মেডিকেলত ২৭ শতাংশ আসন অ’বিচি, ১০ শতাংশ আৰ্থিকভাৱে দুৰ্বললৈ
আমাৰ অসম, ৩০ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অতিশয় জৰুৰী পদক্ষেপ হাতত লোৱা বুলি দেশবাসীক জনোৱাৰ দৰে দেশৰ মেডিকেল পাঠ্যক্ৰমৰ ক্ষেত্ৰত অ’ বি চি বা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ২৭ শতাংশ আসন সংৰক্ষণ আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ [ই ডব্লিউ এছ] বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা হ’ব বুলি ঘোষণা কৰে৷ ২৭ আৰু ১০ শতাংশ আসন সংৰক্ষণ সৰ্বভাৰতীয়ভাৱে এম বি বি এছ, এম ডি, বি ডি এম, এম ডি এছ আৰু মেডিকেলৰ ডিপ্লমা পাঠ্যক্ৰমৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷ এই সংৰক্ষণ ব্যৱস্থা চলিত শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ঘোষণা কৰে৷ অ’ বি চি আৰু ই ডব্লিউ এছকে ধৰি দুটা নতুন সংৰক্ষণৰ ক্ষেত্ৰত সৰ্বভাৰতীয়ভাৱে ৫,৫৫০খন আসন এতিয়াৰ পৰা অন্যান্য পিছপৰা সম্প্ৰদায় আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব৷ অহা বছৰ হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি দৃষ্টিপাত কৰিয়েই মোদী চৰকাৰে চলিত বছৰৰ পৰাই মেডিকেল পাঠ্যক্ৰমত এই সংৰক্ষণ ব্যৱস্থা দৌৰাদৌৰিকৈ আৰম্ভ কৰা বুলি ব্যাপক চৰ্চা হৈছে৷ উত্তৰ প্ৰদেশৰ দলিত সম্প্ৰদায় এই দুয়োবিধ সংৰক্ষণৰ দ্বাৰা উপকৃত হ’ব৷ চৰ্চা অনুসৰি নিৰ্বিাচনৰ লক্ষ্য লৈয়েই মোদী চৰকাৰে অতি জৰুৰীভাৱে এই ঘোষণা কৰিছে৷ উত্তৰ প্ৰদেশৰ বৰ্ণহিন্দুৰ সমৰ্থনপুষ্ট বিজেপিৰ প্ৰতি ৰাজ্যখনৰ দলিত সম্প্ৰদায়ৰ মোহভংগ ঘটাৰ উমান পায়েই ক্ষত নিৰাময়ৰ বাবে দলটোৰ শীৰ্ষ নেতৃত্বই এই পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই লক্ষ্য লৈয়েই মেডিকেলৰ সংৰক্ষণৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ঘোষণা কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক সংৰক্ষণৰ বিষয়টো অনতিবিলম্বে সম্পন্ন কৰাৰ নিৰ্দেশ দিছিল৷ সেই নিৰ্দেশ মানি বুধবাৰে প্ৰধানমন্ত্ৰীৰ সৈতে স্বাস্থ্যমন্ত্ৰী আৰু পিছপৰা সম্প্ৰদায়ৰ মন্ত্ৰণালয়ৰ বৈঠক অনুষ্ঠিত হয় আৰু তাতে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হয়৷