Logo
image

উন্নতিৰ পথত অসম

অনলাইন নিউজ চেনেল এটাত অলপতে নাৰায়ণপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ ৰূপৰ ছবিসহকাৰে বাতৰি পৰিৱেশিত হৈছিল৷ একোটা কোঠাত দুৱাৰ-খিৰিকী নাই, বেৰবোৰ ভঙা, আচবাব-পত্ৰ চূৰ্ণ-বিচূৰ্ণ৷ কাৰ্যালয়ৰ চৌহদটো গৰু-ম’হৰ চৰণীয়া পথাৰসদৃশ৷ তাতেই চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীৰ বাবে অহা সামগ্ৰী-সঁজুলিবোৰ ছিন্ন-ভিন্ন হৈ পৰি আছে৷ কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰো আধাতকৈ অধিকসংখ্যক পদ খালী হৈ আছে৷ মুঠৰ ওপৰত ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ বিভাগ এটাৰ চৰকাৰী কাৰ্যালয় এটাৰ অতি দুখ লগা ছবি৷ অৱশ্যে, এইটোৱেই একমাত্ৰ চৰকাৰী কাৰ্যালয় নহয়, য’ত পুতৌলগা পৰিৱেশ দেখিবলৈ পোৱা যায়৷ কৃষি বিভাগৰ লগতে আন বিভাগৰো গুৱাহাটী মহানগৰীৰ ভিতৰতেই এনে জৰাজীৰ্ণ অৱস্থাৰ কাৰ্যালয় আছে৷ এতিয়া প্ৰশ্ন হ’ল, কাৰ বাবে আৰু কিয় এনেকুৱা অৱস্থা হয়? চৰকাৰে ৰাইজক ঘৰ সাজি দি বাহ্‌ বাহ্‌ লয়, অথচ, চৰকাৰী বিভাগৰ ঘৰ-দুৱাৰ ভগা-ছিগা! প্ৰতিটো বিভাগৰে কাৰ্যালয়বোৰৰ ব্যৱস্থাপনা অথবা মেৰামতিৰ বাবে কোনো ‘বাজেট’ নাথাকে নেকি? যদি থাকে, তাৰ সদ্ব্যৱহাৰ নহয় নেকি? বিভাগীয় মন্ত্ৰীসকলে লাখ লাখ টকাৰ বিজ্ঞাপন দি টকা-পইচাৰ শৰাধ কৰে, অথচ এইবোৰ কথা-কামৰ প্ৰতি চকু নিদিয়ে৷ কোনোবাই দেখুৱাই দিলেও তাৰ প্ৰতি কাণসাৰ নিদিয়ে৷ এনে ভগা-ছিগা কাৰ্যালয়ত কোনো কাম কৰাৰ পৰিৱেশ থাকেনে? মন্ত্ৰীসকলে বিভাগীয় কাম-কাজৰ ৰিপ’ৰ্ট-কাৰ্ড কাৰো ওচৰত দাখিল কৰিবলৈ কিয় নালাগে? নিজৰ বিভাগৰ এনে বিফলতাৰ বাবে মন্ত্ৰীসকলৰ ‘দৰমহা’ কটাৰ ব্যৱস্থা থাকিব লাগে, যিদৰে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত কৰা হয়৷ বিগত কেইটামান দিনত মন্ত্ৰী, প্ৰশাসনিক বিষয়াকে ধৰি ‘লাইমলাইট’ত থাকিব খোজা লোকসকলক ক্ষন্তেকৰ বাবে কেমেৰাৰ সন্মুখত থাকি পথাৰত ভূঁই ৰুবলৈ যোৱাৰ দৃশ্যই প্ৰচাৰ লাভ কৰা দেখা গৈছে৷ সেইবোৰ ভেঁকো-ভাওনা নকৰি প্ৰত্যেকেই নিজৰ ভাগৰ কামবোৰ কৰাহে উচিত৷ ৰোৱনীয়ে ভূঁই ৰুব পাৰিব; কিন্তু কৃষি বিভাগটোৰ ব্যৱস্থাপনা সম্পৰ্কীয় কাম-কাজ ৰোৱনী-দাৱনীয়ে