২০ দিনজুৰি মহাধুমধামেৰে পালন হ’ব মোদীৰ জন্মদিন
আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়া কাৰ্যসূচীৰে মহা ধুম ধামেৰে পালন কৰিব শাসকীয় দল বিজেপিয়ে৷ ইয়াৰ বাবে বিস্তৃত কাৰ্যসূচী চূড়ান্ত কৰিছে প্ৰদেশ বিজেপিৰ নেতৃত্বই৷ ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী৷ ৭ অক্টোবৰলৈ চলিবলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ কাৰ্যসূচীক ‘সেৱা আৰু সমৰ্পনৰ ২০ দিন’ বুলি অভিহিত কৰা হৈছে৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন আৰু কীৰ্তি সম্পৰ্কত দলৰ ৰাজ্যিক আৰু জিলা কাৰ্যালয় সমূহত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব৷ নমো এপৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ জীৱন আৰু কৰ্মৰাজীৰ দৃশ্য শ্ৰব্য প্ৰদৰ্শনী স্থানীয় ৰাজহুৱা ভবন বা প্ৰেক্ষাগৃহত প্ৰজেক্টৰৰ যোগেদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব৷ দলৰ সকলো কাৰ্যকৰ্তাই এই প্ৰদৰ্শনী চাব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰজনৰ কল্যানৰ বাবে গ্ৰহণ কৰা উদ্যোগৰ বাবে তেওঁক ধন্যবাদ জনাই সমগ্ৰ দেশৰ পৰা ৫ কোটি পোষ্টকাৰ্ড প্ৰেৰণ কৰা হ’ব৷ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনা’ৰ হিতাধিকাৰীৰ মাজত মহিলা মৰ্চাৰ উদ্যোগত ‘ৰেচন মোনা’ বিতৰণ কৰা হ’ব৷ প্ৰধানমন্ত্ৰীৰ বহুমুখী ব্যক্তিত্ব আৰু কৰ্মৰাজি সম্পৰ্কত বুদ্ধিজীৱীৰ দ্বাৰা বাতৰি কাকতত নিবন্ধ, লিখনি আদি প্ৰকাশ কৰি ৰাইজৰ মাজত প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰধানমন্ত্ৰীৰ দৈনন্দিন জীৱন পদ্ধতি আৰু কৰ্মৰাজীৰ বিষয়ে বুদ্ধিজীৱি বিশিষ্ট নাগৰিক আদিৰ উপস্থিতিত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব৷ উল্লেখ যোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৭ অক্টোবৰত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২০ বছৰ সম্পূৰ্ণ কৰিব৷ ২০০১ চনৰ ৭ অক্টোবৰত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ২০১৪ চনৰ ২৬ মে’ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷ আনহাতে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনো৷ সেয়ে জন্মদিনৰ লগতে ২০ বছৰীয়া শাসন সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি প্ৰদেশ বিজেপিয়ে ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বিভিন্ন অনুষ্ঠানৰ৷ সেই অনুসৰি ১৭ ছেপ্টেম্বৰত প্ৰত্যেক বুথত থকা সত্ৰ, নামঘৰ, মন্দিৰ তথা উপাসনাস্থলীত নৈবদ্য, পূজা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি প্ৰতিজন কাৰ্যকৰ্তাৰ ঘৰৰ পদূলীমুখত বন্তি প্ৰজ্বলন কৰা হ’ব৷ ১৮ আৰু ১৯ ছেপ্টেম্বৰত বুথ পৰ্যায়ত স্বচ্ছ ভাৰত অভিযানত হাতত লোৱাৰ লগতে বিশেষভাৱে বিশ্বকৰ্মা পূজাৰ পিছত য’তে ত’তে পেলাই দিয়া মূৰ্তিবোৰ নদীত বিসৰ্জন দিয়া হ’ব৷ ২০ আৰু ২১ ছেপ্টেম্বৰত অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম, চিকিৎসালয় আদিত ফল-মূল বিতৰণ কৰা হ’ব৷ এই কাৰ্যসূচী ৰূপায়ণত অনুসূচীত জাতি-অনুসূচীত জনজাতি অন্যান্য পিচপৰা শ্ৰেণী আৰু চাহ জনগোষ্ঠী মৰ্চাই বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিব৷ ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰত জিলা পৰ্যায়ত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ’ব৷ ২৫, ২৬ আৰু ২৭ ছেপ্টেম্বৰত জিলা পৰ্যায়ত যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব৷ ২৮, ২৯, ৩০ ছেপ্টেম্বৰ আৰু ৰ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ সফলাতক বিষয়বস্তু হিচাপে লৈ জিলা ভিত্তিত বিশিষ্ট নাগৰিক সকলৰ সভা [চেমিনাৰ] অনুষ্ঠিত হ’ব৷ ২, ৩, ৪ আৰু ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ মুঠ ৭১ টা স্থানত থকা ঐতিহ্যমণ্ডিত পুখুৰী, নদী আদি পৰিষ্কাৰ কৰাৰ লগতে পেলনীয়া প্লাষ্টিক সামগ্ৰী পৰিষ্কাৰ কৰা হ’ব৷ ৬ আৰু ৭ অক্টোবৰত জিলা সমূহত দিব্যাংগসকলক সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব৷