Logo
image

দেৱাংগনাক দীৰ্ঘদিনলৈ জে’লতে ৰখাৰ পৰিকল্পনা

জামিনৰ বিৰোধিতাৰে ছুপ্ৰিম ক’ৰ্টত দিল্লী আৰক্ষী

আমাৰ অসম, ১৭ জুনঃ জামিন লাভ কৰিও কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হোৱা নাই অসম কন্যা দেৱাংগনা কলিতা৷ সুদীৰ্ঘ ৩৮৯ দিন সন্ত্ৰাসবাদ প্ৰতিৰোধ আইনৰ ধাৰাত দিল্লীৰ তিহাৰ জে’লত বন্দী হৈ থকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা আৰু নাতাশা নাৰৱালৰ লগতে জামিয়া মিলিয়া ইছলামিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিফ ইকবাল তানহাক মঙলবাৰে জামিন প্ৰদান কৰি দিল্লী উচ্ছ ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠে ২৪ ঘণ্টাৰ ভিতৰত বণ্ডত মুক্তি দিয়াৰ ৰায় প্ৰদান কৰিছিল৷ আনকি ন্যায়ালয়ে জামিন প্ৰদানৰ ৰায়দানত দিল্লী আৰক্ষীক কঠোৰভাৱে ককৰ্থনা কৰি গণতান্ত্ৰিক আন্দোলন-প্ৰতিবাদক সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে সাদৃশ্য ৰাখিলে দেশৰ গণতন্ত্ৰৰ বাবে বিপজ্জনক অভিহিত কৰিছিল৷ কিন্তু দেৱাংগনা, নাতাশা আৰু আছিফৰ জামিনদাৰে ৫০ হাজাৰ টকা বণ্ড জমা দিয়াৰ বাবে সাজু হোৱাৰ পাছতো জামিন প্ৰদানত ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে দিল্লী আৰক্ষী৷ দেৱাংগনা কলিতাৰ স্থায়ী ঠিকনা অসম, নাতাশা নাৰৱালৰ স্থায়ী ঠিকনা হাৰিয়ানা আৰু আছিফ ইকবাল তানহাৰ স্থায়ী ঠিকনা ঝাৰখণ্ড হোৱাৰ অজুহাতত স্থায়ী ঠিকনা পৰীক্ষাৰ বাবে অধিক সময়ৰ প্ৰয়োজনীয়তাৰ দোহাই দি নিম্ন আদালতৰ দ্বাৰস্থ হৈছে দিল্লী আৰক্ষী৷ দিল্লী আৰক্ষীৰ হৈ বিশেষ চৰকাৰী অধিবক্তাই অভিযুক্ত কেইজনৰ স্থায়ী ঠিকনা পৰীক্ষণৰ বাবে ২১ জুনলৈ সময় বিচাৰি বুধবাৰে কাৰকাৰডুমা জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন্দ্ৰ বেদীৰ আদালতত আবেদন দাখিল কৰে৷ লক্ষ্যণীয়ভাৱে দিল্লী আৰক্ষীয়ে দেৱাংগনা আৰু দুই সতীৰ্থৰ বণ্ড গ্ৰহণ কৰি কাৰামুক্ত হোৱাৰ ক্ষেত্ৰত কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে অন্যহাতেদি দিল্লী উচ্ছ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়তো বুধবাৰে দ্বাৰস্থ হৈছে দিল্লী আৰক্ষী৷ এক কথাত দিল্লী আৰক্ষীয়ে দেৱাংগনা, নাতাশা আৰু আছিফক দীৰ্ঘ সময়ৰ বাবে কাৰাবন্দী কৰি ৰখাৰ বাবে সকলো ধৰণৰ পৰিকল্পনা কৰিছে৷ অথচ দিল্লী উচ্ছ ন্যায়ালয়ৰ জামিনৰ ৰায়ত দেৱাংগনাহঁতৰ প্ৰতিবাদত সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিব পৰা কোনো তথ্য প্ৰমাণ নাই বুলি স্পষ্ট কৰি দিছে৷ ‘কা’বিৰোধী আন্দোলনৰ অপৰাধত জে এন ইউৰ ছাত্ৰীকেইগৰাকীক কেন্দ্ৰৰ নিৰ্দেশত আক্ৰোশমূলকভাৱে এবছৰ পূৰ্বে গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰাখিলেও মঙলবাৰৰ উচ্ছ ন্যায়ালয়ৰ ৰায়ত দিল্লী আৰক্ষীৰ নগ্ন স্বৰূপ উন্মোচন হোৱাত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱক লৈ দেশজুৰি সমালোচনা হোৱাত যিকোনো প্ৰকাৰে দেৱাংগনাহঁতৰ জামিন নাকচ কৰিবলৈ এতিয়া উঠি-পৰি লগা দেখা গৈছে দিল্লী আৰক্ষীক৷ লক্ষ্যণীয়ভাৱে নিম্ন আদালতত দিল্লী আৰক্ষীয়ে দাখিল কৰা আবেদনৰ শুনানিত চৰকাৰী অধিবক্তাই দেৱাংগনা কলিতাৰ স্থায়ী ঠিকনা পৰীক্ষাৰ বাবে ৰাজধানী এক্সপ্ৰেছত দিল্লী আৰক্ষীয়ে অসমলৈ যাব লাগিব বুলি যুক্তি প্ৰদৰ্শন কৰি ২২ জুনত ঠিকনা পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ বাবে সময় বিচাৰে৷ কিন্তু এই যুক্তিৰ বিপৰীতে ন্যায়াধীশৰ বক্তব্য আছিল– ‘আৰক্ষীৰ ওচৰত সকলো সা-সুবিধা আছে, তেনেস্থলত অসমৰ স্থায়ী ঠিকনা এটা পৰীক্ষা কৰিবলৈ ৰাজধানী এক্সপ্ৰেছৰ বাবে অপেক্ষাৰ প্ৰয়োজন কিয়?’ উল্লেখ্য, নাতাশা নাৰৱালৰ জামিনদাৰ হিচাপে আগবাঢ়ি আহে চি পি আইৰ [এম] সৰ্বভাৰতীয় নেত্ৰী বৃন্দা কাৰাট৷ কিন্তু ইয়াৰ পাছতো জামিনদাৰ বণ্ডৰ তথ্য পৰীক্ষাৰ বাবে বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ বেংকলৈ যাব লাগিব বুলিহে দিল্লী আৰক্ষীয়ে অদ্ভূট যুক্তি দাঙি ধৰিছে৷ অৱশ্যে, দিল্লী আৰক্ষীৰ এই আবেদনৰ শুনানিৰ ৰায় নিম্ন আদালতখনে সংৰক্ষণ কৰি ৰাখিছে৷ ইপিনে, দেৱাংগনাক লৈ গৌৰৱান্বিত বুলি সদৰী কৰিছে দেৱাংগনাৰ পিতৃ-মাতৃয়ে৷ দেৱাংগনাৰ জামিন সন্দৰ্ভত উৎফুল্লিত পিতৃ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ হেমচন্দ্ৰ কলিতা আৰু মাতৃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড॰ কল্পনা ডেকা কলিতাই– দেৱাংগনাৰ মুক্তি দেশৰ গণতন্ত্ৰৰ জয়৷ ইউ এ পি এৰ দৰে ক’লা আইনখনৰ পৰা সহজে মুক্তি পোৱাটো সহজ নাছিল, যদিও আমাৰ আদালতৰ প্ৰতি থকা বিশ্বাসৰ জয় হ’ল৷ কাৰাগাৰতো মানুহৰ ন্যায়ৰ বাবে কাম কৰিছিল দেৱাংগনাই৷ দেৱাংগনা আৰু নাতাশাই কয়দীসকলক ক’ভিড ভেক্‌চিন আৰু ভিডিঅ’ কলৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰি কয়দীসকলৰ অধিকাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷ এবছৰে দেৱাংগনাবিহীন ঘৰখনত শূন্যতা অনুভৱ কৰিছিলোঁ৷ বৰ্তমান ক’ভিডৰ বাবে দিল্লীলৈ যাবলৈ ইচ্ছা আছে যদিও যাব পৰা নাই৷ নিশ্চয়কৈ কাৰাগাৰৰ পৰা ওলালে ভিডিঅ’ কল কৰি তাইৰ সৈতে বাৰ্তালাপ কৰিব পাৰিম৷