Logo
image

আফগানীৰ ভেশত আমেৰিকালৈ আহিছে সহস্ৰাধিক তালিবানী!

আমাৰ অসম, ২৬ আগষ্টঃ আফগানিস্তানত বৰ্তমান সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে সকলোৱে আমেৰিকাৰ বাইডেন চৰকাৰৰ নীতিক সমালোচনা কৰিছে৷ বাইডেন চৰকাৰে লোৱা অবিবেচক সিদ্ধান্তৰ বাবেই তালিবানে পুনৰ আফগানিস্তান দখল কৰিবলৈ সক্ষম হোৱা বুলি আমেৰিকাৰ জনতাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ জনতাই অভিযোগ কৰিছে৷ ফলত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ জনপ্ৰিয়তা মাত্ৰ কেইদিনমানৰ ভিতৰতে নিম্নগামী হৈ পৰে৷ এতিয়া আন এটা কথাই আমেৰিকাৰ একাংশ লোকক চিন্তিত কৰি তুলিছে৷ সেয়া হৈছে কাবুল বিমান বন্দৰৰ পৰা আমেৰিকাই উদ্ধাৰ কৰি অনা হাজাৰ হাজাৰ আফগান লোকৰ ভিতৰত তালিবান বিদ্ৰোহী নাইতো! সাধাৰণ আফগান লোকৰ ভেশ ধৰি সহস্ৰাধিক তালিবানে আমেৰিকাত প্ৰৱেশ কৰা বুলি সন্দেহ কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ সাধাৰণ লোকৰ ভেশত অহা এই তালিবানী বিদ্ৰোহীয়ে আমেৰিকাত পুনৰ ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিব পাৰে৷ গতিকে চৰকাৰে এই বিষয়টোতো গুৰুত্ব দিব লাগে৷ ট্ৰাম্পে আৰু কয় যে আমেৰিকাই ২৬,০০০ লোকক কাবুল বিমান বন্দৰৰ পৰা উদ্ধাৰ কৰিছে৷ কিন্তু ইয়াৰ ভিতৰত মাত্ৰ ৪ হাজাৰ লোকহে হৈছে আমেৰিকাৰ৷ বাকী ২২ হাজাৰৰ ভিতৰত যদি তালিবানী বিদ্ৰোহীও সোমাই আছে, তেন্তে আমেৰিকাৰ বাবে ইয়ে আনিব ভয়ংকৰ বিপদ৷ গতিকে ইয়াৰ বাবে দায়ী হ’ব বাইডেন চৰকাৰ৷