Logo
image

অলিম্পিকত ধবজাবাহক হ’ব মেৰী কম

আমাৰ অসম, ৬ জুলাইঃ টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ পতাকা বহন কৰিব ৬ বাৰৰ বিশ্ব চেম্পিয়ন বলাৰ এম চি মেৰী কম আৰু জাতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে৷ টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অহা ২৩ জুলাইত হ’বলগীয়া খেলুৱৈৰ মাৰ্চপাষ্টত মেৰী কম অৰু মনপ্ৰীতক ভাৰতীয় দলৰ হৈ এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে৷ আনহাতে, টকিঅ’ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা কঢ়িয়াব বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা বজৰং পুনিয়াই৷ সামৰণি অনুষ্ঠান ৮ আগষ্টত অনুষ্ঠিত হ’ব৷ সোমবাৰে ভাৰতীয় অলিম্পিক সংস্থাই এই তিনিগৰাকী ধবজাবাহকৰ নাম ঘোষণা কৰে৷ ভাৰতীয় দলটোত মুঠতে ১২৬জন প্ৰতিযোগী আৰু ৭৫জন কৰ্মকৰ্তা থাকিব৷ সেই অনুসৰি টকিঅ’ অলিম্পিকগামী ভাৰতীয় দলৰ মুঠশক্তি হ’ব ২০১জনীয়া৷ ২০১২ চনৰ লণ্ডন অলিম্পিকৰ মহিলাৰ ব্ৰঞ্জৰ পদক বিজয়ী মেৰী কমক দলৰ ধবজাবাহকৰ দায়িত্ব প্ৰদান কৰাতো মণিপুৰ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই সন্মানৰ বিষয় হিচাপে গণ্য কৰা হৈছে৷