Logo
image

অক্টোবৰত মহাকাশলৈ উৰা মাৰিব এছ এছ এল ভি

আমাৰ অসম, ৩১ জুলাইঃ চলিত বৰ্ষৰ অক্টোবৰ মাহত ভাৰতে প্ৰথমবাৰৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰিব এছ এছ এল ভি অৰ্থাৎ স্মল ছেটেলাইট লাঞ্চিং ভেহিকল৷ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰ দি এই কথা সদৰি কৰিছে৷ উল্লেখ্য যে, ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই কেইমাহমানৰ পূৰ্বেই মহাকাশলৈ এছ এছ এল ভি প্ৰেৰণ কৰাৰ কথা আছিল৷ কিন্তু কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ এইবাৰ আৰু পলম কৰিব খোজা নাই ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই৷ সেই অনুসৰি অহা অক্টোবৰ মাহৰ ভিতৰতে ভাৰতে মহাকাশলৈ প্ৰথমবাৰৰ বাবে এছ এছ এল ভি প্ৰেৰণ কৰিব৷