কল্পনা চাওলাৰ পাছত ভাৰতীয় মূলৰ শিৰিষা মহাকাশলৈ
আমাৰ অসম, ৪ জুলাইঃ কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছৰ পাছত তৃতীয় গৰাকী ভাৰত বংশোদ্ভৱ যুৱতী শিৰিষা বান্দলাই মহাকাশচাৰীৰ মৰ্যাদা লাভ কৰাটো নিশ্চিত হৈছে৷ অহা ১১ জুলাইত মহাকাশলৈ যাত্ৰা কৰিবলগীয়া ভাৰ্জিন গেলেক্টিক নামৰ মহাকাশ অভিযানত মুঠ পাঁচগৰাকী অভিযাত্ৰীৰ মাজত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ এইগৰাকী যুৱতীয়ে৷ ৩৪ বছৰ বয়সীয়া শিৰিষাৰ জন্মও হৈছিল ভাৰতত আৰু তেওঁৰ বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষাও ভাৰততে৷ এৰ’ন’টিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম তেওঁ সম্পূৰ্ণ কৰিছিল অন্ধ্ৰ প্ৰদেশৰ পুৰ্ডু বিশ্ববিদ্যালয়ৰ পৰা৷ শিৰিষাৰ জন্ম অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰত৷ পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ হিউষ্টনলৈ যায় আৰু জৰ্জটাউন বিশ্ববিদ্যালয়ৰ পৰা এমবিএ-ৰ ডিগ্ৰী অৰ্জন কৰে৷ বিজিনেছ মেনেজমেণ্টৰ ডিগ্ৰী ল’লেও শিৰিষাই কাম আৰম্ভ কৰে ভাৰ্জিন গেলেক্টিকৰ এৰ’স্পেচ ইঞ্জিনিয়াৰ হিচাপে আমেৰিকাৰ টেক্সাছত৷ পৰৱৰ্তী সময়ত তেওঁ গেলেক্টিকৰ উপাধ্যক্ষৰ দায়িত্বলৈ পদোন্নতি লাভ কৰে আৰু কমাৰ্চিয়েল স্পেচ ফ্লাইটৰ নীতি-নিৰ্ধাৰণৰ কামত মনঃসংযোগ স্থাপন কৰে৷ অৱশেষত তেওঁ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হয়৷ উল্লেখযোগ্য যে, কল্পনা চাওলা আৰু শিৰিষা দুয়োৰে জন্ম ভাৰতত আৰু তেওঁলোকৰ শিক্ষা-দীক্ষাৰ এটা অংশও ভাৰততে সম্পন্ন হৈছে৷ ইয়াৰ বিপৰীতে সুনীতা উইলিয়ামছ ভাৰতীয় মূলৰ হ’লেও তেওঁৰ জন্ম আৰু শিক্ষা-দীক্ষা আমেৰিকাত৷ এই তিনি মহাকাশচাৰীৰ উপৰি ৰাকেশ শৰ্মাই ভাৰতীয় হিচাপে প্ৰথমবাৰৰ বাবে মহাকাশলৈ যোৱাৰ সৌভাগ্য অৰ্জন কৰিছিল৷