Logo
image

তালিবানক স্বীকৃতিৰ প্ৰস্তুতি ৰাষ্ট্ৰসংঘৰ

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ আফগানিস্তানৰ পৰা আমেৰিকাৰ নেতৃত্বত নাটো গোষ্ঠীৰ দেশে সৈন্য-সামন্ত প্ৰত্যাহাৰ কৰাৰ পৰৱৰ্তী দিনটোতে ভাৰতৰ অধ্যক্ষতাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে তালিবান শাসিত আফগানিস্তানক ৰাষ্ট্ৰ হিচাপে অস্থায়ী স্বীকৃতি প্ৰদান কৰিছে৷ ভাৰতৰ সভাপতিত্বত মঙলবাৰে অনুষ্ঠিত নিৰাপত্তা পৰিষদৰ অতি গুৰুত্বপূৰ্ণ বৈঠকত তালিবানক দেশখনৰ প্ৰশাসক হিচাপে অস্থায়ীভাৱে স্বীকৃতি [ডি ফেক্ট’] প্ৰদান কৰি প্ৰস্তাব গ্ৰহণ কৰা হয়৷ তালিবানশাসিত আফগানিস্তানক অতি দৌৰাদৌৰিকৈ প্ৰদান কৰা এই স্বীকৃতিৰ প্ৰস্তাৱ আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইনকে ধৰি ১৩ খন সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰে৷ নিৰাপত্তা পৰিষদৰ এই বৈঠকত তালিবানে দখল কৰি লোৱা আফগানিস্তান সন্দৰ্ভত কেতবোৰ কঠোৰ প্ৰস্তাবো গ্ৰহণ কৰা হয়৷ আৰম্ভণিৰ পৰাই তালিবানক সমৰ্থন জনাই থকা ৰাছিয়া আৰু চীন এই প্ৰস্তাব গ্ৰহণৰ পৰা আঁতৰি থাকে৷ মুঠ ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰ থকা নিৰাপত্তা পৰিষদৰ দুখন ৰাষ্ট্ৰ এনে গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণৰ বৈঠকত অনুপস্থিত থকাতো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ উল্লেখ্য, চক্ৰবতভাৱে সময়ে সময়ে নিৰাপত্তা পৰিষদত ১৫ খন ৰাষ্ট্ৰই অধ্যক্ষতাৰ সুযোগ লাভ কৰে৷ আফগানিস্তানৰ এই সংকটৰ সময়ত নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্বত আছিল ভাৰত৷ ৩১ আগষ্টত ভাৰতৰ কাৰ্যকালৰ সামৰণি পৰিছিল আৰু ভাৰতৰ অধ্যক্ষতাৰ শেষ দিনটোতে তালিবানে দখল কৰি লোৱা আফগানিস্তানক ডি ফেক্ট’ ৰাষ্ট্ৰৰ স্বীকৃতি প্ৰদান কৰা হয়৷ নতুন দিল্লীয়ে এতিয়ালৈকে তালিবান শাসকক স্বীকৃতি প্ৰদান কৰা নাই যদিও একেদিনাই অৰ্থাৎ মঙলবাৰে ভাৰতৰ কাতাৰত থকা ৰাষ্ট্ৰদূত দীপক মিট্টালে ডোহাত তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ স্তানিকজাইৰ সৈতে প্ৰথমখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে৷ কুৰি বছৰৰ পূৰ্বে বিগত কাৰ্যকালৰ পৰা এতিয়ালৈকে ভাৰতে তালিবানক সন্ত্ৰাসবাদী হিচাপেই আখ্যা দি আহিছে৷ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপনৰ দিনটোতে তালিবানে অতৰ্কিতে কাবুলসহ সমগ্ৰ দেশ অধিকাৰ কৰাৰ পাছতো ভাৰতে তালিবান প্ৰসংগত বিগত এপষেকত নীৰবতাই অৱলম্বন কৰি আহিছিল৷ তালিবানৰ দেশ দখলৰ প্ৰথম পষেকটোৰ অন্তিম দিনত ভাৰতে আফগানিস্তান সন্দৰ্ভত কৌশলী পদক্ষেপ আগবঢ়াইছে৷ তাৰে এটা ৰাষ্ট্ৰসংঘত আৰু আনটো নিজস্বভাৱে কাতাৰত৷ ভাৰতৰ এই দুয়োটা পদক্ষেপেই তালিবানৰ প্ৰতি নতুন দিল্লীৰ নৰম মনোভাব পোষণৰ প্ৰথম খোজ বুলি ব্যাখ্যা কৰা হৈছে৷ অৱশ্যে কাতাৰত ভাৰতীয় ৰাষ্ট্ৰদূতে তালিবান নেতা স্তানিকজাইৰ সৈতে দেশখনত আবদ্ধ ভাৰতীয় নাগৰিকৰ নিৰাপদ প্ৰত্যাৱৰ্তন আৰু সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে৷ আনহাতে ৰাষ্ট্ৰসংঘত ভাৰতৰ নেতৃত্বতে তালিবানশাসিত আফগানিস্তানক সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও কেতবোৰ কঠোৰ প্ৰস্তাব গ্ৰহণ কৰা হয়৷