Logo
image

নিবনুৱাৰ হাৰ ৮.৭ শতাংশ

আমাৰ অসম, ১৬ জুনঃ দেশৰ ৰাজ্যই ৰাজ্যই নিজাববীয়াকৈ বলৱৎ কৰা লকডাউন ক্ৰমাৎ শিথিল কৰি আনিলেও জুনৰ দ্বিতীয়টো সপ্তাহত নিবনুৱাৰ হাৰ ৮.৭ শতাংশ হৈয়ে আছে৷ অৱশ্যে বিগত মে’ৰ তুলনাত এই হাৰ সামান্য পৰিমাণে উন্নত৷ মে’ৰ অন্তিম সপ্তাহত নিবনুৱাৰ হাৰ দেশত প্ৰায় ১০ শতাংশ আছিল৷ সম্প্ৰতি গ্ৰাম্য কৰ্মসংস্থাপনহীনতাৰ হাৰ চহৰৰ তুলনাত কিছু পৰিমাণে উন্নত হৈছে৷ মুম্বাইৰ ‘মণিটৰিং ইণ্ডিয়ান ইকন’মি’ নামৰ সংস্থাটোৱে চলোৱা সমীক্ষাত সেই তথ্য ধৰা পৰিছে৷ সেই অনুসৰি নগৰৰ কৰ্মসংস্থাপহীনতাৰ হাৰ ৯.৭ শতাংশ হৈছে৷ সামগ্ৰিকভাৱে গাঁও আৰু নগৰৰ নিবনুৱাৰ হাৰ এতিয়াও ৮.৭ শতাংশ হৈ আছে৷ অৱশ্যে বিগত বছৰৰ এপ্ৰিলৰ তুলনাত এই পৰিসংখ্যা যথেষ্ট উন্নত৷ ২০২০ চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় কৰ্মসংস্থাপনহীনতাৰ হাৰ ২৩.৫ শতাংশ হৈছিল৷ ইয়াৰ বিপৰীতে চলিত বছৰৰ এপ্ৰিলত দেশজুৰি কৰ্মসংস্থাপনহীনতাৰ হাৰ আছিল ১০.৬৩ শতাংশ৷