Logo
image

এইবাৰ গ্ৰীন ফাংগাছৰ আতংক

আমাৰ অসম, ১৭ জুনঃ প্ৰথমে কৰ’না ভাইৰাছ, তাৰ পাছত ব্লেক ফাংগাছ বা মিউকৰমাইক’ছিছৰ সংক্ৰমণে দেশবাসীক জুৰুলা কৰি থকাৰ সময়তে এইবাৰ গ্ৰীণ ফাংগাছৰ সংক্ৰমণ আৰম্ভ হৈছে৷ মধ্য প্ৰদেশৰ ইন্দোৰত ক’ভিড আক্ৰান্ত এজন ব্যক্তি গ্ৰীণ ফাংগাছৰ দ্বাৰা আক্ৰান্ত হোৱাত আতংকৰ সৃষ্টি হৈছে৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগক এছপাৰগিল’ছিছ সংক্ৰমণ বুলি কোৱা হয়৷ দেশত প্ৰথমবাৰৰ বাবে মধ্য প্ৰদেশত গ্ৰীণ ফাংগাছৰ সংক্ৰমণ ধৰা পৰিছে৷ যিজন ব্যক্তিৰ শৰীৰত গ্ৰীণ ফাংগাছ ধৰা পৰিছে তেওঁৰ বয়স ৩৪ বছৰ৷ ক’ভিডত আক্ৰান্ত হৈ প্ৰায় দুমাহ চিকিৎসালয়ত থকাৰ পাছত তেওঁ কিছুদিন পূৰ্বে ঘৰলৈ উভতিছিল৷ ঘৰত থকা অৱস্থাতে তেওঁ পুনৰ জ্বৰত আক্ৰান্ত হয় আৰু নাকেৰে তেজ ববলৈ ধৰে৷ লগে লগে তেওঁক চিকিৎসাধীন কৰা হয়৷ চিকিৎসকে তেওঁক ব্লেক ফাংগাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিলেও পৰীক্ষাৰ পাছত দেখা যায় এয়া ব্লেক ফাংগাছ নহয় বৰং গ্ৰীণ ফাংগাছহে৷  ইন্দোৰৰ অৰবিন্দ ইনষ্টিটিউট অব্‌ মেডিকেল চায়েন্সৰ হাওঁফাওঁ সংক্ৰমণ বিভাগৰ চিকিৎসক ৰবি দোশীয়ে জনোৱা মতে ৰোগীজনৰ শৰীৰত গ্ৰীণ ফাংগাছে ভয়ংকৰভাৱে সংক্ৰমণ ঘটাইছে৷ গ্ৰীণ ফাংগাছ তেওঁৰ হাওঁফাও, চাইনাছ আৰু ৰক্তলৈ বিয়পি পৰিছে৷ এনে সংক্ৰমণ বিৰল বুলিও চিকিৎসকজনে মন্তব্য কৰিছে৷ আক্ৰান্ত লোকজনক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ স্থানান্তৰিত কৰা হৈছে৷