Logo
image

কি ক’ত কিয় কুখ্যাত আইছিছ-কে

আমাৰ অসম, ২৮ আগষ্টঃ আইছিছ-কে অথবা খোৰাছান নামৰ যিটো সন্ত্ৰাসবাদী সংগঠনে বৃহস্পতিবাৰে কাবুলৰ দুটাকৈ বোমা বিস্ফোৰণ সংঘটিত কৰাৰ দায়িত্ব স্বীকাৰ কৰিছে, সেই সংগঠনটো বিশ্বৰ সকলো সন্ত্ৰাসবাদীতকৈ নৃশংসতম৷ আনকি তালিবানৰ দৰে ভয়ংকৰ উগ্ৰপন্থী সংগঠনো আইছিছ-কেৰ ওচৰত সন্ত্ৰাসৰ প্ৰশ্নত কেঁচুৱা৷ বৃহস্পতিবাৰে কাবুল বিমান বন্দৰৰ এবে গেট আৰু সমীপৰ বেৰন হোটেলত ক্ৰমে গাড়ী আৰু মানৱ বোমাৰ বিস্ফোৰণ ঘটাই ১৫৭ জন আফগান আৰু ১২জন আমেৰিকান মেৰিন কামাণ্ডো তথা এজন আমেৰিকান নেভিৰ স্বাস্থ্যকৰ্মীক নিধন কৰাৰ পাছত এই আইছিছ-কে নামৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱেই দায়িত্ব স্বীকাৰ কৰিছে৷ আইছিছ-কে হৈছে মূল আইছিছ সংগঠনৰ দ্বাৰা স্বীকৃত আঞ্চলিক উগ্ৰপন্থী সংগঠন৷ তেওঁলোকৰ প্ৰভাৱ মূলতঃ খোৰাছান অঞ্চলত থকাৰ বাবেই নামৰ সৈতে খোৰাছানৰ ইংৰাজী আদ্যাখৰ ‘কে’ সংযোগ কৰা হয়৷ আইছিছ খোৰাছান অতি সক্ৰিয় ইৰাণৰ উত্তৰ-পূব, তুৰ্কমেনিস্তানৰ দক্ষিণ আৰু আফগানিস্তানৰ উত্তৰ অংশত৷ পূব আফগানিস্তানত ২০১৪ চনৰ শেষৰফালে এই উগ্ৰপন্থী দলটোৰ আত্মপ্ৰকাশ ঘটিলেও দ্ৰুতভাৱে দলটোৱে খোৰাছান অঞ্চলত শক্তিবৃদ্ধি কৰি অঞ্চলটোৰ সবাতোকৈ শক্তিশালী উগ্ৰপন্থী সংগঠনত পৰিগণিত হয়৷ সংগঠনটো গঠিত হৈছে চৰমপন্থী পাকিস্তানী তালিবানৰ দ্বাৰা, যি আফগানিস্তানৰ তালিবানক মধ্যমপন্থী বুলি উপহাস কৰে আৰু দুয়োটা সংগঠনৰ মাজত আছে ঘোষিত শত্ৰুতা৷ শেহতীয়াকৈ আমেৰিকা আৰু নাটোৰ সেনাৰ পশ্চাৎপসৰণ আৰম্ভ হোৱাৰ পৰা আইছিছ-কেই পূব আফগানিস্তানত প্ৰভাৱ বিস্তাৰ কৰে আৰু নাংগাহাৰ তথা কুনাৰ প্ৰদেশত অতি সক্ৰিয় হৈ পৰে৷ তদুপৰি আমেৰিকাসহ পশ্চিমীয়া দেশৰ ওপৰত সেনা প্ৰত্যাহাৰৰ সময়ত প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে আইছিছ-কেই কাবুলত নতুনকৈ এটা ‘চেল’ গঠন কৰিছিল৷ ২০১৬ চনৰ পৰা কাবুলত ছেগা-চোৰোকাকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰি দলটোৱে বিগত দুবছৰত ৰাজধানী চহৰখনত ভীতিৰ আন এক নাম হৈ পৰিছিল৷ বিগত ৪ বছৰত আইছিছ-কেই পাকিস্তানৰ সীমান্তৱৰ্তী প্ৰদেশ জৌজান আৰু ফাৰয়াবত সংগঠন অতি মজবুত কৰি তোলে৷ মূলতঃ পাকিস্তানী তালিবানৰ দ্বাৰা দলটো গঠন হ’লেও আইছিছ-কেত আছে আফগান, উজবেক আৰু ভাৰতীয় সদস্য৷ ২০১৬ত কেৰালাৰ এহাল পতি-পত্নীয়ে আইছিছ-কেত যোগদান কৰাৰ পাছত বহু ভাৰতীয় সদস্য দলটোত ভৰ্তি হৈছে৷

