Logo
image

মহাকাশলৈ যাব ৮২ বছৰীয়া বৃদ্ধা ওৱালি ফাংক

আমাৰ অসম, ৪ জুলাইঃ ৮২ বছৰ বয়সত স্বপ্নপূৰণ হ’বলৈ ওলাইছে এগৰাকী বৃদ্ধাৰ৷ নাম তেওঁৰ ওৱালি ফাংক৷ অশীতিপৰ এই বৃদ্ধাগৰাকীয়ে অহা ২০ জুলাইত মহাকাশ অভিমুখে যাত্ৰা কৰিব৷  মহাকাশ যাত্ৰাকালত তেওঁৰ সহযাত্ৰী হ’ব ধনকুবেৰ জেফ বেজোছ আৰু তেওঁৰ ভ্ৰাতৃ৷ উল্লেখ্য যে আজিৰ পৰা ষাঠি বছৰ পূৰ্বে মহাকাশ যাত্ৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ওৱালি ফাংকে৷ কিন্তু সেই সময়ত ‘নাছা’ আৰু মাৰ্কিন কংগ্ৰেছে মহিলাসকলৰ মহাকাশ¸ যাত্ৰাত অনুমতি প্ৰদান কৰা নাছিল৷ যাৰ বাবে প্ৰয়োজনীয় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো এইগৰাকী অত্যুৎসাহী ওৱালি ফাংকৰ মহাকাশ যাত্ৰা সম্ভৱ হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ ধনকুবেৰ জেফ বেজোছৰ প্ৰতিষ্ঠান ব্লু-অৰিজিনে বাণিজ্যিকভাৱে মহাকাশ ভ্ৰমণ আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ ইয়াৰে অংশৰূপে অহা ২০ জুলাইত জেফ বেজোছ আৰু তেওঁৰ ভ্ৰাতৃয়ে মহাকাশ যাত্ৰা কৰাৰ বাবে সাজু হৈছে৷ এই মহাকাশ যাত্ৰাকালত বেজোছ আৰু তেওঁৰ ভ্ৰাতৃয়ে সহযাত্ৰী হিচাপে ল’বলৈ ওলাইছে ৮২ বছৰীয়া বৃদ্ধা ওৱালি ফাংকক৷