Logo
image

তালিবানৰ আমন্ত্ৰণৰ তালিকাত পাকিস্তান-চীন-ৰাছিয়া-ইৰান! নাই ভাৰত

আমাৰ অসম, ৭ ছেপ্টেম্বৰঃ পঞ্জশিৰ দখল কৰাৰ পাছতে চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি চূড়ান্ত কৰিছে তালিবানে৷ যোৱা ১৫ আগষ্টত ৰাজধানী কাবুলকে ধৰি সমগ্ৰ আফগানিস্তান নিজৰ দখললৈ নিয়াৰ পাছত আমেৰিকাই সেনা প্ৰত্যাহাৰৰ লগে লগে তালিবানে চৰকাৰ ঘোষণা কৰাৰ কথা আছিল৷ পিছে ৩০ আগষ্টৰ মাজনিশা আমেৰিকাৰ শেষখন বিমান কাবুলৰ আকাশত অদৃশ্য হোৱাৰ পাছতো তালিবানে চৰকাৰ ঘোষণা কৰিব পৰা নাই৷ পৰস্পৰবিৰোধী বিভিন্ন বাতৰি অনুসৰি পঞ্জশিৰ দখল কৰিব নোৱাৰাৰ বাবে আৰু তালিবানৰ মধ্যমপন্থী নেতাৰ সৈতে চৰমপন্থী হাক্কানি গোষ্ঠীৰ মতবিৰোধ হোৱাৰ ফলত তালিবানে চৰকাৰ গঠনৰ ঘোষণা কৰিব পৰা নাছিল৷ পিছে সোমবাৰে পঞ্জশিৰ দখল সম্পূৰ্ণ কৰাৰ পাছত তালিবানে অচিৰেই চৰকাৰ গঠনৰ ঘোষণা কৰিব বুলি বিবৃতি প্ৰকাশ কৰিছে৷ যোৱা শনিবাৰে তালিবানে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া দ্বিতীয়বাৰৰ বাবে পিছুৱাই সেই ঘোষণা ৩-৪ দিনৰ পাছত হ’ব বুলি জনাইছিল৷ সোমবাৰেও তালিবানে চৰকাৰ গঠনৰ নিৰ্দিষ্ট দিন ঘোষণা কৰা নাই৷ কিন্তু নতুন চৰকাৰ গঠনৰ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া কেইবাখনো ৰাষ্ট্ৰৰ তালিকা চূড়ান্ত কৰি ইতিমধ্যে সন্ত্ৰাসবাদীৰ দলটোৱে সেই ৰাষ্ট্ৰক আমন্ত্ৰণো জনাইছে৷ তালিবানৰ চৰকাৰ গঠনৰ অনুষ্ঠানত চীন, ৰাছিয়া, কাতাৰ, তুৰস্ক আৰু ইৰানক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি তালিবানৰ মুখপাত্ৰ জাবিবুল্লাহ মুজাহিদে সোমবাৰে প্ৰকাশ কৰিছে৷ প্ৰতিবেশী হ’লেও সেই তালিকাত নাম নাই ভাৰতৰ৷ সদ্য পতন ঘটা গনি চৰকাৰৰ সৈতে ভাৰতৰ অতি ঘনিষ্ঠ কূটনৈতিক সম্পৰ্ক আছিল৷ পিছে সেই চৰকাৰক উৎখাত কৰি দেশৰ অধিকাৰ হাতলৈ অনা তালিবানৰ সৈতে ভাৰতৰ এতিয়াও আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন হোৱা নাই৷ ফলত ভাৰতক চৰকাৰ গঠনৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ তেনে সম্ভাৱনাও নাছিল৷