Logo
image

বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত মোদী

আমাৰ অসম, ৭ ছেপ্টেম্বৰঃ জনপ্ৰিয়তাৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক পিছ পেলাই বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত স্থান লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আমেৰিকাৰ মৰ্ণিং কনছাল্ট নামৰ এটা সংস্থাৰ সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ সমীক্ষাটোৰ মতে বিশ্বৰ জনপ্ৰিয়তাৰ শিখৰত থকা মোদীৰ উপৰি তালিকাৰ প্ৰথম দহটা স্থানৰ দ্বিতীয় স্থানত উল্লেখ হৈছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ল’পেজ অব্ৰেডৰ নাম৷ সেইদৰে তৃতীয় স্থান লাভ কৰিছে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিয়ে৷ চতুৰ্থ স্থানত আছে জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলা মাৰ্কেল৷ আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে পঞ্চম স্থানহে দখল কৰিবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে আমেৰিকাই আফগানিস্তানৰ পৰা নিজৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ বাবেই বাইডেনৰ জনপ্ৰিয়তা হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে৷