মোদী কেবিনেটত ৪২% অভিযুক্ত, ৯০% কোটিপতি
আমাৰ অসম, ১১ জুলাইঃ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ৪২ শতাংশ মন্ত্ৰীয়েই অপৰাধৰ গোচৰত অভিযুক্ত৷ শেহতীয়াকৈ কৰা সম্প্ৰসাৰণৰ পাছত মুঠতে ৭৮ জন মন্ত্ৰীৰে এতিয়া নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ ৰূপ প্ৰায় পূৰ্ণাংগ৷ একেদিনাই ৪৩ জন নতুন মন্ত্ৰীৰ শপতগ্ৰহণ আৰু ১৪ জন মন্ত্ৰীক অপসাৰণৰ পাছত যিখন নতুন মন্ত্ৰীসভা গঠিত হৈছে তাৰ ৩৩ জন মন্ত্ৰীৰ বিৰুদ্ধেই আছে ফৌজদাৰী অৰ্থাৎ অপৰাধমূলক গোচৰ৷ মুঠ ৭৮ জন মন্ত্ৰীৰ ভিতৰত ৪২ শতাংশই গুৰুতৰ অপৰাধত অভিযুক্ত হৈ থকাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ৩৩ জন মন্ত্ৰীৰ ভিতৰত ২৪ জন অৰ্থাৎ ৩১ শতাংশ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে আছে হত্যা, হত্যাৰ চেষ্টা আৰু ডকাইতিৰ দৰে গুৰুতৰ অপৰাধৰ অভিযোগ৷ চলিত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত এই প্ৰতিবেদন প্ৰকাশ কৰিছে ‘এছ’চিয়েছন অব্ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ অৰ্থাৎ চমুকৈ এডিআৰএ৷ নৱগঠিত এই মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰণালয়ৰ ৰাজ্যিক দপ্তৰৰ দায়িত্বত আছে ২৮ জন মন্ত্ৰী৷ এডিআৰৰ এই প্ৰতিবেদন অনুসৰি নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ৯০ শতাংশ অৰ্থাৎ ৭০ জন মন্ত্ৰীয়েই কোটিপতি৷ তাৰ ভিতৰত চাৰিজনৰ সম্পত্তিৰ পৰিমাণ ৫০ কোটি টকাৰো অধিক৷ অসামৰিক বিমান পৰিবহণ দপ্তৰ লাভ কৰা নতুন কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সম্পত্তিৰ পৰিমাণ ৩৭৯ কোটি টকা৷ আনহাতে পীযুষ গোৱেলৰ সম্পত্তিৰ পৰিমাণ ৯৫ কোটি, নাৰায়ণ ৰাণেৰ সম্পত্তিৰ পৰিমাণ ৮৭ কোটি, ৰাজীৱ চন্দ্ৰশেখৰৰ সম্পত্তিৰ পৰিমাণ ৬৪ কোটি টকা৷ নতুন মন্ত্ৰীসভাত যিকেইজন মন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ নিচেই কম তাৰ ভিতৰত আছে আলিপুৰদুৱাৰৰ পৰা মন্ত্ৰিত্ব লাভ কৰা জন বাৰ্লাকে ধৰি চাৰি মন্ত্ৰী৷ জন বাৰ্লাৰ সম্পত্তিৰ পৰিমাণ ১৪ লাখ টকা, ত্ৰিপুৰাৰ প্ৰতিমা ভৌমিকৰ সম্পত্তিৰ পৰিমাণ ৬ লাখ টকা আৰু ৰাজস্থান কৈলাশ চৌধুৰী আৰু ওড়িশাৰ বিশ্বেশ্বৰ টুডুৰ সম্পত্তিৰ পৰিমাণ ৫ লাখ টকাতকৈ কম৷