Logo
image

অনবৰতে ফেচবুক মেছেঞ্জাৰত ব্যস্ত মহিলাক হত্যা কৰিলে স্বামীয়ে

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ  বৰ্তমান ছ’চিয়েল মিডিয়াৰ যুগ৷ সময় পালেই ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম চোৱাটো সকলোৰে অভ্যাসলৈ পৰিণত হৈছে৷ কিন্তু ছ’চিয়েল মিডিয়াৰ বাবেই হুগলিৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হয়৷ স্বামীয়ে উক্ত মহিলাগৰাকীৰ প্ৰাণ লয়৷ এই ঘটনাই সমগ্ৰ হুগলিতে চাঞ্চল্য সৃষ্টি কৰিছে৷ মহিলাগৰাকীয়ে ফেচবুকৰ মেছেঞ্জাৰত পৰ পুৰুষৰ সৈতে সকলো সময়তে চাটিং কৰি থকা বুলি স্বামীৰ সন্দেহ হয়৷ ইয়াকে লৈ বহুদিন কাজিয়া হৈছিল পতি-পত্নীৰ মাজত৷ সকলো সময়তে ফেচবুকৰ মেছেঞ্জাৰত ব্যস্ত থকা পত্নীক এনে নকৰিবলৈ সকীয়াই দিছিল স্বামীয়ে৷ কিন্তু স্বামীৰ বাধা সত্বেও ২৩ বছৰীয়া পত্নীয়ে ফেচবুকত বন্ধুৰ সৈতে চাটিং কৰিবলৈ এৰা নাছিল৷ সেয়ে দেওবাৰে স্বামীৰ ইমানেই খং উঠে যে তেওঁ পত্নীৰ ডিঙি চেপি হত্যা কৰে৷ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হৈছে পল্লৱী দাস৷