Logo
image

আফগান সংকট! মোদীৰ সৰ্বদলীয় বৈঠকৰ আহ্বান

আমাৰ অসম, ২৪ আগষ্টঃ  চৰম তালিবান বিৰোধী আৰু আফগানিস্তানত আমেৰিকাৰ সৈতে লগ লাগি যুদ্ধ কৰি থকা ব্ৰিটেইনেও প্ৰয়োজন অনুসৰি তালিবান চৰকাৰৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিব বুলি মন্তব্য কৰাৰ পাছত চৰম সংকটত পৰিছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ সমগ্ৰ বিশ্বৰ দৰে নৰেন্দ্ৰ মোদী চৰকাৰেও তালিবানক সন্ত্ৰাসবাদী হিচাপে গণ্য কৰি আহিছে আৰু বিশ বছৰৰ পূৰ্বে তালিবান শাসনতো সেই চৰকাৰক ভাৰতে স্বীকৃতি প্ৰদান কৰা নাছিল৷ এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত ভাৰতে তালিবান শাসকৰ সৈতে কেনে ধৰণৰ সম্পৰ্ক স্থাপন কৰিব সেই লৈ দ্বিধাগ্ৰস্ত হৈ পৰা নৰেন্দ্ৰ মোদী চৰকাৰে এটা সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণৰ বাবে অহা বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে৷ উক্ত বৈঠকলৈ দেশৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এটা টুইটৰ জৰিয়তে জনাইছে যে, ২৬ আগষ্টৰ দিনৰ ১১ বজাত সৰ্বদলীয় বৈঠকখন অনুষ্ঠিত হ’ব৷ এই বৈঠকত আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰাৰ উপৰি তালিবান শাসকৰ সৈতে ভাৰতে কেনে সম্পৰ্ক ৰাখিব সেই লৈ বিৰোধী দলৰ পৰা চৰকাৰে মতামত ল’ব৷ উল্লেখ্য, আফগানিস্তানত ভাৰতে তিনিশ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ অৰ্থ বিনিয়োগ কৰিছে আৰু বহুসংখ্যক ভাৰতীয় কোম্পানী দেশখনত নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে৷ সেয়ে তালিবানে আফগানিস্তান দখল কৰাৰ ফলত ভাৰতে যদি সেই চৰকাৰক স্বীকৃতি নিদিয়ে তেন্তে কেৱল নৰেন্দ্ৰ মোদী চৰকাৰেই নহয় দেশখনৰ বহুসংখ্যক কোম্পানী ভয়ংকৰ লোকচানৰ সন্মুখীন হ’ব৷ এই পৰ্যন্ত ভাৰতে তালিবানৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা-নকৰা সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা নাই৷ কিন্তু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত আফগানিস্তানৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ যোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাত দুদিন পূৰ্বে কৈছিল– আফগানিস্তানৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্ক আছে৷ সেই সম্পৰ্ক ভাৰত চৰকাৰে অটুট ৰাখিব৷