আফগানিস্তানত আইছিছ-কেই ঘাইকৈ নৃশংস আক্ৰমণ সংঘটিত কৰি ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ চৰকাৰৰ অক্ষমতা প্ৰকাশ কৰাৰ লগতে ভয়ংকৰ সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰে৷ ২০১৯ চনৰ পৰা এতিয়ালৈকে কাবুলকে ধৰি আগশাৰীৰ চহৰত হোৱা প্ৰায় সকলো আত্মঘাতী আক্ৰমণ আৰু বোমা বিস্ফোৰণ আইছিছ-কেই সংঘটিত কৰি আহিছে৷ দেশখনত গাঁৱৰ ভিতৰত প্ৰবীণক হত্যা কৰা, ৰেডক্ৰছৰ কৰ্মীক আত্মঘাতী বোমাৰে সংহাৰ কৰা, কৰ্মৰত পশ্চিমীয়া নাগৰিকক নৃশংসভাৱে হত্যা কৰা মূল সংগঠনটোৱেই হৈছে আইছিছ-কে৷ সংগঠনটো ইমানেই নিষ্ঠুৰ যে, যোৱা বছৰ এখন কাবুলৰ ছোৱালীৰ স্কুলত বোমা বিস্ফোৰণ কৰি তেওঁলোকে শতাধিক ছাত্ৰীক হত্যা আৰু ২০২০ চনত হাস্পতালৰ প্ৰসূতি বিভাগত বোমা বিস্ফোৰণ কৰি ২৪গৰাকী নৱজাতক আৰু তেওঁলোকৰ জননীক হত্যা কৰিছিল৷ কেৱল আতংক বিয়পোৱাৰ বাবেই তেওঁলোকে আফগান নাগৰিককো নিষ্ঠুৰভাৱে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ বৃহস্পতিবাৰৰ দুয়োটা বিস্ফোৰণ তাৰেই প্ৰমাণ, য’ত ২৮ তালিবানসহ ১৫৭ৰো অধিক স্থানীয় লোকৰ মৃত্যু হ’ল৷ ইছলাম ধৰ্মৰ উগ্ৰ সমৰ্থক হৈয়ো আইছিছ-কেই মছজিদত নামাজৰ সময়ত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰি আহিছে আৰু ছিয়া মুছলিম তথা আফগান শিখ নিধন তেওঁলোকৰ অন্যতম লক্ষ্য৷

মুকলিকৈ আইছিছ-কে আৰু তালিবান পৰস্পৰৰ বিৰোধী৷ আইছিছ-কেই খলিফা সাম্ৰাজ্যত বিশ্বাস কৰে আৰু সমগ্ৰ বিশ্বতে খলিফা সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বাবে জিহাদত ভাগ লৈ আছে৷ তালিবানে কেৱল আফগানিস্তানতে মনোযোগ প্ৰদান কৰা আৰু মধ্যমপন্থাত বিশ্বাস কৰা বুলি ভাবি আইছিছ-কেই তালিবানৰ বিৰোধিতা কৰে৷ আইছিছ-কেৰ অনেক সদস্য তালিবানৰ পৰা আঁতৰি আহি চৰমপন্থী সদস্য৷ তালিবানে ২০২০ চনত আমেৰিকাৰ সৈতে কৰা চুক্তিক আইছিছ-কেই তীব্ৰ সমালোচনা কৰিছিল আৰু তেতিয়াই এদল চৰমপন্থী তালিবানে সেই সংগঠন এৰি আইছিছ-কেত যোগদান কৰিছিল৷ পিছে পৰোক্ষভাৱে আইছিছ-কেৰ সৈতে তালিবানৰ ঘনিষ্ঠ সম্পৰ্ক আছে৷ কিয়নো তালিবানৰ অন্যতম শাখা হাক্কানি নেটৱৰ্কৰ সৈতে আইছিছ-কেৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে আৰু দুয়োটা সংগঠনে একেলগ হৈয়েই দেশখনত ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰে৷ হাক্কানি গোটৰ অন্যতম মুৰব্বী খালিল হাক্কানিকে এতিয়া তালিবানে কাবুলৰ নিৰাপত্তা বিষয়া নিযুক্তি দিছে৷ তেওঁৰ হাক্কানি নেটৱৰ্ক, আইছিছ-কে আৰু দুই-এটা পাক সংগঠনে ২০১৯ চনৰ পৰা আফগানিস্তানত সকলো বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি অহাতো মুকলি সত্য আৰু বিশ্বৰ আগশাৰীৰ নিৰাপত্তা বিশেষজ্ঞই সেই ধাৰণাক নিশ্চিত কৰি মান্যতা দিছে৷ যোৱা ১৫ আগষ্টত দেশ দখল কৰি তালিবানে পুল-এ-চড়কি কাৰাগাৰৰ পৰা অল-কায়দা আৰু বৃহৎ সংখ্যাত আইছিছ-কেৰ সদস্যক মুকলি কৰি দিছিল৷ সেয়ে বৃহস্পতিবাৰৰ বিস্ফোৰণত তালিবানৰ সমৰ্থন নথকা বুলি নিশ্চিতভাৱে কোৱা টান আৰু দেখুৱাই বিৰোধ থাকিলেও তালিবান তথা আইছিছ-কেৰ মাজত সম্বন্ধ নথকা বুলি কোৱাও টান৷