কৰিব নোৱাৰে৷ মন্ত্ৰী-বিষয়াই নিজৰ ভাগৰ কামবোৰকে কৰি ফটো প্ৰদৰ্শন কৰক৷ প্ৰচাৰো হ’ব, কামো সিজিব৷ আকৌ, বিভিন্ন বিভাগৰ ভিন্ন স্তৰৰ খালী হৈ থকা পদবোৰ সুদীৰ্ঘ দিন ধৰি পূৰণ নোহোৱাৰ বাবে কোন দায়ী? ইয়াৰ বাবে কাক জবাবদিহি কৰিব আৰু কোনে কৰিব? চৰকাৰী বিভাগৰ খালী হৈ থকা পদবোৰ যে সহজতে পূৰণ কৰা নহয়, তাৰ অৰ্থ এইটো নেকি যে এইবোৰ অপ্ৰয়োজনতহে সৃষ্টি কৰা পদ৷ সেইটো নিশ্চয় নহয়৷ তেন্তে, খালী হৈ থকা পদবোৰত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ ভাগৰ কামবোৰ কোনে কৰিব? এয়া এক অপৰিকল্পিত মানৱ-সম্পদ পৰিচালনা নে অনুৎপাদনশীল কৰ্ম-ব্যৱস্থা? নতুন পদ সৃষ্টিৰ কথা বাদেই, ইতিমধ্যে বৰ্তি থকা অথচ অৱসৰৰ পাছত খালী হৈ থকা পদবোৰত নিযুক্তি দিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন চৰকাৰৰ ৰাজকোষত নথকাটোও এক বিভ্ৰান্তিকৰ কথা৷ কিয়নো, নিতৌ নতুন আঁচনিৰ অজুহাতত চৰকাৰে ৰাইজক ধন বিলাই আছে৷ বিনামূল্যে শিক্ষা, কিতাপ, চাউল দিছে৷ বিশেষ কৰ্তব্যৰত বিষয়া, উপদেষ্টা, আদিৰ নামত বিভাগে বিভাগে নিযুক্তি দি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে৷ চৰকাৰী বিদ্যালয়ত এটা পূৰ্ণাংগ পুথিভঁৰাল অথবা পৰীক্ষাগাৰৰ বাবে ধন ব্যয় নকৰা চৰকাৰে পৰীক্ষাৰ ফলাফলৰ বাবে স্কুটী দিয়ে, অনলাইন ক্লাছ কৰাৰ বাবে স্মাৰ্টফোন দিয়ে৷ অথচ, চৰকাৰী কাৰ্যালয় মেৰামতিৰ বাবে ধন নাথাকে! একেটা দলৰ চৰকাৰে সুদীৰ্ঘ সময় ধৰি শাসন চলালে একেটা পদ্ধতিৰেই কাম-কাজবোৰ হয়৷ চৰকাৰ সলনি হ’লে মানুহে আশা কৰে যে পদ্ধতিলৈ পৰিৱৰ্তন আহিব, পূৰ্বৰ চৰকাৰে কৰা ভুলবোৰৰ পুনৰাবৃত্তি নহ’ব৷ চৰকাৰৰ গুৰি-ব’ঠা ধৰোঁতা মুখ্যমন্ত্ৰীজন সলনি হ’লে, অথবা বিভাগ একোটাৰ মন্ত্ৰীজন সলনি হ’লে, সকলোৱে ভাবিবলৈ লয় যে এইবাৰ কথাবোৰ, কামবোৰ সলনি হ’বক্ক অথচ, এইবোৰ একো নহয়৷ কেৱল প্ৰচাৰ হয়, প্ৰদৰ্শন হয়৷ ৰাতি দুপৰলৈ ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম-কাজ কৰা বুলি ৰাইজে ভবা মুখ্যমন্ত্ৰীজনেও অলিম্পিকলৈ যোৱা খেলুৱৈক উৎসাহ দিবলৈ চাইকেল ৰেলী উলিয়ায়৷ এই গতিৰেই অসম দেশৰ ভিতৰত শীৰ্ষস্থানৰ ৰাজ্যবোৰৰ লগত স্থান পাব, নহয় জানো?