Logo
image

চক্ৰবেহুত পঞ্জশিৰ, তিনিশ তালিবান নিধনৰ দাবী মাছুদৰ

আমাৰ অসম, ২৪ আগষ্টঃ তালিবানৰ ওচৰত সেও নমনা আফগানিস্তানৰ উত্তৰ অংশৰ পঞ্জশিৰ উপত্যকা তালিবান যোদ্ধাই ঘেৰি পেলাইছে বুলি দাবী কৰিছে৷ একেলগে পঞ্জশিৰ উপত্যকাৰ বিভিন্ন স্থানত তালিবান আৰু তালিবান বিৰোধীৰ মাজত দেওবাৰৰ পৰাই তুমুল যুদ্ধ আৰম্ভ হৈছে৷ তালিবান বিৰোধী ‘নৰ্ডাৰ্ণ এলায়েন্সে’ অৱশ্যে দাবী কৰি কৈছে যে তেওঁলোকে এদিনৰ যুদ্ধতে তিনিশ তালিবান যোদ্ধা নিহত কৰিবলৈ সক্ষম হৈছে৷ তালিবানৰ শাসন নমনা বিৰোধী শিবিৰ আৰু তালিবান শিবিৰৰ দাবী-প্ৰতিদাবীত এতিয়া উত্তপ্ত হৈ পৰিছে ভূমিভাগৰ দৰেই ছ’চিয়েল মিডিয়া তথা মূলসূঁতিৰ মিডিয়াৰ মঞ্চ৷ কিয়নো পঞ্জশিৰ উপত্যকাত কোনো সাংবাদিকে প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই আৰু উভয় শিবিৰে কৰা দাবীকে দেশখনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিবলৈ বাধ্য হৈছে৷ তদুপৰি নব্য তালিবানে নিজৰ জনসংযোগ উন্নত কৰি এতিয়া ছ’চিয়েল মিডিয়াৰ দ্বাৰা প্ৰচাৰৰ আশ্ৰয় লৈছে আৰু তেওঁলোকে টুইটাৰৰ জৰিয়তে পঞ্জশিৰক বেৰি ধৰি আক্ৰমণ কৰা বুলি দাবী কৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, পঞ্জশিৰ উপত্যকা কোনোদিনেই তালিবানে অধিকাৰ কৰিব পৰা নাছিল৷ এইবাৰো সমগ্ৰ দেশ মাথোঁ তিনিমাহত পদানত কৰিলেও পঞ্জশিৰ উপত্যকা তালিবানমুক্ত হৈ ৰৈ গৈছিল৷ পঞ্জশিৰক তালিবানৰ কবললৈ যাবলৈ নিদিয়ে বুলি দাবী কৰি দহ হাজাৰৰো অধিক যোদ্ধা লৈ অঞ্চলটোক সুৰক্ষা দিবলৈ যুদ্ধ আৰম্ভ কৰিছে তাজিক নেতা আহমেদ মাছুদে৷ ইতিমধ্যে দেশখনৰ প্ৰাক্তন উপ-ৰাষ্ট˜পতি আমৰুল্লা চালেহ আহমেদ মাছুদৰ লগ লাগিছে আৰু তেওঁৰ সৈতে আছে চৰকাৰী অনুগত সামৰিক বাহিনীৰ এটা বৃহৎ অংশ৷ যোৱা বুধবাৰৰ পৰা পঞ্জশিৰ উপত্যকাৰ কেইবাখনো প্ৰদেশ তালিবানৰ পৰা এই ‘নৰ্ডাৰ্ণ এলায়েন্সে’ উদ্ধাৰ কৰা বুলি দাবী কৰাৰ পাছত দেওবাৰে তালিবানে তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ চাৰিঘণ্টাৰ সময়সীমা বান্ধি দিছিল৷ পিছে তালিবান বিৰোধী পক্ষই সেই দাবী উলংঘা কৰে আৰু আত্মসমৰ্পণ নকৰে বুলি জনাই দিয়ে৷ ফলত বৃহৎ সংখ্যাত তালিবান যোদ্ধাই দেওবাৰে বিয়লি পঞ্জশিৰ উপত্যকালৈ ৰাওনা হৈ আক্ৰমণ আৰম্ভ কৰে৷ পঞ্জশিৰলৈ ঘাইকৈ ৰাজধানী কাবুলৰ উপৰি সমীপৱৰ্তী কুন্দুজ, বলখ প্ৰদেশ, মাজাৰ-ই-শ্বৰিফৰ পৰা তালিবান যোদ্ধা ৰাওনা হৈছিল৷ তালিবান বিৰোধী দলটোৱে দাবী কৰা মতে তেওঁলোকে তালিবানৰ এটা বৃহৎ দলক বোমা বিস্ফোৰণেৰে আদবাটতে নিধন কৰিবলৈ সক্ষম হয়৷ তালিবান বিৰোধীৰ মতে এই আক্ৰমণত তিনিশ তালিবান যোদ্ধা নিধন হৈছে৷ অঞ্চলটোৰ একাধিক স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বহুসংখ্যক বিস্ফোৰণৰ শব্দ তেওঁলোকে শুনিবলৈ পাইছে৷ ভয়ংকৰ বিস্ফোৰণৰ শব্দৰ পৰা এই আক্ৰমণত যিকোনো পক্ষৰ গুৰুতৰ ক্ষতি হোৱাৰ আশংকা থকা বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷

আফগানিস্তানৰ প্ৰায় প্ৰত্যেকখন প্ৰদেশে তালিবানৰ ওচৰত বিনাযুদ্ধে আত্মসমৰ্পণ কৰিলেও হিন্দুকুশ পৰ্বতৰ নামনিত থকা পঞ্জশিৰ উপত্যকাৰ যোদ্ধাই তালিবানৰ শাসন স্বীকাৰ কৰা নাছিল৷ ফলত ১৫ আগষ্টৰ পাছতো এই অঞ্চলটো তালিবানমুক্ত হৈ ৰৈ গৈছিল৷ তালিবান বিৰোধী আহমেদ মাছুদৰ উপৰি এই অঞ্চলৰ পৰা যুদ্ধত নামি পৰিছে সদ্য পতন ঘটা আছৰফ গনি চৰকাৰৰ উপ-ৰাষ্ট˜পতি আমৰুল্লা চালেহ৷ তেওঁলোকক সংগ দিছে জৌজান প্ৰদেশৰ ‘ৱাৰলৰ্ড’ উজবেক যুঁজাৰু ৰছিদ দোস্তমে৷ উল্লেখ্য, আহমেদ মাছুদৰ পিতৃ শ্বাহ মাছুদে দুই দশকৰ পূৰ্বেও ‘নৰ্ডাৰ্ণ  এলায়েন্স’ৰ নেতৃত্ব দি তালিবানৰ পৰা অঞ্চলটো মুক্ত কৰি ৰাখিছিল৷ ২০০১ চনত তালিবানৰ বন্ধু সংগঠন ওছামা বিন লাডেনৰ আল কায়দাৰ এজন সদস্যই সাংবাদিকৰ ছদ্মবেশত গৈ মানৱ বোমা হিচাপে আত্মহত্যা কৰি শ্বাহ মাছুদক হত্যা কৰিছিল৷