Logo
image

ফ’ৰ্ডৰ ভাৰত ত্যাগ! কৰ্মহীন হ’ল অৰ্ধলক্ষাধিক

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ ভাৰত চৰকাৰক পৰিশোধ কৰিবলগীয়া অত্যাধিক কৰৰ বাবে লোকাচনৰ সন্মুখীন হৈ ভাৰত ত্যাগ কৰিছে মাৰ্কিন গাড়ী নিৰ্মাতা কোম্পানী ফ’ৰ্ডে৷ ২০২২ চনৰ মাজ ভাগত গুজৰাট আৰু তামিলনাডুত থকা নিৰ্মাণ প্ৰকল্পসমূহ বন্ধ কৰি দিয়া হ’ব৷ বিশ্বৰ আগশাৰীৰ বিলাসী বাহন নিৰ্মাণকাৰী সংস্থাটোৱে ভাৰত এৰি যোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ ফলত সংস্থাটোত নিয়োজিত প্ৰায় অৰ্ধ লক্ষাধিক কৰ্মচাৰীয়ে জীৱিকা হেৰুৱাব৷ উল্লেখ্য, ফ’ৰ্ডে বিগত ২৫ বছৰ ধৰি ভাৰতত বাহন নিৰ্মাণ কৰি আহিছিল৷ দেশত উদাৰীকৰণৰ পাছতে ফ’ৰ্ডে ভাৰতত বাহন নিৰ্মাণ কৰি আহিছিল৷ ভাৰতৰ বজাৰৰ বাবে পাঁচটা মডেলৰ বাহন নিৰ্মাণ কৰি আহিছিল ফ’ৰ্ডে৷ ভাৰত এৰি যোৱা প্ৰসংগত ফ’ৰ্ডে দিয়া বিবৃতিত উল্লেখ কৰা হৈছে যে যোৱা বছৰত ফ’ৰ্ডে ১.৫ মিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে৷ চাহিদাৰ ক্ষেত্ৰতো তেওঁলোকে আশাকৰা ধৰণে সঁহাৰি লাভ কৰা নাই৷ তদুপৰি ভাৰতত উচ্ছ হাৰত কৰ দিবলগীয়া হোৱা বাবে কোম্পানীটো লোকচানৰ সন্মুখীন হৈছে৷ উল্লেখ্য, ২০১৭ চনত জিএম নামৰ আন এটা বহিঃৰাষ্ট্ৰৰ কোম্পানীয়ে ভাৰতত বাহন উৎপাদন বন্ধ কৰি দিছিল৷ ২০২০ চনত হাৰ্লি ডেভিডচনে বন্ধ কৰি দিছিল বাহন উৎপাদন৷ বিদেশী কোম্পানীসমূহে এনেদৰে ভাৰত এৰি যোৱাটো নৰেন্দ্ৰ মোদী চৰকাৰৰ বৃহৎ ব্যৰ্থতা বুলি বিবেচিত হৈছে৷