Logo
image

তৃতীয় ঢৌ! সাৱধানে ৰাখক শিশুক

আমাৰ অসম, ২৪ আগষ্টঃ দেশৰ ১৩৫ কোটি নাগৰিকক চৰম আতংকৰ মাজলৈ ঠেলি দি ক’ভিডৰ তৃতীয় ঢৌ আহি আছে৷ ভাৰতত ক’ভিডৰ তৃতীয় ঢৌত সৰ্বাধিক আক্ৰান্ত হ’ব কম বয়সীয়া শিশু৷ ক’ভিডৰ তৃতীয় লহৰে ভাৰতত শিখৰ স্পৰ্শ কৰিব এতিয়াৰ পৰা ডেৰমাহ পাছত অহা অক্টোবৰত৷ ক’ভিডৰ তৃতীয় ঢৌ তুংগত থকাৰ সময়ত ভাৰতত দৈনিক ৫ লাখৰো অধিক লোক সংক্ৰমিত হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানৰ দ্বাৰা গঠন কৰা এখন বিশেষজ্ঞ কমিটীয়ে এই চৰম উদ্বেগজনক ভৱিষ্যদ্বাণী কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে৷ সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ত থকা প্ৰতিবেদনখনতে উল্লেখ কৰা হৈছে এই ভয়ংকৰ তথ্য৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানে [এন আই ডি এম] প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশত ইতিমধ্যে ক’ভিডৰ তৃতীয় ঢৌ তলে তলে আৰম্ভ হৈ গৈছে৷ কিয়নো জুলাইৰ শেষৰ সপ্তাহৰ পৰা ‘আৰ ভেল্যু’ ‘ৰ’ৰ ওপৰলৈ উঠি আহিছে৷ ‘আৰ ভেলু’ হৈছে এজন সংক্ৰমিতৰ পৰা কেইজন ব্যক্তি আক্ৰান্ত হ’ব পাৰে তাৰ পৰিসংখ্যা৷ এই পৰিস্থিতিত শিশু, প্ৰাপ্তবয়স্ক আৰু ক’-মৰ্বিডিটি থকা শিশুৰ ক্ষেত্ৰত কি কি সাৱধানতা ল’ব লাগে সেই বিষয়ে প্ৰতিবেদনত ৪০ জনীয়া বিশেষজ্ঞ কমিটীয়ে পৰামৰ্শ দিছে৷ মূলতঃ শিশুৰ অভিভাৱকসকলক এতিয়াৰ পৰাই সাৱধানতা ল’বলৈ পৰামৰ্শ দিছে বিশেষজ্ঞ কমিটীয়ে৷ ক’ভিডৰ চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰে ল’বলগীয়া পদক্ষেপৰ পৰামৰ্শও এই প্ৰতিবেদনত সন্নিবিষ্ট কৰা হৈছে৷ প্ৰধানকৈ সৰ্বাত্মক টিকাকৰণেই তৃতীয় ঢৌৰ পৰা ৰক্ষা পোৱাৰ মূল উপায় বুলি কোৱা হৈছে৷ তদুপৰি এই পৰ্যন্ত দেশত ৫০ কোটি পালি প্ৰতিষেধকহে প্ৰদান কৰাটো ক’ভিডৰ তৃতীয় ঢৌ প্ৰতিৰোধৰ পথত প্ৰধান অন্তৰায় হৈ উঠিব পাৰে বুলি প্ৰতিবেদনখনত আশংকা প্ৰকাশ কৰা হৈছে৷ উল্লেখ্য, এতিয়ালৈকে দেশত ৫০ কোটি নাগৰিকক টিকাকৰণ কৰা বুলি চৰকাৰে দাবী কৰিলেও ইয়াৰে অধিকাংশই এপালিকৈহে প্ৰতিষেধক পাইছে৷ ইয়াক সম্পূৰ্ণ টিকাকৰণ বুলি ক’ব নোৱাৰি, কিয়নো দুপালিকৈ প্ৰতিষেধক প্ৰদান নকৰালৈকে ক’ভিডৰ সংক্ৰমণ আৰু তাৰ মাৰাত্মক ফলাফল প্ৰতিৰোধ কৰা অসম্ভৱ৷

বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে, দেশৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহত শিশু চিকিৎসকৰ অভাৱে এতিয়া ৮২ শতাংশ স্পৰ্শ কৰিছে৷ তদুপৰি দেশৰ সৰু চহৰত থকা নামত ডাঙৰ অসামৰিক চিকিৎসালয়সমূহত শিশুৰ বাবে পৃথক আই চি ইউ নাই কিম্বা থাকিলেও আই চি ইউৰ প্ৰকৃত সা-সুবিধাসমূহ নাই৷ গ্ৰামাঞ্চলত শিশুৰ বাবে আইচিইউ থকা দূৰৈৰ কথা, শিশুৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতি দেশত মুঠেই ১৮ শতাংশ আৰু শিশুৰ বিশেষ ৱাৰ্ডৰ উপস্থিতি গ্ৰামাঞ্চলত শূন্য শতাংশ৷ এনে অৱস্থাত তৃতীয় লহৰত শিশু অধিকভাৱে সংক্ৰমিত হ’লে চিকিৎসা কেনেকৈ চলিব সেই লৈ প্ৰতিবেদনত বিশেষজ্ঞ কমিটীয়ে উদ্বেগ প্ৰকাশ কৰিছে৷ দেশত যোৱা এপ্ৰিল-মে’-জুনত দ্বিতীয় ঢৌৰ সময়ত উন্নত চহৰতে শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত পৃথক আইচিইউ নথকাৰ বাবে আৰু সৰু চহৰত শিশু ৱাৰ্ড নথকাৰ বাবে দেশৰ চিকিৎসা ব্যৱস্থাৰ জঁকা সকলোৰে সন্মুখত মুকলি হৈ পৰিছিল৷ তেতিয়াই দেশত শিশু বিশেষজ্ঞ, চিকিৎসা সামগ্ৰী, স্বাস্থ্যকৰ্মীৰ অভাবো উদং হৈ পৰিছিল৷ তৃতীয় ঢৌৰ ক্ষেত্ৰত সেয়ে আগতীয়াকৈ শিশুৰ বাবে বিশেষ সাৱধানতা ল’বলৈ ৪০ জনীয়া বিশেষজ্ঞৰ দলে মোদী চৰকাৰক পৰামৰ্শ আগবঢ়াইছে৷ প্ৰধানমন্ত্ৰীক দিয়া প্ৰতিবেদনত জৰুৰীকালীনভাৱে দেশৰ চিকিৎসালয়ত শিশুৰ ৱাৰ্ড গঢ়ি তুলিবলৈও কোৱা হৈছে৷ বিশেষজ্ঞ কমিটীয়ে মূলতঃ ক’ভিড চিকিৎসাৰ আন্তঃগাঁথনি যুদ্ধকালীনভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ প্ৰসংগতঃ এইমছৰ এখন বিশেষজ্ঞ কমিটী আৰু ভাৰতীয় ষ্টেট বেংকৰ এখন বিশেষজ্ঞ কমিটীয়েও অহা অক্টোবৰতে তৃতীয় ঢৌৱে শিখৰ স্পৰ্শ কৰিব বুলি প্ৰকাশ কৰিছে৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ১২-১৮ বছৰীয়া কিশোৰ-কিশোৰীৰ বাবে জাইক’ভ-বি নামৰ প্ৰতিষেধকক এই আশংকাৰ মাজতে জৰুৰী ব্যৱহাৰৰ বাবে জনোৱা অনুমোদন আশাৰ বতৰা বুলি ধৰা হৈছে৷ তদুপৰি কেন্দ্ৰই তৃতীয় ঢৌ মোকাবিলাৰ বাবে ৭,৩০০ কোটি টকাৰ মঞ্জুৰি দিছে৷ তৃতীয় ঢৌৰ বাবে কেন্দ্ৰই জৰুৰী পুঁজি ব্যৱহাৰৰ কথা ঘোষণা কৰিছিল৷ তৃতীয় ঢৌ মোকাবিলাৰ বাবে মুঠতে ২৩,১২০ কোটি টকাৰ প্ৰয়োজন হ’ব পাৰে বুলি হিচাপ কৰা হৈছে, য’ৰ ১৭,৪৪৪ কোটি কেন্দ্ৰই দিব আৰু বাকী অৰ্থ ৰাজ্যই নিজে ভৰিব লাগিব৷ কেন্দ্ৰই জুলাইৰ শেষত ১৫ শতাংশ আৰু যোৱা শুকুৰবাৰে ৩৫ শতাংশ ধন মঞ্জুৰ কৰে৷ এই ধন অক্সিজেন প্লাণ্ট স্থাপন, আৰটিপিচি আৰু কিট ক্ৰয়, পৰীক্ষাগাৰ নিৰ্মাণ, শিশুৰ ক’ভিডৰ ঔষধ, ভেণ্টিলেটৰ ক্ৰয়ত ব্যয় কৰা হ’ব৷

ইপিনে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২২ খন ৰাজ্যত নতুন কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা ১,৬০০ খন সভা অনুষ্ঠিত কৰি তৃতীয় ঢৌক নিজেই আমন্ত্ৰণ জনাই অনা বুলি বিৰোধী পক্ষই অভিযোগ উত্থাপন কৰিছে৷ বিজেপি আৰু বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে অলপতে নিযুক্তি দিয়া নতুন মন্ত্ৰীসকলক ২২ খন ৰাজ্যলৈ ‘আশীৰ্বাদ যাত্ৰা’ বুলি এটা ৰাজনৈতিক কাৰ্যসূচী আৰম্ভ কৰি প্ৰেৰণ কৰিছে আৰু দেশত মুঠতে ১,৬০০ খন সভা আয়োজন কৰিছে৷ ক’ভিডৰ দ্বিতীয় ঢৌ শেষ নহওতেই মোদী চৰকাৰে ১,৬০০ খন সভা পাতি ক’ভিডৰ তৃতীয় ঢৌক নিজেই আমন্ত্ৰণ কৰা বুলি বিৰোধী দলে মন্তব্য কৰিছে৷ দ্বিতীয় ঢৌৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্তখন ৰাজ্যত আয়োজন কৰা নিৰ্বাচনৰ ফলত দ্বিতীয় ঢৌৰ ক্ষতি ভয়ংকৰ হৈ পৰিছিল৷