Logo
image

এটা কিটেৰে ৭০০ নমুনা পৰীক্ষা

কুম্ভমেলাত ১ লাখ ভুৱা ক’ভিড টেষ্ট

আমাৰ অসম, ১৬ জুনঃ কুম্ভ মেলাৰ চাৰি লাখৰ ভিতৰত এক লাখ ক’ভিড টেষ্ট ভুৱা৷ এটা কিটেৰে পৰীক্ষা কৰা হৈছিল ৭০০ নমুনা৷ এই বিস্ফোৰক অভিযোগ খোদ উত্তৰাখণ্ড চৰকাৰৰ স্বাস্থ্য বিভাগৰ৷ হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত ক’ভিড টেষ্ট সম্পৰ্কত প্ৰাথমিক তদন্তত উন্মোচন হৈছে এই বিস্ফোৰক তথ্য৷ ১৬০০ পৃষ্ঠাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কুম্ভমেলাৰ প্ৰায় চাৰি লাখৰ ভিতৰত ১ লাখ ক’ভিড টেষ্ট ভুৱা৷ এই ভুৱা টেষ্ট ৰিপ’ৰ্ট যোগান ধৰিছে ব্যক্তিগত সংস্থাই৷ উদাহৰণ স্বৰূপে ৫০ জনতকৈ অধিক লোকৰ ৰেপিড এণ্টিজেন টেষ্টৰ সময়ত দিয়া হৈছে এটা ফোন নম্বৰ৷ ৭০০ নমুনাৰ বাবে এনেদৰে ফোন নম্বৰ ব্যৱহাৰ কৰা হৈছে৷ প্ৰায় ৫৩০টা নমুনা সংগ্ৰহ কৰা হৈছে আলীগড়ৰ ঘৰৰ নং ৫৬ আৰু মুম্বাইৰ ঘৰৰ নং ৭৬ অৰ পৰা৷ তদন্তৰ সৈতে জড়িত এজন লোকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই তথ্য৷ সূত্ৰটোৱে সদৰি কৰা মতে ৰেপিড এণ্টিজেন টেষ্টত দিয়া বহু ফোন নম্বৰ ভুৱা৷ কানপুৰ, মুম্বাই, আহমেদাবাদ আৰু আন ১৮টা দূৰণীবতীয়া স্থানৰ লোকে ব্যৱহাৰ কৰা দেখুওৱা হৈছে একে ফোন নম্বৰ৷ কুম্ভমেলাত নিয়োজিত চিকিৎসক অৰ্জুন সিং চেংগাৰে সদৰি কৰা মতে যি সংস্থাক পৰীক্ষাৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকে দুটা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰৰ জৰিয়তে ক’ভিড টেষ্ট কৰাইছে৷ উক্ত ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ দুটাক তদন্তৰ আউটিলৈ অনা হৈছে৷ ইতিমধ্যে তদন্তৰ প্ৰতিবেদন হৰিদ্বাৰ জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰাৰ হৈছে৷ তদন্তৰ অন্যান্য বহু অনিয়ম ধৰা পৰিছে৷ স্বাস্থ্য বিভাগৰ সচিব অমিত নেগিয়ে জানিবলৈ দিয়া মতে হৰিদ্বাৰৰ জিলা দণ্ডাধীশৰ পৰা প্ৰতিবেদন পোৱাৰ ১৫ দিনৰ ভিতৰতে উক্ত ঘটনা সন্দৰ্ভত ব্যৱস্থা লোৱা হ’ব৷