Logo
image

পঞ্জশিৰ আক্ৰমণ তালিবানৰ

আমাৰ অসম, ২৩ আগষ্টঃ আত্মসমৰ্পণৰ বাবে দিয়া অমোঘ নিৰ্দেশ অমান্য কৰাৰ বাবে তালিবানে দেশখনৰ অন্তিমখন তালিবানমুক্ত অঞ্চল পঞ্চশিৰ উপত্যকা দখল কৰিবলৈ দেওবাৰে জপিয়াই পৰিছে৷ প্ৰথম আৰু সৰ্বশেষ আক্ৰমণেৰে একেকোবেই পঞ্জশিৰ উপত্যকা পদানত কৰাৰ লক্ষ্যৰে দেওবাৰে দুপৰীয়া ১২৫ কিলোমিটাৰ নিলগৰ কাবুলৰ পৰা ৰাওনা হৈছে আমেৰিকাৰ সেনাবাহিনীয়ে এৰি থৈ যোৱা ভয়ংকৰ সমৰাস্ত্ৰৰে সজ্জিত বিশাল তালিবান বাহিনী৷ ভাৰতৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ দুপৰীয়া সমগ্ৰ আফগানিস্তান দখল কৰি ল’লেও তালিবানৰ কবলৰ পৰা মুক্ত হৈ আছিল দেশখনৰ উত্তৰ দিশৰ পঞ্জশিৰ উপত্যকা৷ তালিবানে যোৱা এটা সপ্তাহত দেশখনত ভালদৰে খোপনি পুতিবলৈ আৰম্ভ কৰোতেই তালিবান বিৰোধীয়ে বিগত তিনিদিনত বাগলান নামৰ তৃতীয়খন প্ৰদেশ তালিবানৰ কবলৰ পৰা উদ্ধাৰ কৰি নিজৰ দখল সাব্যস্ত কৰে৷ পূৰ্বৰে পৰা তালিবান বিৰোধী আহমেদ মাছুদ বাহিনীৰ দখলত আছিল পঞ্জশিৰ আৰু পাৰৱান প্ৰদেশ৷ এই যুদ্ধত ১৫ তালিবান যোদ্ধাক নিহত কৰিছিল আহমেদ মাছুদৰ বাহিনীয়ে৷ ইয়াৰ পাছতে তালিবান বিৰোধীৰ এই প্ৰতিৰোধৰ কাহিনী বিশ্বজুৰি প্ৰচাৰ হয় আৰু আফগানিস্তানত তালিবান অপ্ৰতিৰোধ্য নহয় বুলি একাধিক আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে উৎসাহ আৰু সমৰ্থন প্ৰকাশ কৰে৷ এই ঘটনাত তালিবান সচকিত হৈ উঠে আৰু তেওঁলোকৰ বল-বীৰ্যৰ প্ৰতি দেশৰ ভিতৰতে প্ৰশ্ন উঠিলে আন আন প্ৰদেশতো তালিবান বিৰোধী প্ৰতিৰোধ গঢ়ি উঠিব পাৰে বুলি পঞ্জশিৰ প্ৰদেশৰ বিদ্ৰোহ কলিতে মষিমূৰ কৰিবলৈ তৎপৰ হৈ পৰে৷ দেওবাৰে তালিবানে পঞ্জশিৰৰ বিৰোধী পক্ষক আত্মসমৰ্পণ কৰাৰ বাবে চাৰি ঘণ্টাৰ চূড়ান্ত সময়সীমা বান্ধি দিয়ে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত আহমেদ মাছুদৰ বাহিনীয়ে নিৰ্দেশ উলংঘা কৰাত বিয়লি তালিবান বাহিনীয়ে যুদ্ধ আৰম্ভ কৰে৷ যোৱা তিনি মাহত এপিনৰ পৰা সমগ্ৰ আফগানিস্তান দখল কৰোতে তালিবানে কোনো বৃহৎ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হোৱা নাছিল৷ দুই-এখন চহৰত চৰকাৰী বাহিনীৰ সৈতে যুদ্ধ কৰিবলগীয়া হ’লেও সকলো স্থানতে অৱশেষত আত্মসমৰ্পণ কৰিছিল