Logo
image

নুছৰতৰ সাংসদ পদ খাৰিজৰ দাবীৰে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ বিজেপি সাংসদৰ

আমাৰ অসম, ২৪ জুনঃ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ নুছৰত জাহানৰ সংসাৰত আউল লগা কথাটোৱে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰিছে আৰু বিষয়টো এতিয়া লোকসভাৰ মজিয়া পাইছেগৈ৷ স্বামী নিখিল জৈনৰ সৈতে নুছৰতৰ সংসাৰ ভংগ হোৱাৰ লগতে অভিনেতা যশ দাসগুপ্ত সৈতে নুছৰতৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আৰু তেওঁৰ গৰ্ভৰ সন্তানৰ পিতৃ কোন, তাকে লৈ ছ’চিয়েল মিডিয়া তোলপাৰ লাগিছে৷ সততে আন কথাত মাত মাতি অহা সাংসদ নুছৰতে এই বিতৰ্কৰ সময়ত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰাটোৱে সকলোকে আচৰিত কৰি তুলিছে৷ তেনে সময়তে বিজেপিৰ এগৰাকী সংসদ সংঘমিত্ৰা মৌৰ্যই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখি নুছৰতৰ সংসদ পদ খাৰিজ কৰিবলৈ আহ্বান জনাইছে৷ ফলত বিপদত পৰিব পাৰে তৃণমূলৰ সাংসদগৰাকী৷ বিজেপিৰ সাংসদ সংঘমিত্ৰাই উক্ত পত্ৰত নুছৰতজাহানৰ বিৰুদ্ধে মৰ্যাদা-হানি কৰা আচৰণৰ অভিযোগ আনিছে৷ সংঘমিত্ৰাৰ মতে লোকসভাৰ সদস্য হিচাপে শপত লোৱাৰ সময়ত নুছৰত জাহানে তেওঁৰ নাম ‘নুছৰত জাহান ৰুহী জৈন’ বুলি উচচাৰণ কৰিছিল৷ আনকি লোকসভাৰ ৱেবছাইটতো নুছৰতৰ স্বামীৰ নাম নিখিল জৈন বুলি লিখা আছে৷ নুছৰত- নিখিলৰ বিয়াৰ অভ্যৰ্থনাত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও উপস্থিত আছিল৷ কিন্তু এতিয়া নুছৰতে স্বামীৰ সৈতে হোৱা বিবাহ ভাৰতত ‘অবৈধ’ বুলি কৈ ভাৰতীয় সমাজ ব্যৱস্থাক অপমান কৰিছে৷ উল্লেখ্য, নুছৰতে অলপতে ঘোষণা কৰিছিল যে নিখিল জৈনৰ সৈতে তুৰস্কত হোৱা বিয়া ভাৰতত বৈধ নহয়৷ গতিকে দুয়ো স্বামী-স্ত্ৰী নহয়৷ এনে মন্তব্য কৰি নুছৰতে মৰ্যাদা-হানিকৰ আচৰণ কৰাৰ লগতে জনতাকো অপমানিত কৰা বুলি বিজেপিৰ সাংসদগৰাকীয়ে অভিযোগ কৰে৷