Logo
image

কাশ্মীৰৰ বাবে উপহাৰ?

আমাৰ অসম, ২০ জুনঃ পুনৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিব পাৰে জম্মু কাশ্মীৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ জুনত ঘাইকৈ জম্মু কাশ্মীৰৰ ৰাজনৈতিক দলসমূহক লৈ এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰাৰ লগে লগে এনে এক সম্ভাৱনা সৃষ্টি হৈছে৷ ইতিমধ্যে জম্মু কাশ্মীৰৰ পিডিপি, নেশ্বনেল কনফাৰেন্সকে ধৰি ৯টাকৈ ৰাজনৈতিক দললৈ কেন্দ্ৰীয় চৰকাৰে অনানুষ্ঠানিক আমন্ত্ৰণ প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা আমন্ত্ৰণৰ কথা সত্য বুলি জনাইছে পিডিপিৰ মুৰব্বী মেহবুবা মুফটিয়ে৷ সৰ্বদলীয় বৈঠকত ১৬ টাৰো অধিক দলে ভাগ লোৱাৰ সুবিধা পাব বুলি কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই দাবী কৰিছে৷ অচিৰেই কেন্দ্ৰই আনুষ্ঠানিকভাৱে ২৪ জুনৰ বৈঠকলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, কেন্দ্ৰীয় চোৰাংচোৱা প্ৰধান অৰবিন্দ কুমাৰ আৰু গৃহ মন্ত্ৰণালয় তথা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু চিআৰপিএফৰ শীৰ্ষ বিষয়াৰ সৈতে জম্মু কাশ্মীৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বদলীয় বৈঠক আহ্বান কৰাৰ ফলতে এনে সম্ভাৱনা উজ্বলি উঠিছে৷ ইয়াৰ পূৰ্বেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যথাসময়ত জম্মু কাশ্মীৰক পুনৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি সংসদৰ অধিৱেশনত মন্তব্য কৰিছিল৷ ধাৰণা কৰা হৈছে আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বেই জম্মু কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাৰ অন্তত মোদী চৰকাৰে তেনে ধৰণৰ এটা ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ সন্মুখত উত্তৰ প্ৰদেশৰ গুৰুত্বপূৰ্ণ বিধানসভাৰ নিৰ্বাচন থকাৰ বাবে এই সিদ্ধান্ত ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে৷ যদিহে সৰ্বদলীয় বৈঠকৰ অন্তত মোদী চৰকাৰে জম্মু কাশ্মীৰক পুনৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা অৰ্পণ কৰে তেন্তে কম দিনৰ ভিতৰতে ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত কৰিব৷ উল্লেখ্য, দ্বিতীয় কাৰ্যকালৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ২০১৯ চনৰ আগষ্টত নৰেন্দ্ৰ মোদী চৰকাৰে জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আৰু ৩৫এ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি বিশেষ মৰ্যাদা বিলোপ কৰিছিল৷ একেলগে জম্মু কাশ্মীৰ আৰু লাডাখক দুভাগত বিভক্ত কৰি দুয়োখনকে পৃথক দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ পৰিৱৰ্তিত কৰিছিল৷ জম্মু কাশ্মীৰৰ বাবে সেয়া আছিল অৱনমন৷ কিয়নো দেশৰ ইতিহাসত পূৰ্ণাংগ ৰাজ্যক ইয়াৰ পূৰ্বে কেতিয়াও কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ পৰিৱৰ্তন ঘটোৱা হোৱা নাছিল৷ অৱশ্যে কেন্দ্ৰীয় শাসিত প্ৰদেশৰ দাবী জনাই থকা লাডাখৰ বাবে সেয়া আছিল উল্লাসৰ কাৰণ৷ এই সিদ্ধান্ত লোৱাৰ কেইদিনমান আগৰে পৰা জম্মু কাশ্মীৰক ৫০,০০০ ৰো অধিক নিৰাপত্তা বাহিনীৰে বেৰি পেলোৱা হৈছিল আৰু সকলো ৰাজনৈতিক দলৰ নেতা-নেত্ৰীক কাৰাবন্দী আৰু গৃহবন্দী কৰা হৈছিল৷ এতিয়াও পিডিপি, নেশ্বনেল কনফাৰেন্সকে ধৰি আগশাৰীৰ আৰু অন্যান্য ৰাজনৈতিক দলসমূহৰ নেতা-নেত্ৰীসকলক গৃহবন্দী কৰি ৰখা হৈছে৷