ৰাষ্ট্ৰপতিৰ দৰমহা শিক্ষকতকৈও কম! বিতৰ্কত ক’বিন্দ
আমাৰ অসম, ৩০ জুনঃ মাথোঁ এদিন পূৰ্বে যোগাসন কৰি ক’ভিডৰ অতিমাৰী প্ৰতিৰোধ কৰিব পাৰি বুলি বিতৰ্কিত মন্তব্য কৰা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে আজি তেওঁৰ দৰমহা কম বুলি দুখ কৰিছে৷ কেৱল সেয়াই নহয় বিদ্যালয়ৰ শিক্ষকতকৈও তেওঁ কমকৈ দৰমহা পায় বুলি ৰাজহুৱা অনুষ্ঠানত মন্তব্য কৰি তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে৷ কৰ প্ৰদান কৰোতেই তেওঁৰ দৰমহাৰ ৫৫ শতাংশ খৰচ হৈ যায় আৰু বাকী যিখিনি থাকে সেয়া তেওঁ চলিবৰ বাবে যথেষ্ট নহয় বুলি বিভ্ৰান্তিকৰ মন্তব্য কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে৷ ৰাষ্ট্ৰপতিৰ মতে তেওঁ ৫ লাখ টকা মাহিলি দৰমহা পায় যদিও তাৰ ২,৭৫০০০ টকা কৰ হিচাপে আদায় দিয়ে৷ তাৰ পিছত যিমানখিনি টকা বাচে সেয়া চৰকাৰী বিষয়া বাদেই, শিক্ষকেও তেওঁতকৈ বেছি দৰমহা পায় বুলি ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰিছে৷
দুদিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণৰ বাবে গৈ কানপুৰৰ কিঞ্চক ৰেল ষ্টেচনত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে৷ তাত তেওঁ নাগৰিকৰ দায়িত্ববোধ সম্পৰ্কে বুজাবলৈ গৈ নিজৰ বেতনৰ প্ৰসংগ টানি আনে৷ ইয়াৰ পিছতেই আৰম্ভ হয় তেওঁৰ বিতৰ্কিত মন্তব্য৷ তেওঁ কয়– ‘আপোনালোকে জানে ৰাষ্ট্ৰপতি দেশৰ সৰ্বোচ্ছ বেতনপ্ৰাপ্ত ব্যক্তি৷ কিন্তু ৰাষ্ট্ৰপতিয়ে কৰো প্ৰদান কৰে৷ মাহে ২,৭৫০০০ টকা মই কৰ দিও৷ অনেকেই ক’ব পাৰে যে, আপোনাৰ দৰমহাওটো পাঁচ লাখ টকা৷ কিন্তু তাৰ পৰাই মই এই বৃহৎ পৰিমাণৰ কৰ আদায় দিলে বাচি থাকে কিমান? কৰ দিয়াৰ পিছত মোৰ দৰমহাৰ যিমান টকা বাচি থাকে তাতকৈ বহু চৰকাৰী বিষয়াই বেছি আয় কৰে৷ যিসকল শিক্ষক ইয়াত বহি আছে তেওঁলোকেই সকলোতকৈ বেছি টকা পায়৷’
স্বাভাৱিকভাৱেই ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ এই মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ কিয়নো আইন অনুযায়ী দেশৰ সৰ্বোচ্ছ পদাধিকাৰী ৰাষ্ট্ৰপতিৰ দৰমহা কৰৰ আওতাত নপৰে৷ অৱশ্যে ৰাষ্ট্ৰপতিয়ে বেতন হিচাপে পায় নে ভাট্টা হিচাপে পায় সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই৷ এই বিষয়টো লৈ আয়কৰ আইনতো স্পষ্টভাৱে একো উল্লেখ নাই৷ সেয়েহে ৰাষ্ট্ৰপতিৰ বেতনৰ ওপৰত কৰ আছে নে নাই সেই বিষয়টো লৈ সন্দেহ আছে৷ ১৯৬১ চনৰ ‘ভলণ্টিয়াৰী ছাৰেণ্ডাৰ অৱ চেলাৰিজ’ আইন অনুসৰি ৰাষ্ট্ৰপতিয়ে যদি তেওঁৰ দৰমহা ‘কনছলিডেটেড ফাণ্ড অৱ ইণ্ডিয়া’ত জমা কৰে তেন্তে তেওঁ কৰৰ আওতাত নপৰে৷ অৱশ্যে, ৰাষ্ট্ৰপতিয়ে বিভিন্ন ধৰণেৰে বৃহৎ পৰিমাণৰ চৰকাৰী সাহায্য লাভ কৰে৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আজীৱন বিনামূল্যে স্বাস্থ্য আৰু আৱাসৰ সেৱা লাভ কৰে৷ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থকাৰ সময়ত ৰাইছিনা হিলছৰ কোনো খৰচেই ৰাষ্ট্ৰপতিয়ে কৰিব নালাগে৷ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ৰাষ্ট্ৰপতি ভৱনৰ বাবেবছৰি দুশ কোটিকৈ টকা আৱণ্টন দিয়া হয়৷ তাৰ পৰাই ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত সকলোৱে ভাট্টা লাভ কৰে৷ তদুপৰি ৮০ কোটি টকা পৃথকভাৱে ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰীৰ ভাট্টাৰ বাবে ৰখা হয়৷ উল্লেখ্য, ২০২০ চনত দেশত কৰ’না অতিমাৰীৰ আবিৰ্ভাৱ হোৱাৰ পাছত ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে এবছৰৰ বাবে তেওঁৰ দৰমহাৰ ৩০ শতাংশ ক’ভিড পুঁজিৰ বাবে দান দিয়াৰ কথা ঘোষণা কৰিছিল৷ এতিয়া ৰাষ্ট্ৰপতিৰ এই বিতৰ্কিত মন্তব্যৰ পাছত তেওঁ প্ৰকৃততে ৰাষ্ট্ৰপতিৰ দৰমহা বৃদ্ধি কৰাৰ বিষয়ে ইংগিত দিছে নেকি, সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে৷