Logo
image

মাৰ্কিন সৈন্যক কাবুল এৰিবলৈ হুমকি তালিবানৰ

আমাৰ অসম, ২৪ আগষ্টঃ আফগানিস্তান দখল কৰি লোৱা তালিবানে অহা ৩১ আগষ্টৰ ভিতৰত আমেৰিকাৰ শেষজন সেনাক দেশৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে৷ ৩১ আগষ্টৰ পাছতো যদি আফগানিস্তানত ভূমিত আমেৰিকাৰ সেনাৰ এজনো অৱশিষ্ট ৰয় তেন্তে আমেৰিকাই চৰম পৰিণতি ভুগিব লাগিব বুলি সোমবাৰে তালিবানৰ শীৰ্ষ নেতাই হুংকাৰ দিছে৷ তালিবানে এই সন্দৰ্ভত এটা বিবৃতি প্ৰকাশ কৰি কৈছে– চুক্তি অনুযায়ী ৩১ আগষ্টৰ ভিতৰত আমেৰিকাৰ সম্পূৰ্ণ সেনা আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা আছে৷ যদিহে আমেৰিকাই সেই চুক্তি উলংঘা কৰে তেন্তে তেওঁলোকে আফগানিস্তানৰ ভূমিত চৰম পৰিণতি ভুগিব লাগিব৷

উল্লেখ্য, ডোহাত থকা তালিবানৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয়ত মধ্যস্থতাকাৰীৰ জৰিয়তে আমেৰিকাৰ চৰকাৰে ৩১ আগষ্টৰ ভিতৰত আফগানিস্তানৰ পৰা সকলো সেনা প্ৰত্যাহাৰ কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল৷ অৱশ্যে সেই চুক্তিত তালিবানে ৩১ আগষ্টৰ ভিতৰত সমগ্ৰ আফগানিস্তান দখল কৰি ল’ব, তেনে ধৰণৰ কোনো দফা উল্লেখ নাছিল৷ পিছে আচম্বিতে যোৱা ১৫ আগষ্টতে দেশখনৰ সকলো প্ৰদেশ দখল কৰাৰ পাছত তালিবান যোদ্ধাই ৰাজধানী কাবুল অধিকাৰ কৰি লয়৷ ইয়াৰ ফলত আমেৰিকাই তেওঁলোকৰ সেনা আৰু দেশখনত কৰ্মৰত আমেৰিকাৰ নাগৰিকক স্থানান্তৰ কৰাত চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে৷ সেয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আফগানিস্তানলৈ আৰু ২৫০০ মান সেনা প্ৰেৰণ কৰা তথা দেশখনত আৰু কিছুদিনলৈ আমেৰিকাৰ সেনা ৰখাৰ ইংগিত দিছিল৷ সেই ইংগিত শুনিয়েই তালিবানে এতিয়া আমেৰিকাক ভাবুকি দিছে৷ উল্লেখ্য, সম্প্ৰতি আমেৰিকাৰ সেনাৰ নিয়ন্ত্ৰণ কেৱল কাবুল বিমানবন্দৰতহে আছে৷ অৱশ্যে পাশ্বৰ্ৱৰ্তী অঞ্চলৰ পৰা আমেৰিকাৰ সেনাই তেওঁলোকৰ নাগৰিকক হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰি আছে৷