Logo
image

ঐতিহাসিক পলায়ন

এসপ্তাহৰ তালিবান ধুমুহাত উৰি গ’ল আফগান চৰকাৰ

দীৰ্ঘদিন পাকিস্তানত কাৰাবন্দী মোল্লা

আব্দুল গনিয়েই নতুন আফগান ৰাষ্ট্ৰপতি

আমাৰ অসম, ১৭ আগষ্টঃ এসপ্তাহৰ ‘তালিবান ধুমুহা’ত কপূৰ্ৰৰ দৰে উৰি গ’ল আফগানিস্তানৰ আমেৰিকা সমৰ্থিত চৰকাৰ৷ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনাই সশস্ত্ৰ তালিবানৰ পৰাক্ৰমত পতন ঘটিল আফগানিস্তানৰ৷ পুৱাৰ ভাগতে হেৰাট, জালালাবাদ আৰু মাজাৰ-ই-শ্বৰীফ দখল কৰি দিনৰ ১১ বজাত সশস্ত্ৰ তালিবান যোদ্ধাই আফগানিস্তানৰ ৰাজধানী কাবুল পূৱ-পশ্চিম, উত্তৰ-দক্ষিণ কেউদিশৰ পৰা বেৰি ধৰাত যোৱা ২০ বছৰে দেশখনক সুৰক্ষা প্ৰদান কৰি থকা আমেৰিকাৰ অৱশিষ্ট সেনাবাহিনী, নাটো গোষ্ঠীৰ অজেয় সেনা আৰু আমেৰিকা তথা পশ্চিমীয়া দেশৰ সমৰ্থনপুষ্ট আফগানিস্তান চৰকাৰৰ মুৰব্বী, ৰাষ্ট্ৰপতি আছৰফ গনিয়ে ঐতিহাসিক পলায়ন কৰিবলৈ বাধ্য হ’ল৷ এই পৃষ্ঠভংগক ঐতিহাসিক পলায়নতকৈ আৰু উপযুক্ত শব্দৰে বৰ্ণনা কৰা কঠিন কিয়নো ধুমুহাৰ দৰে জপিয়াই পৰা তালিবানৰ সৈতে নিজৰ সেনাবাহিনীৰ নিৰাপদ পলায়নৰ বাবে চুক্তি কৰিবলগীয়া হ’ল মহা পৰাক্ৰমী আমেৰিকা আৰু আমেৰিকাৰ আশ্ৰিত ৰাষ্ট্ৰপতি আছৰফ গনিয়ে৷ প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধত নিৰ্ণায়কৰ ভূমিকা লোৱা মহাশক্তিধৰ আমেৰিকাই স্মৰণ কালত কোনো যুদ্ধক্ষেত্ৰৰ পৰাই এনেদৰে তৰ্ধনি হেৰুৱাই পলায়ন কৰাৰ ইতিহাস নাই৷ ভিয়েটনামত আমেৰিকাই বিজয় অৰ্জন কৰিব পৰা নাছিল সঁচা, কিন্তু দেশখনৰ সেনাবাহিনীয়ে উচিত সময়ত সিদ্ধান্ত লৈ পৰিকল্পনা অনুসাৰে পশ্চাৎপসৰণ কৰিছিল৷ কিন্তু তালিবানৰ পৰাক্ৰম আৰু বিজুলী সঞ্চাৰ গতিত আমেৰিকাৰ অৱশিষ্ট ৬০০০ সেনা আৰু দূতাবাসৰ বিষয়া-কৰ্মচাৰীয়ে কালি দেওবাৰে নিৰাপদে পলায়নৰো সুযোগ নাপালে৷ সুৰক্ষা প্ৰদান কৰি নিৰাপদভাৱে আমেৰিকাৰ সেনাবাহিনী আৰু দূতাবাসৰ বিষয়া-কৰ্মচাৰীক কাবুল চহৰৰ বুকুৰ পৰা কাবুল বিমানবন্দৰলৈ হেলিকপ্টাৰেৰে উৰুৱাই নিবলৈ দেওবাৰে মহাপৰাক্ৰমী আমেৰিকাই সন্ত্ৰাসবাদী তালিবানৰ সৈতে সাময়িক চুক্তি সম্পাদন কৰিবলৈ বাধ্য হ’ল৷ আনহাতে তালিবানৰ শীৰ্ষ নেতা মোল্লা আব্দুল গনি বৰাদৰ আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰফ গনিৰ মাজত দেওবাৰে দুপৰীয়া ৰাষ্ট্ৰপতি ভৱনত ক্ষমতাৰ শান্তিপূৰ্ণ হস্তান্তৰৰ বাবে নাতিদীৰ্ঘ আলোচনা হয়৷ সমগ্ৰ আফগানিস্তান দখল কৰি আৰু সশস্ত্ৰ যোদ্ধাৰে ৰাজধানী কাবুল বেৰি ধৰি লৈ তালিবানে ক্ষমতা দখলৰ বাবে চলোৱা এই আলোচনা ৪৫ মিনিটহে স্থায়ী হয়৷ কিয়নো হাতত অস্ত্ৰ লৈ চলোৱা এই আলোচনাসদৃশ ৪৫ মিনিটৰ ভাবুকিত ৰাষ্ট্ৰপতি আছৰফ গনিয়ে পদত্যাগ কৰিবলৈ সৈমান হয় আৰু তালিবানে তেওঁক প্ৰাণে নমৰাৰ প্ৰতিশ্ৰুতি দিয়াত হাতত প্ৰাণটো লৈ দেশ এৰি পলায়ন কৰে৷ আমেৰিকাৰ সেনা আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ এই অভূতপূৰ্ব পৃষ্ঠভংগক সেয়ে সমগ্ৰ বিশ্বই ঐতিহাসিক পলায়ন হিচাপেই আখ্যা দিছে৷ তালিবানৰ ‘ব্লিটজক্ৰেগ’ বা ধুমুহাগতিৰ আক্ৰমণৰ তৎ ধৰিব নোৱাৰা নাটো গোষ্ঠী অৰ্থাৎ ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী ইত্যাদি ৰাষ্ট্ৰৰ সেনাবাহিনীয়ে দেওবাৰে পলায়নৰ সুবিধাই নাপালে৷ এনে ৰাষ্ট্ৰৰ সেনাবাহিনী আৰু দূতাবাসৰ বিষয়া-কৰ্মী আজি সোমবাৰে সেই ঐতিহাসিক পলায়নৰ  অংশীদাৰ হৈছে৷ এনে এক ভয়ংকৰ আন্তঃৰাষ্ট্ৰীয় ঘটনা চকুৰ পচাৰতে সংঘটিত হোৱা সত্ত্বেও উমান নোপোৱাৰ দৰে ৰাষ্ট্ৰসংঘই চূড়ান্ত নীৰৱতা আৰু নিৰ্লিপ্ততা অৱলম্বন কৰাত বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে ৰাষ্ট্ৰসংঘক গৰিহণা দিছে৷ তীব্ৰ গৰিহণাৰ সন্মুখীন হৈ আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আফগানিস্তানৰ পৰিস্থিতিক লৈ এখন অন্তঃসাৰশূন্য বৈঠক অনুষ্ঠিত কৰে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ শক্তিশালী সদস্য ৰাষ্ট্ৰ যেনে- আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী ইত্যাদি এই ঘটনাক্ৰমৰ অংশীদাৰ হৈ থকাৰ ফলত নিৰাপত্তা পৰিষদৰ বৈঠকৰ ফল অন্তঃসাৰশূন্য হোৱা বুলিয়েই চৰ্চা হৈছে আৰু তেনে বৈঠকক লৈ মুঠেই উদ্বিগ্ন নহয় ক্ষমতা দখল কৰা তালিবান৷ 

