Logo
image

পাৰ্কষ্ট্ৰীটৰ নাইট ক্লাবত উদ্দাম নৃত্য তৰুণ-তৰুণীৰ

আমাৰ অসম, ১২ জুলাইঃ কৰ’নাই বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে দেশক৷ বিভিন্ন ৰাজ্যত এতিয়াও চলি আছে কঠোৰ সান্ধ্য আইন, ক’ভিড বিধি৷ দিনৰ ভাগত হোটেল-ৰেস্তোৰাঁ খুলিবলৈ দিয়া হৈছে যদিও ৰাতিৰ ভাগত ইয়াত অনুমতি দিয়া হোৱা নাই৷ কিন্তু কলকাতাৰ একাংশ নৈশ ক্লাবে মানি চলা নাই এনে কঠোৰ নীতি৷ মাজনিশালৈকে ক’ভিড বিধি ভাঙি  চলিছে পাৰ্টী, উদ্দাম নৃত্য৷ গতিকে আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা৷ শনিবাৰে মাজনিশালৈকে পাৰ্কষ্ট্ৰীটৰ এটা নৈশ ক্লাবত চলা পাৰ্টী, নাচ-গানত আৰক্ষীয়ে বাধা দিয়ে৷ আৰক্ষীয়ে অভিযান চলাই ৩৭জনক গ্ৰেপ্তাৰ কৰে৷ উচ্ছস্বৰত চাউণ্ড বক্সত গান লগাই নৈশ ক্লাবত চলি থকা এই পাৰ্টীয়ে বহু লোকক অশান্তিত পেলায়৷ সেয়ে আৰক্ষীক খবৰ দিয়া হয়৷ কৰ’নাই সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ দিনত এনেদৰে মাজনিশালৈকে উদ্দাম নৃত্যৰ তালে তালে তৰুণ-তৰুণীয়ে নৃত্য কৰি আনন্দ কৰাত সকলো অসন্তুষ্ট হয়৷ কিন্তু আৰক্ষীৰ দল আহি তাত উপস্থিত হোৱাৰ পাছতো চলি থাকে নৃত্য৷ ওলোটাই আৰক্ষীৰ গাতহে হাত দিয়ে নিচাসক্ত তৰুণ-তৰুণীয়ে৷ গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়৷