নতুন প্ৰজাতিক বলে নোৱাৰিব ভেক্চিনে?
দেশত ডেল্টা প্লাছৰ ত্ৰাস
আমাৰ অসম, ২৩ জুনঃ ক’ভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছ ভাইৰাছত ভাৰতত মুঠতে ২২ জন লোক আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে৷ তেওঁলোকে জনোৱা মতে ডেল্টা প্লাছত আক্ৰান্ত ১৬ জনেই মহাৰাষ্ট্ৰৰ৷ বাকী ৬ জন আক্ৰান্ত মধ্য প্ৰদেশৰ বাসিন্দা৷ ক’ভিডৰ এই নতুন প্ৰজাতি বিগত কিছুদিন ধৰি ভাৰতৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ কিয়নো সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থা ‘হু’ৰ এজন শীৰ্ষ বিষয়াই মন্তব্য কৰিছিল যে, ভাইৰাছৰ ডেল্টা প্ৰজাতিৰ সন্মুখত ক্ৰমান্বয়ে প্ৰতিষেধকে শক্তি হেৰুৱাইছে৷ ডেল্টা প্লাছৰ বিৰুদ্ধে সম্প্ৰতি বিশ্বত চলি থকা ক’ভিডৰ প্ৰতিষেধক কাৰ্যকৰী নহ’ব পাৰে বুলি তেওঁ মন্তব্য কৰিছিল৷ ‘হু’ৰ এই বিষয়াজনৰ মন্তব্যই আতংকৰ সৃষ্টি কৰাৰ সময়তে মঙলবাৰে ভাৰতৰ স্বাস্থ্য সচিব ৰাজেশ ভূষণে জনাইছে যে সম্প্ৰতি দেশত চলি থকা দুবিধ প্ৰতিষেধক ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন উভয়ৰে ডেল্টা প্লাছৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষমতা আছে৷ অৱশ্যে সেই ক্ষমতা কিমান আৰু ডেল্টা প্লাছৰ সংক্ৰমণৰ ক্ষেত্ৰত এণ্টিবডী তৈয়াৰ কৰাৰ এই দুই প্ৰতিষেধকৰ কিমান সামৰ্থ আছে সেই বিষয়ে এতিয়াও কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ হোৱা নাই বুলিও ৰাজেশ ভূষণে মন্তব্য কৰে৷ উল্লেখ্য, দেশৰ বিভিন্ন অংশত আনল’ক আৰম্ভ হোৱাৰ সময়ত ‘মিউটেছন’ৰ জৰিয়তে নতুন ৰূপ লোৱা ক’ভিডৰ ডেল্টা প্লাছ ভাইৰাছৰ প্ৰজাতি ভয়ংকৰ হৈ উঠিব পাৰে৷ ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌত ব্যাপকভাৱে সংক্ৰমণ সংঘটিত কৰিছিল ডেল্টা প্ৰজাতিয়ে, যাৰ বৈজ্ঞানিক নাম B.1.617.2৷ এই ডেল্টা প্ৰজাতিয়ে দেশজুৰি দ্বিতীয় ক’ভিড ঢৌৰ সৃষ্টি কৰি সংহাৰ চলাই থকাৰ সময়তে ভাৰতত ক’ভিডৰ ভাইৰাছে পুনৰ চৰিত্ৰ সলনি কৰি বা মিউটেছনৰ জৰিয়তে আৰু এটা নতুন ৰূপ ধাৰণ কৰিছে, যাৰ নাম ডেল্টা প্লাছ বা K417N৷ এই নতুন প্ৰজাতি অনাগত দিনত অতিশয় উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে, যদিহে দেশবাসীয়ে আগ্ৰাসীভাৱে ক’ভিড বিধি অৱলম্বন নকৰে আৰু দেশৰ সকলো নাগৰিককে টিকাকৰণ কৰা নহয়৷ ডেল্টা প্ৰজাতি প্ৰথমে পোৱা গৈছিল মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত৷ প্ৰথমাৱস্থাত এই প্ৰজাতিক লৈ দেশৰ চৰকাৰ, বিজ্ঞানী কোনোৱেই সিমান উদ্বিগ্ন হোৱা নাছিল৷ কিন্তু কেইসপ্তাহমানৰ ভিতৰতে ডেল্টা প্ৰজাতিৰ ভাইৰাছ দেশক