Logo
image

বিমানৰ চকাত সোমাই পলাবলৈ গৈ মৃত্যু ফুটবলাৰৰ

আমাৰ অসম, ২০ আগষ্টঃ কাবুল বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰা অতিকায় এখন সামৰিক বিমানৰ পৰা কেইবাশ ফুট তললৈ দুজন দুৰ্ভগীয়া যাত্ৰী খহি পৰাৰ ভিডিঅ’টোৱেই সমগ্ৰ বিশ্বক শিহৰিত কৰা সাম্প্ৰতিক আফগানিস্তানৰ সবাটোকৈ ভয়ংকৰ দৃশ্য৷ তালিবানে দেশখন দখল কৰাত আফগানৰ মাজত কি পৰিমাণৰ আতংক সৃষ্টি হৈছে তাৰ প্ৰকৃত প্ৰতিফলন ঘটিছে এই শিহৰণকাৰী ভিডিঅ’টোত৷ তালিবানৰ হাতত নৃংশসভাৱে প্ৰাণ দিয়াতকৈ মাতৃভূমি এৰি অজান মুলুকলৈ পলাই যোৱাটোৱেই শ্ৰেয়, তাকে ভাবি সেই দুই আফগান যুৱকে ঢাপলি মেলিছিল কাবুল বিমান বন্দৰলৈ৷ পিছে বিমানত উঠিব নোৱাৰি প্ৰাণৰ মায়াত দুয়ো খামুছি ধৰি উঠি পৰিল আমেৰিকাৰ বায়ু সেনা বাহিনীৰ বৃহদাকাৰ চি-১৭ গ্লোবমাষ্টাৰ বিমানখনৰ লেণ্ডিং গিয়েৰ অথবা চকাত৷ কিন্তু বিমানখনে ‘টেক অফ’ কৰাৰ খন্তেক পাছতেই খোপনি ল’ব নোৱাৰি দুয়ো খহি পৰিল বিমানৰ লেণ্ডিং গিয়েৰৰ পৰা আৰু উৰি উৰি আহি তলত পৰি হৃদয়বিদাৰক পৰিস্থিতিত প্ৰাণ হেৰুৱালে৷ সেইদিনা এই দুজন দুৰ্ভগীয়নো কোন সেই বিষয়ে প্ৰকাশ হোৱা নাছিল, কিয়নো কাবুলৰ আকাশমাৰ্গৰ পৰিস্থিতিকৈয়ো ভূমিভাগৰ পৰিস্থিতি আছিল অধিক অস্থিৰ, উত্তেজনাময়৷ ঘটনাই চাৰিদিন অতিক্ৰম কৰাৰ পাছত এতিয়া পৰিচয় প্ৰকাশ পাইছে দুই দুৰ্ভগীয়াৰ৷ তালিবানৰ অত্যাচাৰৰ ভয়ৰ ছবি সমগ্ৰ বিশ্বক নিজৰ প্ৰাণৰ বিনিময়ত বুজাই থৈ যোৱা এই দুয়োজন যুৱক সহোদৰ৷ ৰেজা ওৰফে ছাফিউলা হোতাক আৰু কবীৰ ওৰফে ফিদা মহম্মদ তেওঁলোকৰ নাম৷ কবীৰ আৰু ৰেজাৰ ছিন্নভিন্ন মৃতদেহ সোমবাৰেই বিমান বন্দৰৰ পৰা এঘাৰ কিলোমিটাৰমান নিলগত এটা ঘৰৰ চাদত উদ্ধাৰ হয়৷ ৱালি ছালেক নামৰ এজন ব্যক্তিৰ দুমহলীয়া ঘৰৰ চাদৰ ওপৰত গৈ পৰিছিল বিমানৰ চকাৰ পৰা খহি পৰা দুই যুৱক৷ কেইবাশ মিটাৰ ওপৰৰ পৰা চাদত আচাৰ খাই পৰাৰ সময়ত বিস্ফোৰণৰ দৰে শব্দ হৈছিল৷ চাদত পৰাৰ ফলত দুয়োৰে মূৰ গুড়ি হৈ গৈছিল, ছিন্নভিন্ন ৰক্তাক্ত দেহৰ পৰা ওলাই গৈছিল নাৰী ভূৰু৷ খায়েৰ খানা নামৰ অঞ্চলটোৰ বাসিন্দা ছালেকে প্ৰথমে দুয়োকে তালিবান উগ্ৰপন্থী বুলি ভাবিছিল৷ পাছত বিমানৰ পৰা দুজন ব্যক্তি খহি পৰাৰ ভিডিঅ’ দেখি তেওঁ প্ৰকৃত ঘটনাৰ বিষয়ে জানিব পাৰে৷ দুয়ো পৰিধান কৰা পোছাকৰ মাজতে আছিল তেওঁলোকৰ পৰিচয়পত্ৰ৷

সোমবাৰেই কাবুল বিমান বন্দৰত আমেৰিকাৰ সামৰিক বিমান ৰানৱেত ভেটি ধৰাৰ সময়ত আন এখন চি-১৭ গ্লোবমাষ্টাৰ বিমানত লেণ্ডিং গিয়েৰত উঠিবলৈ গৈ চকাৰ সৈতে ঘূৰি ঘূৰি ৰানৱেতে মৃত্যু হৈছিল আন এজনৰ৷ তেওঁৰ বিষয়েও তেতিয়া কোনো তথ্য প্ৰকাশ পোৱা নাছিল৷ সোমবাৰে চকাৰ সৈতে এজন লোকৰ শৰীৰ পাক খাই খাই ঘূৰি গৈ অৱশেষত নিথৰ হোৱাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল৷ পাছত আমেৰিকাত অৱতৰণ কৰাৰ পাছত বিমানখনৰ লেণ্ডিং গিয়েৰত কোনো লোকৰ শৰীৰৰ অৱশিষ্ট ওলাইছিল৷ আজি প্ৰকাশ পাইছে, সেইদিনা চকাত পাক খাই মৃত্যুৰ মুখত পৰা কিশোৰটিৰ নাম জাকি আণোৱাৰ আৰু তেওঁ দেশখনৰ জাতীয় যুৱ ফুটবল দলটোৰ আগশাৰীৰ ফুটবলাৰ৷ ১৯ বছৰীয়া জাকি আণোৱাৰেও আন বহুতৰে সৈতে দেশ এৰি পলাবলৈ গৈ বিমানত উঠিব নোৱাৰি চকা বা লেণ্ডিং গিয়েৰতে নিজক বান্ধি লৈছিল৷ কিন্তু বিমানৰ চকাই গতি লোৱাৰ লগে লগে তেওঁ পিছলি পৰে আৰু নিজকে বান্ধি থোৱাৰ বাবে চকাৰ প্ৰতিটো পাকে তেওঁৰ শৰীৰ ৰানৱেৰ কঠিন সমতলত বাৰম্বাৰ খুণ্ডিয়াই প্ৰাণবায়ু বাহিৰ কৰি দিয়ে৷ প্ৰতিশ্ৰুতিবান যুৱ ফুটবলাৰ দেশত জনপ্ৰিয় আছিল৷ তেওঁ পঢ়িছিল কাবুলৰ আতাইতকৈ প্ৰাচীন আৰু দেশৰ সম্ভ্ৰান্ত ইংৰাজী মাধ্যমৰ স্কুল এষ্টেনপাল হাইস্কুলত৷ জাকিয়েও তালিবানৰ ভয়ত মাতৃভূমি এৰি পলাবলৈ গৈ দুখজনকভাৱে নিজ ভূমিতেই প্ৰাণ বিসৰ্জন দিলে৷