৰ, দহৰ উপকাৰৰ বাবে নিজৰ জীৱনটোক কেইবছৰমান পূৰ্বেই উৎসৰ্গা কৰিছিল চন্দনাই৷ এতিয়া বিধায়িকা হোৱাৰ বাবে তেওঁ উপকাৰ কৰিবলগীয়া লোকৰ সংখ্যা বাঢ়িল৷ আৰু বাঢ়িল দায়িত্বসহকাৰে কৰিবলগীয়া কাম, অন্ততঃ বিধায়িকা হিচাপে৷ কি কৰিব, কি নকৰিব সেয়া ভাবি চিন্তিত তেওঁ, বিবুধিও৷ ততোধিক বিভ্ৰান্ত তেওঁ প্ৰথমে পাবলগীয়া ছয় অংকৰ দৰমহাটোক লৈ৷
এমাহৰ আগলৈকে জোৰা-টাপলি মাৰি সংসাৰখন চলাইছিল চন্দনা বাউড়িয়ে৷ স্বামী ৰাজমিস্ত্ৰী৷ কিন্তু শালতোড়া সমষ্টিৰ গংগাজলঘাটি ব্লকৰ কেলাই নামৰ যিখন গাঁৱত তেওঁ সপৰিয়ালে থাকে, তাত সদায় ৰাজমিস্ত্ৰীৰ কাম নোলায়৷ ওলালেও দৈনিক হাজিৰা ৪০০ টকা৷ মাজে মধ্যে স্বামীৰ যোগালিৰ কাম কৰি দৈনিক হাজিৰা পায় চন্দনাই ২৫০ টকা৷ নহ’লে আনৰ ঘৰত কাম৷ নিকটতম চহৰ বাঁকুড়ালৈ ৩২ কিলোমিটাৰ৷ কিন্তু তাৰ মাজতে চন্দনাই যোৱা কেইবছৰমান অতি নিষ্ঠাৰে প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানত আত্মনিয়োগ কৰিছিল৷ গাঁৱে গাঁৱে ঘূৰি সকলোকে সচেতন কৰিছিল৷ শৌচাগাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতাই কিদৰে বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে সেয়া গাঁওবাসীক বুজাইছিল৷ তেনেকৈয়ে অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছিল চন্দনা বাউড়ি৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই জানিছিল চন্দনাৰ নাম আৰু কাম৷ সেয়ে বিগত নিৰ্বাচনত চমক দিবৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আচম্বিতে শালতোড়া সমষ্টিৰ প্ৰাৰ্থী কৰিছিল চন্দনাক৷ নিৰ্বাচনী প্ৰচাৰত চন্দনাৰ আৰ্থিক দৈন্যৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ গাঁৱৰ কপৰ্দকহীন অৱস্থা উদঙাই দিছিল৷ বিজেপিয়ে যে তেনে এগৰাকী অখ্যাত মহিলাকো প্ৰাৰ্থী কৰিব পাৰে, সেয়া চন্দনাৰ জৰিয়তে ৰাজ্যজুৰি প্ৰচাৰ কৰিছিল৷ অন্যাৰ্থত, পশ্চিম বংগৰ গ্ৰাম্য জীৱনৰ ভোট টনাৰ বাবে নৰেন্দ্ৰ মোদীৰ সদ্যসমাপ্ত নিৰ্বাচনত চন্দনা বাউড়ি আছিল মূল ইউ এছ পি– ইউনিক ছেলিং পইণ্ট৷
