সম্বৰ্ধনা লৈ লৈ অতীষ্ঠ নীৰজ, হ’ল অসুস্থও
আমাৰ অসম, ২৬ আগষ্টঃ ভাৰতীয় ক্ৰীড়া ইতিহাসৰ এথলেটিকছৰ একমাত্ৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই অত্যধিক সম্বৰ্ধনা খেলুৱৈৰ বাবে মুঠেই উপকাৰী নহয় বুলি মন্তব্য কৰিছে৷ টকিঅ’ অলিম্পিকত জেভেলিনত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছত দেশলৈ উভতি আহি তেওঁ ইমানেই সম্বৰ্ধনা অনুষ্ঠানত ভাগ ল’বলগীয়া হ’ল যে তাৰ ফলত ডায়মণ্ড লীগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম নহ’ল৷ প্ৰস্তুতি নথকাৰ বাবে তেওঁ ডায়মণ্ড লীগ বৰ্জন কৰে আৰু কেৱল সম্বৰ্ধৰ্নাত ব্যস্ত থকাৰ বাবেই বিশ্বৰ আগশাৰীৰ এখন প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতা নকৰাকৈ বাদ দিব লগীয়া হ’ল বুলি প্ৰকাশ কৰিছে৷ কিয়নো অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছত ডায়মণ্ড লীগত ব্যৰ্থতা প্ৰদৰ্শন কৰিলে তেওঁৰ অলিম্পিকৰ সাফল্যক লৈ প্ৰশ্ন উঠিব পাৰে৷ একেৰাহে দীৰ্ঘদিন ধৰি সম্বৰ্ধনা সভাত ভাগ লৈ থকাৰ ফলত অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী এথলীটজন অসুস্থ হৈ পৰিছিল৷ সেয়ে তেওঁ ডায়মণ্ড লীগৰ বাবে নিজকে সাজু কৰিবলৈ সক্ষম নহ’ল৷ টাইম্ছ অব্ ইণ্ডিয়াৰ সৈতে হোৱা এটা দীঘলীয়া সাক্ষাৎকাৰত নীৰজ চোপ্ৰাই ভাৰতত বিজয়ী হোৱাৰ লগে লগে কোলাত লৈ নচা আৰু এমাহৰ ভিতৰতে সেই সাফল্য সম্পূৰ্ণৰূপে পাহৰি পেলোৱা মনোবৃত্তি খেলুৱৈৰ বাবে মুঠেই সুবিধাজনক নহয় বুলি মন্তব্য কৰিছে৷ তেওঁৰ মতে একেকোবেই সাফল্যৰ পাছত খেলুৱৈ এজনক আকাশলৈ তুলি পাছত সৰু ব্যৰ্থতাতে মাটিলৈ থেকেচি পেলোৱাটো অনুচিত৷ এজন খেলুৱৈৰ সাফল্য আৰু অনুপ্ৰেৰণাৰ বাবে সকলো সময়তে দেশবাসীৰ সমৰ্থনৰ প্ৰয়োজন৷ পিছে ভাৰতত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে দেখা যায় বুলি নীৰজ চোপ্ৰাই সাক্ষাৎকাৰটোত স্পষ্টভাৱে মত প্ৰকাশ কৰিছে৷ টকিঅ’ অলিম্পিকৰ পাছত তেওঁৰ নিজৰ অভিজ্ঞতা বিষয়ে কয়– ‘টকিঅ’ৰ পৰা স্বৰ্ণ পদক লৈ অহাৰ পাছত মোৰ বাবে বৃহৎ অনুষ্ঠানে অপেক্ষা কৰি থকা বুলি অনুভৱ কৰিছিলো৷ কিন্তু এয়া ইমান দীঘলীয়া হ’ব বুলি ধাৰণা কৰিব পৰা নাছিলো৷ যোৱা প্ৰায় এমাহ মই চৰম ব্যস্ততাৰে কটাবলগীয়া হৈছে৷ দিনত ইখনৰ পাছত সিখন সম্বদ্ধৰ্না সভাত ঘামি-জামি ভাগ লৈছো৷ তাৰ পাছতে আকৌ এচি গাড়ীত উঠি যাত্ৰা৷ এনে প্ৰতিকূল পৰিস্থিতিৰ বাবে মই জ্বৰত ভুগিবলগীয়া হ’ল৷ জ্বৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ বাবে ডায়মণ্ড লীগত ভাগ ল’ব পৰাকৈ অনুশীলনেই কৰিব নোৱাৰিলো৷ অনুশীলন নকৰাকৈ গৈ তাত ব্যৰ্থ হ’লে মোক সকলোৱে সমালোচনাৰে থকাসৰকা কৰিব৷ ভাৰতত তেনে পৰিৱেশ দেখি আহিছো৷ অথচ মই বছৰত ডায়মণ্ড লীগৰ দৰে কমেও দুখন আগশাৰীৰ প্ৰতিযোগিতাত ভাগ লোৱা অতি প্ৰয়োজন৷ মোৰ বিশ্ব ৰেংকিং উন্নত কৰি ৰখাৰ স্বাৰ্থতে সেয়া অত্যাৱশ্যকীয়৷ কিন্তু মই অলিম্পিকৰ পাছৰ প্ৰথমখন ডাঙৰ প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰিলো৷ পদক পোৱাৰ দিনৰ পৰাই ভাৰতৰ পৰা যোৱা ইটোৰ পাছত সিটো ভিডিঅ’ কলৰ হেঁচাত মই পুৱতি নিশাই ৪.৩০ বজাতহে শুব পাৰিছিলো৷ দেশত আহি ভৰি দিয়াৰ পাছৰ পৰা উশাহ ল’বলৈও সময় নাই৷ মই পিছে এনেদৰে হেঁচা মাৰি ধৰি সম্বৰ্ধনা লোৱাৰ পক্ষপাতি নহয়৷ ইয়াৰ বিপৰীতে দেশৰ নাগৰিক, ক্ৰীড়া সংগঠন, চৰকাৰে সমগ্ৰ বছৰটো যদি খেলুৱৈজনৰ প্ৰতি দৃষ্টি দি থাকে আৰু মনোযোগ থাকে তেতিয়াহে খেলুৱৈজনৰ উন্নতি হোৱাৰ সম্ভাৱনা থাকে৷ এটা স্বৰ্ণ পদক আহি গ’ল মানেই শেষ নহয়৷ দেশক আৰু স্বৰ্ণ পদক লাগে৷ সেই কথা মনত ৰাখি সকলোৱে খেলুৱৈজনক প্ৰেৰণা যোগাই যোৱা অত্যাৱশ্যকীয়৷ অন্যথা সম্বৰ্ধনাৰ আতিশয্যত এজন খেলুৱৈ শেষ হৈ যাবলৈ বেছি সময় নালাগে৷’