চুকে-কোণে বিয়পি পৰে আৰু অভূতপূৰ্ব সংহাৰৰ সৃষ্টি কৰে৷ এতিয়া ধাৰণা কৰা হৈছে, ডেল্টা প্ৰজাতিক লৈ প্ৰথমেই সাৱধানতা অৱলম্বন কৰা হ’লে দ্বিতীয় ঢৌত ভাৰত এনেদৰে চাৰখাৰ নহ’লহেঁতেন৷ এই পৰিস্থিতি বিশ্লেষণ কৰিয়েই এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই ডেল্টা প্লাছক লৈ যথেষ্ট উদ্বিগ্নতা আৰু চিন্তাৰ কাৰণ আছে বুলি মন্তব্য কৰিছে৷ এনে সময়তে ২২জন লোক ডেল্টা প্লাছৰ দ্বাৰা সংক্ৰমিত হোৱাত উদ্বিগ্নতা অধিক বৃদ্ধি পাইছে৷
তাৎপৰ্যপূৰ্ণ, ডেল্টা প্লাছ প্ৰজাতি যোৱা মাৰ্চতে ধৰা পৰিলেও ভাৰতত ইয়াৰ পৰ্যাপ্তভাৱে ‘জেন’ম ছিকুৱেন্স’ কৰা হোৱা নাই৷ তদুপৰি নীতি আয়োগৰ স্বাস্থ্য বিষয়ক বিভাগৰ সদস্য ডাঃ ভি কে পালে ডেল্টা প্লাছ বিশেষ উদ্বিগ্নতাৰ কাৰণ নহয় বুলি মন্তব্য কৰিছিল৷ একেদৰেই দিল্লীৰ চিএছআইআৰ ইনষ্টিটিউট অৱ জেন’মিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়’লজি’ৰ সঞ্চালক অনুৰাগ আগৰৱালেও ডেল্টা প্লাছ উদ্বিগ্নতাৰ কাৰণ নহয় বুলি মন্তব্য কৰিছিল৷ দেশত ডেল্টা প্লাছৰ পৰ্যাপ্ত ‘জেন’ম ছিকুৱেন্স’ নৌহওঁতেই এই দুজন বিশিষ্ট স্বাস্থ্য বিজ্ঞানীয়ে কৰা আগতীয়া এই মন্তব্যই দেশক বিপদৰ মুখলৈ ঠেলি নিব পাৰে৷
এই দুই স্বাস্থ্য বিজ্ঞানীৰ বক্তব্যৰ বিপৰীতে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই ডেল্টা প্লাছ দেশৰ বাবে চিন্তাৰ কাৰণ বুলি কৰা মন্তব্যত আশংকাৰ সৃষ্টি হৈছে৷ এই প্ৰজাতি ইতিমধ্যে ‘হু’-লৈ প্ৰেৰণ কৰা হৈছে আৰু ‘হু’ৱে ডেল্টা প্লাছ সন্দৰ্ভত কোনো তথ্য এতিয়াও প্ৰকাশ কৰা নাই৷ আনহাতে দেশতো ইয়াৰ ব্যাপক পৰীক্ষা-নিৰীক্ষা হোৱা নাই৷ সেয়ে ডেল্টা প্লাছক লৈ প্ৰাৰম্ভিকভাৱে দেশবাসী সাৱধান হোৱাৰ বিকল্প নথকা বুলিয়েই মন্তব্য কৰিছে গুলেৰিয়াই৷ মূলতঃ দেশৰ বিভিন্ন অংশত আনল’ক আৰম্ভ হোৱাৰ বাবে এতিয়া ডেল্টা প্লাছেই দেশবাসীৰ বাবে চৰম উদ্বেগৰ কাৰণ হৈ পৰিছে৷
ৰণদীপ গুলেৰিয়াই ভাৰতত ক’ভিডৰ তৃতীয় ঢৌ অনিবাৰ্য বুলি মন্তব্য কৰিছিল৷ তেওঁৰ মতে ৬-৮ সপ্তাহৰ ভিতৰত ভাৰতক তৃতীয় ঢৌৱে আঘাত কৰিব৷ ঘাইকৈ আংশিক আনল’ক আৰম্ভ হোৱাৰ লগে লগে যি হাৰত মানুহ ঘৰৰ বাহিৰলৈ ওলাই আহিছে সিয়েই সহজে তৃতীয় ঢৌ মাতি আনিব৷ আনল’ক আৰম্ভ কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহে ৫ টা পৰ্যায়ৰ কৌশল অৱলম্বন কৰিবই লাগিব বুলি তেওঁ মন্তব্য কৰে৷ ইয়াৰ ভিতৰত ক’ভিড বিধি আগ্ৰাসীভাৱে পালন, টেষ্ট, ট্ৰেক এণ্ড ট্ৰিট আৰু টিকাকৰণ অত্যাৱশ্যকীয়৷ যিহেতু অহা ৬-৮ সপ্তাহৰ ভিতৰত দেশৰ ৭০ শতাংশ নাগৰিকক টিকাকৰণ সম্ভৱ নহয়, সেয়ে তৃতীয় ঢৌ অনিবাৰ্য বুলি দাবী কৰে তেওঁ৷






