Logo
image

মোদীৰ বিকল্প মমতা!

আমাৰ অসম, ২৩ জুনঃ বৰ্ষীয়ান ৰাজনীতিবিদ শাৰদ পাৱাৰৰ নেতৃত্বত মঙলবাৰে তেওঁৰ বাসগৃহত বিজেপি বিৰোধী তৃতীয় বিকল্পৰ সন্ধানত এখন বৃহৎ ৰাজনৈতিক বৈঠক অনুষ্ঠিত হয়৷ মুঠতে ১৫ টা ৰাজনৈতিক দলে এই বৈঠকত ভাগ লোৱাৰ কথা আছিল যদিও ৮টা দলেহে অংশ লয়৷ শাৰদ পাৱাৰৰ এনচিপিৰ উপৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ, অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী আৰু বাওপন্থী দলে এই বৈঠকত ভাগ লয়৷ বৈঠক আহ্বান হোৱাৰ সময়ৰ পৰাই এয়া শাৰদ পাৱাৰৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে প্ৰশান্ত কিশোৰৰ ৰণকৌশলত তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ বুলি চৰ্চা হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে আঠটাকৈ ৰাজনৈতিক দলে ভাগ লোৱা সত্ত্বেও বৈঠকৰ অন্তত শাৰদ পাৱাৰে এয়া অৰাজনৈতিক বৈঠক বুলি মন্তব্য কৰে৷ শাৰদ পাৱাৰে এনেদৰে মন্তব্য কৰিলেও তেওঁ প্ৰশান্ত কিশোৰৰ সৈতে এই বৈঠকৰ পূৰ্বে দুবাৰকৈ আলোচনাত বহিছে আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে কিদৰে এটা সবল মৰ্চা গঠন কৰিব পাৰি সেই সন্দৰ্ভত দুয়ো বিস্তৃত আলোচনা কৰিছে৷ এবাৰ মুম্বাই আৰু দহ দিনৰ বিৰতিত দিল্লীত দ্বিতীয়বাৰ বৈঠকৰ পাছত এসময়ৰ বিজেপিৰ নেতা যশৱন্ত সিনহাৰ নামত এই বৈঠকলৈ কংগ্ৰেছক বাদ দি দেশৰ প্ৰায় সকলো বিৰোধী নেতাক আমন্ত্ৰণ জনোৱা হৈছিল৷ মুঠতে পোন্ধৰটা ৰাজনৈতিক দল এই বৈঠকত উপস্থিত থাকিব বুলি ভাবিলেও কাৰ্যতঃ দেখা গ’ল আঠটা দলৰ নেতাহে বৈঠকত উপস্থিত থাকিল৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনক লক্ষ্য কৰি এই বৈঠক অনুষ্ঠিত কৰা বুলি চৰ্চা হ’লেও তাৰ পৰা কংগ্ৰেছক বাহিৰত ৰখাটোৱে উদ্দেশ্য সফল নকৰিব বুলি ৰাজনৈতিক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে৷ মমতা বেনাৰ্জীৰ নেতৃত্বক লৈ সকলো উৎসাহী হৈ থাকিলেও কংগ্ৰেছ অবিহনে এই মৰ্চা সফল নহ’ব বুলিয়েই অধিকাংশৰ মত৷ তাৎপৰ্যপূৰ্ণভাৱে শাৰদ পাৱাৰৰ উপৰি প্ৰশান্ত কিশোৰেও এয়া তৃতীয় মৰ্চা গঠনৰ প্ৰচেষ্টা নহয় বুলি মন্তব্য কৰিছে৷ প্ৰশান্ত কিশোৰৰ মতে এতিয়া বিজেপিৰ যি শক্তি, তেওঁলোকৰ বিৰুদ্ধে তৃতীয়, চতুৰ্থ মৰ্চা গঠন কৰি কোনো লাভ নাই৷ এনে মন্তব্য সত্ত্বেও অৱশ্যে শাৰদ পাৱাৰৰ বাসভৱনত মঙলবাৰে বহুচৰ্চিত বৈঠকখন হৈ যায়৷