সৌভাগ্যবশতঃ নিজে একো নুবুজাকৈয়ে চন্দনা বাউড়ি নিৰ্বাচনত বিজয়ী হ’ল৷ আচলতে সমষ্টিৰ কৰ্মকৰ্তাসকলে দিন ৰাতি খাটি চন্দনাক বিজয়ী কৰিলে৷ এয়া তেওঁৰ বাবে এটা সপোনৰ দৰে৷ বিধায়িকা নিৰ্বাচিত হোৱাৰ পাছত এবাৰ কলকাতালৈ গৈছিল, বিধানসভাত শপতগ্ৰহণৰ বাবে৷ তাৰ পৰা উভতি আহি এতিয়া ঘৰতে আছে বিধায়িকা৷ নিতৌ তেওঁৰ সাক্ষাতকাৰ ল’বলৈ কোনোবা নহয় কোনোবা সাংবাদিক আহে৷ তেনে এজন সাংবাদিকৰ পৰাই তেওঁ বিধায়িকা হিচাপে পাবলগীয়া টকাৰ পৰিমাণ শুনি আচৰিত হ’ল৷ আচৰিত হোৱাই নহয়, আৰু এবাৰ বিপদত পৰিল চন্দনা বাউড়ি– ইমানবোৰ টকা কেনেকৈ খৰছ কৰিব? ‘কি কৰিম এতিয়াও ভাবিব পৰা নাই৷ কিন্তু মানুহৰ ভালৰ বাবেই দৰমহাৰ টকাৰে কিছুমান কাম কৰিম৷ পিছতো দৰমহাৰ টকা তেনে কামতে লগাম৷ ইমান টকা মোক নালাগে’– সাংবাদিকক দৰমহাৰ টকাৰ অংশ শুনি এনেদৰেই ক’লে চন্দনা বাউড়িয়ে৷
সাংবাদিকৰ সৈতে কথোপকথানৰ আগলৈকে তেওঁ জনা নাছিল দৰমহাৰ পৰিমাণ৷ সাংবাদিকজনে তেওঁক জনালে– দৰমহা আৰু ভাট্টা মিলি তেওঁ মাহে ৮২ হাজাৰমান টকা পাব৷ এতিয়ালৈকে দৰমহাৰ এটকাও নোপোৱাৰ বাবে পূৰ্বৰ মাহৰ শেষ কেইদিন ধৰি প্ৰথমটো দৰমহা তেওঁৰ এক লাখ টকাৰ অধিক হ’ব৷ শপত লোৱাৰ সময়ত তেওঁক বিধানসভাৰ সচিবালয়ে জনাইছিল যে কলকাতাৰ ষ্টেট বেংকৰ এটা নিৰ্দিষ্ট শাখাত বিধায়কৰ দৰমহা জমা হয়৷ তাত তেওঁ একাউণ্ট খুলিব লাগিব৷ শপতগ্ৰহণৰ পাছতে ঘৰলৈ উভতি অহাত আৰু লকডাউন আৰম্ভ হোৱাত চন্দনাৰ এতিয়াও সেই শাখাত একাউণ্ট খোলা হোৱা নাই আৰু দৰমহাও জমা হোৱা নাই৷ যদি জুনৰ ভিতৰতে একাউণ্ট খোলা হয়, তেন্তে জুলাইৰ প্ৰথম সপ্তাহত এক লাখৰো অধিক টকা দৰমহা হিচাপে পাব বিধায়িকা চন্দনা বাউড়িয়ে৷ সেই অংক শুনিয়েই বিধায়িকা চন্দনা বাউড়িয়ে ক’লে– ‘ইমানবোৰ টকাৰে কি কৰিম? মোক ইমান টকা নালাগে৷ মানুহৰ ভালৰ বাবেই খৰছ কৰিম৷ কি কৰিলে ভাল আপুনিয়েই কওঁকচোন৷ মই গাড়ী নিকিনো৷ মোক স্বামীয়ে মটৰ চাইকেলত অনা-নিয়া কৰে এতিয়া৷ কি কি কৰিম সেয়া এম পি ডাক্টৰবাবুক [সাংসদ সুভাষ সৰকাৰ] সুধি ল’ম৷ তেওঁ নিশ্চয় ভাল কামত খৰছ কৰিবলৈ লগাব৷’