মহা বিক্ৰমেৰে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত সন্ত্ৰাসবাদী সংগঠন তালিবানে দেশখনৰ নতুন নাম ‘ইছলামিক এমিৰেটছ অৱ আফগানিস্তান’ হিচাপে ঘোষণা কৰাৰ কথা তালিবানে মুকলিভাৱে প্ৰকাশ কৰিছে৷ দেওবাৰে প্ৰাথমিক আলোচনাত আফগানিস্তানত সম্প্ৰতি এখন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বুলি মধ্যস্থতাকাৰী পক্ষৰ পৰা প্ৰস্তাৱ আহিলেও সম্পূৰ্ণ দেশৰ দখল হাতলৈ অহা তালিবানে পূৰ্ণ ক্ষমতাৰে পূৰ্ণকালীন চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে৷ আফগানিস্তানৰ তালিবান চৰকাৰৰ মুৰব্বী অৰ্থাৎ ৰাষ্ট্ৰপতি হ’ব মোল্লা আব্দুল গনি বৰাদৰ৷ মোল্লা আব্দুল গনি তালিবানৰ ভূতপূৰ্ব নেতা মোল্লা মহম্মদ ওমৰৰ অতি ঘনিষ্ঠ আৰু এতিয়া তালিবান বিদ্ৰোহীৰ আটাইতকৈ বিচক্ষণ তথা শক্তিশালী নেতা৷ আমেৰিকাৰ আগ্ৰাসনৰ সময়ত মোল্লা গনি পাকিস্তানত ৮ বছৰ কাৰাবন্দী হৈ আছিল৷ পাকিস্তান আৰু আমেৰিকাৰ সেনাই গনিক ২০১০ চনত গ্ৰেপ্তাৰ কৰিছিল৷ ২০১৮ চনত তেওঁক আমেৰিকাৰ নিৰ্দেশতে পাকিস্তানে কাৰামুক্ত কৰি দিছিল৷ তাৰ পাছৰ পৰাই গনি হৈ পৰে তালিবানৰ শীৰ্ষ নেতা৷ দেওবাৰে আফগানিস্তান চৰকাৰ আৰু আমেৰিকাৰ প্ৰতিনিধি তথা মধ্যস্থতাকাৰীৰ সৈতে হোৱা ৪৫ মিনিটৰ আলোচনাত মোল্লা গনিয়ে তালিবানক নেতৃত্ব দিছিল৷ 