চৰকাৰী সেনাবাহিনীয়ে৷ অন্তিম দুদিনত যোৱা শনিবাৰ আৰু দেওবাৰে এটাও গুলী নুফুটুৱাকৈ হেৰাট, মাজাৰ-ই-শ্বৰিফ, জালালাবাদ, কান্দাহাৰ দখল কৰি অৱশেষত বিনাযুদ্ধে কাবুলৰ ৰাষ্ট্ৰপতিৰ প্ৰসাদ আৰু সংসদ ভৱনত প্ৰৱেশ কৰিছিল তালিবান নেতৃত্বই৷ প্ৰায় ৰক্তপাত অবিহনে সমগ্ৰ দেশ অধিকাৰ কৰাৰ পাছত এইবাৰ বিৰোধীমুক্ত কৰিবলৈ পঞ্জশিৰ উপত্যকাত জপিয়াই পৰিছে নৃশংস তালিবান৷ প্ৰাকৃতিকভাৱে দূৰ্গসদৃশ পঞ্জশিৰ উপত্যকাৰ এই তালিবান আৰু বিৰোধীৰ যুদ্ধক লৈ দেশবাসীৰ লগতে শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব৷ কিয়নো ইয়াৰ পৰাই আৰম্ভ হ’ব পাৰে তালিবান কবলিত আফগানিস্তানত গৃহযুদ্ধ৷ পঞ্জশিৰৰ তালিবান বিৰোধী বাহিনীৰ অন্যতম শীৰ্ষনেতা, সদ্যপতন ঘটা আফগানিস্তানৰ আছৰফ গণি চৰকাৰৰ প্ৰতিৰক্ষামন্ত্ৰী জেনেৰেল বিছমিল্লাহ মহম্মদিয়ে তালিবানৰ প্ৰত্যাঘাত তেওঁলোকে ওফৰাব বুলি হুংকাৰ দিছে৷ নিৰ্বাসিত প্ৰতিৰক্ষামন্ত্ৰী বিছমিল্লাহে কয়, পঞ্জশিৰ উপত্যকাক পদানত কৰাতো তালিবানৰ বাবে সহজ নহয়৷ প্ৰাকৃতিকভাৱে দূৰ্গসদৃশ পঞ্জশিৰত তালিবানৰ পতন ঘটিব৷ পঞ্জশিৰক কেতিয়াও তালিবানে অধিকাৰ কৰিব পৰা নাই, এইবাৰো নোৱাৰে৷ পঞ্জশিৰ উপত্যকাক তালিবানৰ পৰা ৰক্ষা কৰাৰ বাবে উপত্যকাৰ প্ৰধান নেতা আহমেদ মাছুদৰ সৈতে যোগ দিছে গণি চৰকাৰৰ প্ৰতিৰক্ষামন্ত্ৰীৰ লগতে উপ-ৰাষ্ট্ৰপতি আমৰুল্লা ছালেহে৷ আমৰুল্লাই ৰাষ্ট্ৰপতি গণিয়ে পলায়ন কৰাৰ পাছত নিজকে দেশখনৰ ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰিছে৷ বিছমিল্লাহ আৰু ছালেহৰ সৈতে আছে অনুগত চৰকাৰী বাহিনীৰ এটা উল্লেখনীয় অংশ৷ হিন্দুকুশ পৰ্বতৰ নামনিৰ নয়নাভিৰাম পঞ্জশিৰ উপত্যকাক ইমানদিনে তালিবানমুক্ত কৰি ৰখা সাহসী যোদ্ধাজনেই হৈছে তাজিক নেতা আহমেদ মাছুদ৷ উপত্যকাত মাছুদৰ অনুগত বাহিনীৰ সংখ্যা দহ হাজাৰোধিক৷ দেশৰ আৰু এজন প্ৰাক্তন উপৰাষ্ট্ৰপতি তথা উত্তৰ-পশ্চিম আফগানিস্তানৰ ‘ৱাৰলৰ্ড’ আব্দুল ৰছিদ দোস্তামো আছে ‘নৰ্ডান এলায়েন্স’ কৰা হিচাপে পৰিচিত এই জোটত৷ এই উজবেক ৱাৰলৰ্ডক সহায় কৰিবলৈ আঠ হাজাৰ সেনা লৈ ‘নৰ্ডান এলায়েন্স’ত যোগ দিছেহি তেওঁৰ জ্যেষ্ঠ পুত্ৰ ইয়াব মহম্মদ দোস্তামে৷ ইতিমধ্যে বিগত এসপ্তাহত এই ‘নৰ্ডান