Logo
image

ৰকেট আক্ৰমণত কঁপি উঠিল কাবুল বিমানবন্দৰ

আমাৰ অসম, ৩০ আগষ্টঃ যোৱা বৃহস্পতিবাৰে দুটাকৈ বোমা বিস্ফোৰণে বিধবস্ত কৰা কাবুলত দেওবাৰে পুনৰ দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে৷ পৃথক পৃথক এই  বিস্ফোৰণত দুগৰাকী শিশু বা কিশোৰীৰ মৃত্যু হোৱা বুলি দেশখন দখল কৰি থকা তালিবানে প্ৰকাশ কৰিছে৷ দুটাকৈ বিস্ফোৰণত আফগানিস্তানৰ ৰাজধানী চহৰখন কঁপি উঠাৰ লগে লগে বৃহস্পতিবাৰৰ আতংকৰ স্মৃতিয়ে সকলোকে গ্ৰাস কৰে৷ পিছে আজিৰ এই দুয়োটা বিস্ফোৰণ বৃহস্পতিবাৰৰ বিস্ফোৰণতকৈ পৃথক আছিল৷ এটা বিস্ফোৰণ সংঘটিত হয় আমেৰিকাৰ ড্ৰোন আক্ৰমণৰ ফলত৷ আমেৰিকাৰ সেনাবাহিনীয়ে বিমান বন্দৰৰ সমীপত সন্দেহযুক্ত আইছিছ-কেৰ আত্মঘাতী উগ্ৰপন্থীৰ এটা দলক এখন গাড়ীৰ ভিতৰতে আকাশৰ পৰা ড্ৰোনেৰে আক্ৰমণ কৰি নিধন কৰে৷ এই আক্ৰমণত বিস্ফোৰক ভৰ্তি হৈ থকা গাড়ীখন উৰি যায় আৰু সেই স্থানক প্ৰৱল বিস্ফোৰণে কঁপাই তোলে৷ শৰীৰত পৰিধান কৰি থকা বিস্ফোৰক অথবা গাড়ীখনত ভৰাই থোৱা বিস্ফোৰকৰ বিস্ফোৰণ ঘটাত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ বৃহস্পতিবাৰৰ দৰেই পুনৰ আত্মঘাতী বিস্ফোৰণৰ লক্ষ্যৰে এই দলটো বিমানবন্দৰ অভিমুখে আহি আছিল৷ নিৰ্দিষ্ট চোৰাংচোৱা সূত্ৰৰ পৰা খবৰ পাই আমেৰিকাৰ  সেনাই বিমানবন্দৰৰ ঠিক সমীপত আটাইকেইজন আত্মঘাতী উগ্ৰপন্থীকে ড্ৰোনেৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি নিধন কৰে৷ ইয়াৰ পূৰ্বে আমেৰিকাই বিমানবন্দৰলৈ কাকো নাহিবৰ বাবে অনুৰোধ জনাইছিল৷ বিমানবন্দৰত বৃহস্পতিবাৰৰ দৰে আত্মঘাতী বোমাৰুৱে পুনৰ ভয়ংকৰ আক্ৰমণ কৰিব বুলি আমেৰিকাই সাৱধানবাণী শুনাইছিল৷ ইয়াৰ পাছতে আমেৰিকাৰ সেনাই লক্ষ্য স্থিৰ কৰি ক্ষেপণাস্ত্ৰৰ আক্ৰমণেৰে আত্মঘাতী উগ্ৰপন্থীৰ দলটোক নিঃশেষ কৰা বুলি দাবী কৰিছে৷ নাম প্ৰকাশ নকৰা আমেৰিকাৰ সেনাবিষয়াৰ উপৰি কাবুলৰ এজন আৰক্ষী বিষয়া তথা তালিবানৰ এক শীৰ্ষ সদস্যই আমেৰিকাৰ এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে৷ এই আক্ৰমণৰ ঠিক পূৰ্বে অজ্ঞাত আক্ৰমণকাৰীয়ে বিমানবন্দৰৰ সমীপৰ এটা বাসগৃহত ৰকেটেৰে আক্ৰমণ কৰে৷ কাবুল বিমান বন্দৰৰ উত্তৰে খাজেছ বাগ্ৰা অঞ্চলত ৰকেটেৰে চলোৱা এই আক্ৰমণত দুগৰাকী আফগান শিশু কিম্বা কিশোৰীৰ মৃত্যু হৈছে৷  এই কথা তালিবানেও নিশ্চিত কৰিছে৷ পিছে এতিয়ালৈকে এই আক্ৰমণ কোনে সংঘটিত কৰিছে সেই বিষয়ে কোনো তথ্য প্ৰকাশ হোৱা নাই৷ কিয়নো কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