শুভক্ষণত দায়িত্ব গ্ৰহণ কৰিও ‘মৌন’ সৰ্বানন্দ
আমাৰ অসম, ৭ জুলাইঃ দেওবাৰে অৱশেষত শুভক্ষণত বন্দৰ-জাহাজ-জলপথ আৰু আয়ুস মন্ত্ৰনালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে সৰ্বানন্দ সোণোৱাল৷ নতুন দিল্লীৰ পৰিবহণ ভৱনত থকা কাৰ্যালয়ত উপস্থিত হৈ পুৱা প্ৰায় ১০বজাত মন্ত্ৰণালয় দুটাৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে৷ ৭ জুলাইৰ সন্ধিয়া কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে সোণোৱালে শপত গ্ৰহণ কৰে যদিও শুভ দিন বাৰ চাইহে তেওঁ লাভ কৰা মন্ত্ৰণালয় দুটাৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল সৰ্বানন্দ সোণোৱালে৷ সেই অনুসৰি দেওবাৰৰ শুভ ক্ষণত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সোণোৱালে মন্ত্ৰণালয় দুটাৰ দায়িত্ব গ্ৰহণ কৰে৷ দায়িত্ব গ্ৰহণৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ অতি ঘনিষ্ট তথা প্ৰাক্তন মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, প্ৰাক্তন আইন উপদেষ্টা তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি শান্তনু ভৰালী, সোণোৱাল মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলে আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে৷ মন্ত্ৰণালয় দুটাৰ দায়িত্ব গ্ৰহণৰ পিছতে তেওঁ ইয়াৰ বিষয়া বৰ্গৰে পৃথকে পৃথকে আলোচনাত মিলিত হয়৷ লক্ষ্যণীয়ভাৱে দিল্লীস্থ অসমৰ সাংবাদিক সকলক দেওবাৰৰ পুৱাই ৯ বজাত পৰিবহণ ভৱনলৈ আমন্ত্ৰণ জনোৱা হৈছিল সোণোৱালৰ দায়িত্ব গ্ৰহণৰ এই অনুষ্ঠানলৈ৷ এই অনুষ্ঠানৰ বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকসকল পুৱা ৮.৩০ বজাতে তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈ দিনৰ ১২বজালৈ অপেক্ষা কৰে যদিও তেওঁ সাংবাদিকৰে বাৰ্তালাপ কৰাৰ পৰা সম্পূৰ্ণ ৰূপে বিৰত থাকে৷ প্ৰায় ৩ঘণ্টা অপেক্ষা কৰাৰ পিছত সাংবাদিকসকল তেওঁৰ কোঠাত উপস্থিত হোৱাত সোণোৱালে সাংবাদিকসকলক উদ্দেশ্য কৰি কেবল মাত্ৰ নমস্কাৰ দি কাৰ্যালয়ৰ পৰা বিদায় দিয়ে৷