Logo
image

কাৰ্যালয়ত সহযোগীক চুম্বন কৰি মন্ত্ৰিত্ব গ’ল ব্ৰিটিছ স্বাস্থ্যমন্ত্ৰীৰ

আমাৰ অসম, ৩০ জুনঃ কৰ’নাৰ ত্ৰাসৰ মাজতো ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰীয়ে নিজৰ কাৰ্যালয়ত ৰোমাঞ্চ কৰিবলৈ ভয় কৰা নাছিল৷ কৰ’না কালত কাৰ্যালয়ৰ এগৰাকী সহযোগীক ওঁঠত চুম্বন কৰি ৰোমাঞ্চ কৰি থকা অৱস্থাৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তেওঁৰ পদত্যাগৰ দাবী উঠিছিল৷ প্ৰবল দাবীৰ ওচৰত হাৰ মানি অৱশেষত স্বাস্থ্যমন্ত্ৰী মেট হেংককে পদত্যাগ কৰিবলৈ বাধ্য হয়৷ শনিবাৰে তেওঁ পদত্যাগ কৰে৷ ৪২ বছৰীয়া স্বাস্থ্যমন্ত্ৰী মেট হেংককে প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে৷ উল্লেখ্য, কৰ’না ভাইৰাছে ব্ৰিটেইনত ত্ৰাস অব্যাহত ৰাখিছে৷ কৰ’না ভাইৰাছ আৰম্ভ হোৱাৰ পিছৰে পৰাই ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰীজনে ইয়াৰ বিৰুদ্ধে যুঁজাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল৷ তেওঁ টেলিভিছন আৰু ৰেডিঅ’ৰ জৰিয়তে দেশৰ জনতাক আহ্বান জনাই আহিছিল ক’ভিড নীতি মানি চলিবলৈ আৰু এয়া নামানিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দি আহিছিল৷ কিন্তু নিজে বিবাহিত হৈও কাৰ্যালয়ত ক’ভিড বিধি ভংগ কৰি সহযোগী মহিলাক চুম্বন কৰি ৰোমাঞ্চত ব্যস্ত থাকে তেওঁ৷ গতিকে জনতাক ক’ভিড বিধি মানিবলৈ সকীয়নি দি নিজে গোপনে ক’ভিড বিধি ভংগ কৰা মন্ত্ৰীজনৰ পদত্যাগৰ দাবী উঠে৷ গতিকে জনতাৰ দাবীৰ ওচৰত হাৰ মানি তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়৷ তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে৷ তেওঁৰ পদত্যাগ জনছন চৰকাৰৰ বাবে ডাঙৰ আঘাত৷ কাৰণ বিগত দিনবোৰত তেওঁৰ চৰকাৰ বিভিন্ন বিবাদত সোমাই পৰিছে৷ দুৰ্নীতি, গোপন বিত্তীয় ব্যৱস্থাৰ পৰা আৰম্ভ কৰি যৌন কেলেংকাৰীতো জনছন চৰকাৰৰ মন্ত্ৰী জড়িত হৈ পৰিছিল৷