Logo
image

উলংগ শৰীৰৰ বিতৰ্কত তছলিমা বনাম ইমৰান

আমাৰ অসম, ২৪ জুনঃ ইমৰান খানৰ শৰীৰৰ উৰ্ধ্বাংশ অনাবৃত এখন ফটোৱে ’৮০ৰ দশকত অলেখ সুন্দৰীৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছিল৷ তৰ্কাতীতভাৱে ইমৰান খান আছিল তেতিয়া বিশ্বৰ সৰ্বাধিক যৌন আবেদনময় পুৰুষ৷ ’৯০ৰ দশকত মেল গিব্‌ছনে প্ৰথমে ‘ছেক্সিয়েষ্ট মেল এলাইভ’ খিতাপ লাভ কৰিছিল৷ তাৰ পূৰ্বেই চেলুলয়ডত বিশ্বৰ সৰ্বাধিক যৌন আবেদনময় পুৰুষ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল জৰ্জ মাইকেল আৰু দুই-একে৷ কিন্তু খেলপথাৰত দৈহিক সৌন্দৰ্য আৰু পুৰুষালি চেহেৰাৰে ইমৰান খান আছিল অবিসম্বাদী সম্ৰাট৷ কেৱল বিষাক্ত ইনছুইং বলেৰে বিশ্বত্ৰাস বেটছমেনক কাবু কৰিয়েই ইমৰান খানৰ পৰা কিং খানলৈ উত্তৰণ ঘটা নাছিল, খেলপথাৰৰ বাহিৰতো অলেখ ৰূপহীক নিজৰ আবেদনময় শৰীৰেৰে মোহাবিষ্ট কৰি ৰাখিও তেওঁ হৈ পৰিছিল বিশ্বৰ ‘ছেক্সিয়েষ্ট মেল এলাইভ’৷ বলীউডী ললনাৰ পৰা হলীউডলৈকে, লাহোৰৰ পৰা লৰ্ডছলৈ কত সুন্দৰী ইমৰান খানৰ সংগসুখৰ বাবে ব্যাকুল হৈছিল। ইমৰান খানেওৰেখাৰ পৰা জিনৎ আমন, শ্বাবানা আজমীৰ পৰা মুনমুন সেন– কাকো তেওঁৰ সান্নিধ্যৰ পৰা বিমুখ কৰা নাছিল, প্ৰত্যেকেই পাইছিল কিং খানৰ গোপন সাহচৰ্য৷ কিন্তু এতিয়া আৰু সেই ৰামো নাই, অযোধ্যাও নাই– এনেদৰেই সকলো ইমৰানপ্ৰেমী এটা নিশ্চিত সাৰাংশলৈ আহিছিল৷ ইমৰান এতিয়া যুৱকো নহয়, অক্সফ’ৰ্ড ফেৰৎ ‘চাহাবো’ নহয়৷ বয়সত পৌঢ়, পাঠান চ্যুতেৰে অতি-পাকিস্তানী চেহেৰাৰ ইমৰান খান এখন দেশৰ প্ৰধানমন্ত্ৰী, পাকিস্তানৰ ৰাষ্ট্ৰপ্ৰধান৷ কিন্তু তেনে অৱস্থাতো ইমৰান খানৰ সেইখন ফটোৱে পুনৰ মিডিয়াত চাইক্ল’ন আনিছে, যিখন ফটোত কিংখান বহি আছে ক্ৰিকেট ফিল্ডৰ বাহিৰত, খুউব সম্ভৱতঃ ড্ৰেছিংৰূমৰ সন্মুখত৷ উৰ্ধ্বাংশ অনাবৃত্ত৷ প্ৰশস্ত কান্ধ, ৰোমশ বুকু আৰু এমুৰ চুলি, ঈষৎ গুলপীয়া ওঁঠ আৰু আক্ষৰিকভাৱেই যৌন আবেদনপূৰ্ণ দৃষ্টি৷ তাহানিৰ সেই বিখ্যাত ফটোখন নিজৰ টুইটাৰ হেণ্ডলত আপলোড কৰিছে বিতৰ্কিত বাংলাদেশী সাহিত্যিক তছলিমা নাছাৰিণে৷ তছলিমাই ফটোখন দি লিখিছে– ‘পুৰুষে যদি স্বল্প পোছাক পিন্ধে, তাত নাৰীৰ মনো চঞ্চল হ’ব পাৰে, যদিহে নাৰীগৰাকী ৰবট নহয়৷’ তছলিমাৰ এই প’ষ্টে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে, চাইক্ল’ন আনিছে ইমৰানৰ ফটোখনে৷ ততোধিক ভাইৰেল হৈ পৰিছে তছলিমাৰ এই মন্তব্য৷ নাৰীবাদী বিতৰ্কিত লেখিকা তছলিমাই হঠাতে ইমৰানৰ এই ফটোখন আপলোড কৰি এনে ‘কমেণ্ট’ কিয় দিবলগীয়া হ’ল– সেয়া খুছৰি নেটিজেনে ইণ্টাৰনেট তল-ওপৰ কৰিছে৷ লাখ লাখ বাৰ এই প’ষ্ট পৰীক্ষা কৰিছে অনুৰাগীয়ে৷ তছলিমাৰ এই প’ষ্টৰো এটা সাম্প্ৰতিক মন্তব্যৰ সৈতে সম্পৰ্ক আছে, যি বিতৰ্কিত মন্তব্য কৰিছিল স্বয়ং ইমৰান খানে৷ পাক-প্ৰধানমন্ত্ৰী ইমৰানক ‘জবাব’ দিবলৈকে তছলিমাই খুছৰি উলিয়াইছে কিং খানৰ সেই বহুচৰ্চিত ফটোখন, যিখন ফটোৱে এসময়ত আলোচনীৰ পাতত তুলিছিল অঘোষিত চাইক্ল’নৰ ফেনিল ধুমুহা৷ মাথোঁ কেইদিনমান পূৰ্বে পাক-প্ৰধানমন্ত্ৰী ইমৰান খানে এটা বিতৰ্কিত প’ষ্ট দিছিল নাৰীৰ সাজ-পোছাক আৰু নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ প্ৰসংগক লৈ৷ নাৰীক পুৰুষে বলাৎকাৰ কৰাৰ ঘটনাৰ বাবে ইমৰান খানে নাৰীৰ সাজ-পোছাকৰ শালীনতা-অশালীনতাক দায়বদ্ধ কৰিছিল৷ ইমৰানে কৈছিল– ‘স্বল্পবাস নাৰীক দেখিলে পুৰুষৰ মন চঞ্চল হোৱাই স্বাভাৱিক, যদিহে পুৰুষজন ৰবট নহয়৷’ তাৰেই উত্তৰ দিলে তছলিমা নাছৰিনে, ঠিক একেই সুৰত৷ এটা প’ষ্টেৰে তছলিমাই খুছৰি উলিয়ালে এসময়ৰ ‘প্লেবয়’ ইমৰান খানৰ নাৰীৰ প্ৰতি থকা কিলাৰ ইনষ্টিক্ট, যি আজিকোপতি অম্লান৷ অন্ততঃ তছলিমা নাছৰিণৰ প’ষ্টে তাকেই কৈছে৷