এলায়েন্সে’ তুমুল যুদ্ধৰ অন্তত শুকুৰবাৰে পঞ্জশিৰৰ সমীপৱৰ্তী বাগলান প্ৰদেশৰ বানু, পুল-ই-হিছাৰ আৰু দে-ছালাহ জিলা অধিকাৰ কৰিছিল৷ সম্প্ৰতি নিৰ্বাসিত উপ-ৰাষ্ট্ৰপতি আমৰুল্লা ছালেহৰ অনুগত চৰকাৰী বাহিনীৰ আন এটা অংশ পঞ্জশিৰৰ ৰাজধানী পুল-ই-খুমৰিৰ ওচৰত আহি উপনীত হৈছে৷ বুধবাৰে এই বাহিনীয়ে পাৰৱান প্ৰদেশৰ ৰাজধানী চাৰিকাৰ আৰু আন কেইবাটাও অংশ তালিবানৰ পৰা পুনৰুদ্ধাৰ কৰে৷ আনহাতে, বাগনান প্ৰদেশ পুনৰ অধিকাৰ কৰি শনিবাৰে সুবিধাজনক স্থানত থিতাপি লৈ আছে তালিবানবিৰোধী বাহিনীৰ কামাণ্ডাৰ আব্দুল হামিদে৷ সম্পূৰ্ণ বাগনান প্ৰদেশ আৰু পাৰৱান দখললৈ আনিলে উত্তৰ আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফ দখল কৰি থকা তালিবান বাহিনীৰ সৈতে কাবুলৰ যোগাযোগ বিছিন্ন হৈ পৰিব৷ এনে আশংকা কৰিয়েই দেওবাৰে কাবুলৰ পৰা ৰাওনা হৈছে বৃহৎ তালিবান বাহিনী৷ আমেৰিকাৰ সেনাই আফঘানিস্তানৰ সেনাবাহিনীক দিয়া অস্ত্ৰৰে বলীয়ান হৈ পৰা তালিবান বাহিনী পঞ্জশিৰলৈ ৰাংকুকুৰৰ দৰে ঢপলিয়াই গৈছে৷ তালিবান বাহিনীৰ হাতত আছে বিপুল আমেৰিকান অস্ত্ৰসম্ভাৰ৷ আফগান সেনাক আমেৰিকাই ছয় লাখ এম-৪ আৰু এম-১৬ ৰাইফল, ৮০,০০০ মাইন নিৰোধক গাড়ী, ৪,৭০০ হামভি যুদ্ধগাড়ী, ২০,০০০ গ্ৰেনেড দিছিল৷ ইয়াৰ সিংহভাগেই এতিয়া তালিবানৰ হাতত৷ বিভিন্ন ভিডিঅ’ আৰু ফটো প্ৰকাশ কৰি তালিবানে সেয়া প্ৰদৰ্শন কৰিছে আৰু তালিবান যোদ্ধাৰ হাতে হাতে আমেৰিকান দুৰ্জেয় অস্ত্ৰ দেখা গৈছে৷ তদুপৰি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু সম্পূৰ্ণ সামৰিক সজ্জাৰে তালিবানে বদৰ-৩১৩ নামৰ এটা বাহিনী হজৰৎ মহম্মদৰ স্মৰণত গঢ়ি তুলিছে৷ পঞ্জশিৰৰ যুদ্ধত তালিবান যোদ্ধাই বিৰোধীক বলে নোৱাৰিলে অৱশেষত বদৰ-৩১৩ক নমোৱাৰ পৰিকল্পনা কৰিছে৷ ধাৰণা কৰা হৈছে এই যুদ্ধ ডাঙৰেই হ’ব৷ দেওবাৰে আমেৰিকাই কাবুলত ৰেপিড ডাইভিং যুঁজাৰু নমাইছে আৰু আইছিছে ৰকেট নিক্ষেপ কৰি উদ্ধাৰকাৰী বিমান বগৰোৱাৰ ভয়ত ফৰাচী তথা আমেৰিকান বিমানে ভূমিভাগত থকা বিৰোধী যুঁজাৰুক বিভ্ৰান্ত কৰাৰ বাবে বিমানৰ পৰা জুইৰ ফিৰিঙতি নিৰ্গত কৰিছে৷ কাবুল বিমানবন্দৰৰ সমীপত আজি দুগৰাকী মহিলাকে ধৰি ৭জন লোকৰ আৰু এসপ্তাহত মুঠতে ১৫জনৰ মৃত্যু হৈছে৷