Logo
image

কৰ’নাৰ পাছত এইবাৰ চীনত মাংকী ভাইৰাছ!

আমাৰ অসম, ২০ জুলাইঃ চীনৰ পৰা বিয়পি পৰা কৰ’না ভাইৰাছৰ  গ্ৰাসত এতিয়া সমগ্ৰ বিশ্ব৷ ইয়াৰ মাজতে জিকা নামৰ আন এবিধ ভাইৰাছৰ আৱিৰ্ভাৱে চিন্তাত পেলাইছে বিশ্ববাসীক৷ এইবাৰ ড্ৰেগনৰ দেশ চীনত আন এবিধ ভাইৰাছৰ সন্ধান ওলাইছে৷ নতুন এই ভাইৰাছবিধৰ নাম ‘মাংকী বি’ ভাইৰাছ৷ চীনত ইতিমধ্যে এইবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ উল্লেখ্য যে মূলতঃ এই ভাইৰাছ বান্দৰৰ দেহত থাকে৷ অৱশ্যে পৃথিৱীত ‘মাংকী বি’ ভাইৰাছৰ অস্তিত্ব এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বে ১৯৩৩ চনত চীনত মাংকী ভাইৰাছ ধৰা পৰিছিল৷ সেইবাৰ চীনৰ এটা গৱেষণাগাৰত গৱেষণাৰত এজন গৱেষকক বান্দৰে কামুৰি দিয়াত তেওঁৰ দেহলৈ মাংকী ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত উক্ত লোকজনৰ পৰা প্ৰায় ২৪জন লোকৰ দেহলৈ মাংকী ভাইৰাছৰ সংক্ৰমণ ঘটে৷ তদুপৰি যোৱা ১২ বছৰত মাংকী ভাইৰাছত ৫জন লোকৰ মৃত্যু ঘটে চীনত৷ এই ভাইৰাছৰ দ্বাৰা কোনো লোক আক্ৰান্ত হ’লে ১১ পৰা তিনি সপ্তাহৰ ভিতৰত ইয়াৰ উপসৰ্গসমূহে দেখা দিয়ে৷ মূলতঃ জ্বৰ, গাৰ বিষ, পেশীত যন্ত্ৰণা আৰু মূৰৰ বিষেই হৈছে মাংকী ভাইৰাছত আক্ৰান্ত হ’লে দেখা দিয়া উপসৰ্গসমূহ৷