তাৎপৰ্যপূৰ্ণ এয়াই যে, তালিবানে এনেদৰে ধুমুহাৰ গতিৰে আফগানিস্তান আৰু সৰ্বোপৰি কাবুল দখল কৰিব পাৰিব বুলি আনহে নালাগে, দেশখনত ২০ বছৰে অভিযান চলাই থকা আমেৰিকাৰ বাবেও সপোনৰ অগোচৰ আছিল৷ আনকি যোৱা শুকুৰবাৰেও বাইডেন প্ৰশাসনে বেছ আত্মবিশ্বাসেৰে কৈছিল যে, কাবুল দখল কৰিবৰ বাবে তালিবানক ৩ মাহ অৰ্থাৎ ৯০ দিন সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু মাত্ৰ ৬০,০০০ তালিবান যোদ্ধাই যোৱা তিনিমাহত দেশখনৰ এখনৰ পাছত আন এখন গাঁও আৰু চহৰ দখল কৰি অন্তিম এসপ্তাহৰ যুদ্ধবিহীন অভিযানত যিদৰে ৰাজধানীসহ সমগ্ৰ আফগানিস্তান দখল কৰিলে, সেই ঘটনাই সমগ্ৰ বিশ্বক বিস্ময়াভিভূত কৰি তুলিছে৷ বিগত এসপ্তাহত তালিবান যোদ্ধাৰ গতি আছিল হিটলাৰৰ প্ৰথমৰ অপৰাজেয় বাহিনীৰ দৰে আৰু যুদ্ধ কৌশলো আছিল সেই একেই– ব্লিটজক্ৰেগ, অৰ্থাৎ ধুমুহাৰ দৰে জপিয়াই পৰি শত্ৰুক লৰচৰ কৰিবলৈ নিদিয়াকৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱা৷ সঁচাকৈ, অন্তিম এসপ্তাহত প্ৰতিখন চহৰ আৰু দেওবাৰে কাবুল দখলৰ সময়ত তালিবানে এখনো যুদ্ধ কৰিবলগীয়া হোৱা নাছিল৷ আমেৰিকাই প্ৰশিক্ষণ দিয়া সেনা আৰু বিমান বাহিনীকে ধৰি ৭ লাখৰো অধিক সেনাবাহিনী থকা আফগান বাহিনীক কি যাদুৰ বলত তালিবানে এনেদৰে বলবীৰ্যহীনৰ দৰে অস্ত্ৰ-শস্ত্ৰ পেলাই আত্মসমৰ্পণৰ বাবে বাধ্য কৰিলে সেয়া বিশ্বৰ সমৰ বিশেষজ্ঞৰ ওচৰত এতিয়া বিস্ময়৷ 

দেওবাৰে পুৱালৈকে দেশৰ মুৰব্বী হৈ থকা ৰাষ্ট্ৰপতি আছৰফ গনিয়ে ৪খন গাড়ী আৰু এখন হেলিকপ্টাৰত মাৰ্কিন ডলাৰ ভৰ্তি কৰি পলাই  যোৱাৰ ঘটনাক দেশবাসীয়ে কাপুৰুষালি বুলি আখ্যা দিছে৷ সেনাবাহিনী- বায়ুসেনা বাহিনী ব্যৱহাৰৰ বিকল্প সুযোগ থকা সত্ত্বেও শেষ মুহূৰ্তত ৰক্তপাতৰ ভয়ত সেয়া ব্যৱহাৰ নকৰা বুলি দাবী কৰা আমেৰিকাত শিক্ষিত ৰাষ্ট্ৰপতিয়ে দেশবাসীক এৰি এনেদৰে প্ৰাণ লৈ পলোৱাৰ ঘটনাকো আফগানিস্তানৰ নাগৰিকে গৰিহণা দিছে৷ কিয়নো ইমান দিনে তেওঁৰ পক্ষত থকা চৰকাৰী পক্ষৰ সকলোৰে তালিবানৰ হাতত আলৈ-আথানি হ’ব৷ ইপিনে ভাৰতৰ দূতাবাসৰ প্ৰায় ৪০০ বিষয়া-কৰ্মী এতিয়াও প্ৰচণ্ড অনিশ্চয়তাত কাবুলত আৱদ্ধ হৈ আছে৷ ভাৰতীয় বিনিয়োগ চলি থকা দেশখনত আছে কেইবাহাজাৰ ভাৰতীয় নাগৰিক৷ তেওঁলোকক উদ্ধাৰ কৰাতো মোদী চৰকাৰৰ বাবে এতিয়া পৰ্বতসম প্ৰত্যাহ্বান হৈ পৰিছে৷ উল্লেখ্য, আজি যিটো সংসদ ভৱনত তালিবানী যোদ্ধাই প্ৰৱেশ কৰি আসুৰিক উল্লাস প্ৰদৰ্শন কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে, সেই সংসদ ভৱন ৯০ কোটি মাৰ্কিন ডলাৰত নিৰ্মাণ কৰিছিল ভাৰতে আৰু ২০১৫ চনত সেই সংসদ ভৱন উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