
পকেট ভেণ্টিলেটৰ তৈয়াৰ ভাৰতীয় বিজ্ঞানীৰ
আমাৰ অসম, ১৬ জুনঃ ক’ভিড পৰিস্থিতিত ভেণ্টিলেটৰ ক’ভিড আক্ৰান্তৰ বাবে অত্যাৱশ্যকীয় স্বাস্থ্য সামগ্ৰীত পৰিণত হৈছে৷ যোৱা এপ্ৰিল আৰু মে’ত ভেণ্টিলেটৰৰ অভাৱত দিল্লী, মুম্বাইকে ধৰি দেশৰ উন্নত চিকিৎসা ব্যৱস্থা থকা নগৰত বহু ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ পৰৱৰ্তী সময়ত ১৫-২০ খন ৰাষ্ট্ৰই ভাৰতক ভেণ্টিলেটৰৰ যোগান ধৰাৰ ফলত সম্প্ৰতি সেই অভাৱ কিছু পৰিমাণে হ্ৰাস পাইছে৷ তেনে এক সময়তে কলকাতাৰ এজন বিজ্ঞানী ডাঃ ৰমেন্দ্ৰলাল মুখাৰ্জীয়ে ২০ দিনৰ ভিতৰত এটা পকেট ভেণ্টিলেটৰ তৈয়াৰ কৰিছে৷ তেওঁৰ এই আৱিষ্কাৰে দেশৰ চিকিৎসা ক্ষেত্ৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিছুদিন পূৰ্বে তেওঁ ক’ভিডত আক্ৰান্ত হৈছিল৷ তেওঁ শাৰীৰিক জটিলতাৰ সন্মুখীন হৈছিল আৰু ভেণ্টিলেটৰ ব্যৱহাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ বিজ্ঞানীজন ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পাছতে ইয়াৰ প্ৰয়োজনীয়তা গভীৰভাৱে অনুভৱ কৰে আৰু তেওঁ এটা সৰু ভেণ্টিলেটৰ তৈয়াৰ কৰাত মনোনিৱেশ কৰে৷ মাত্ৰ ২০ দিনৰ ভিতৰতে তেওঁ এটা পকেট ভেণ্টিলেটৰ তৈয়াৰ কৰে৷ ইয়াৰ ওজন মাত্ৰ ২৫০ গ্ৰাম৷ চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈয়ে এই ভেণ্টিলেটৰ ক’ভিড আক্ৰান্তই ঘৰতে থাকি ব্যৱহাৰ কৰিব পাৰে৷ এই ভেণ্টিলেটৰ চাৰ্জ দিয়া বেটাৰীত চলে৷ এবাৰ চাৰ্জ দিলে ই একেৰাহে আঠ ঘণ্টা পৰ্যন্ত কাম কৰে৷ চাৰ্জ দিয়া ব্যৱস্থা সাধাৰণ ম’বাইল চাৰ্জাৰেৰে কৰিব পাৰি৷ যন্ত্ৰটোত দুটা ভাগ আছে, এটা হৈছে পাৱাৰ ইউনিট আৰু আনটো মাউথ পিচ৷ মাউথ পিচটো প্ৰকৃততে ভেণ্টিলেটৰ ইউনিট, ইয়াৰ পৰাই ৰোগীলৈ ভেণ্টিলেটৰৰ দ্বাৰা প্ৰয়োজনীয় চিকিৎসা সাহায্য প্ৰেৰণ কৰা হয়৷ কলকাতাৰ একাধিক চিকিৎসালয়ে ৰোগীক এই ভেণ্টিলেটৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে৷