Logo
image

এটা ক্লিকতে পৰ্ন তাৰকাৰ মুখত বহিব আপোনাৰ মুখ

গোপন এপে বৃদ্ধি কৰিছে উদ্বেগ

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ বৰ্তমান প্ৰযুক্তিৰ যুগ৷ নতুন নতুন ছাইট, এপ্‌, প’ৰ্টেল আদিৰ বৃহৎ প্ৰসাৰ ঘটিছে৷ গতিকে হাতৰ মুঠিত থকা মোবাইলতে সকলোৱে এইবোৰৰ সুবিধা লাভ কৰাৰ লগতে ব্যৱহাৰৰ সুযোগ লাভ কৰিছে৷ তেনে সময়তে আনক বদনাম কৰিবলৈও বিভিন্ন পক্ষই ভুৱা আৰু সম্পাদিত ভিডিঅ’ প্ৰস্তুত কৰি ফেচবুক, টুইটাৰ, ৱাট্‌ছএপৰ জৰিয়তে ভাইৰেল কৰা দেখা গৈছে৷ ফলত বহু লোকৰ জীৱনলৈ বিপদ নামি আহিছে৷ তেনে সময়তে আন এটা গোপন এপ্লিকেশ্বনৰ কথা পোহৰলৈ আহিছে, যিয়ে গৱেষকক চিন্তাত পেলাইছে৷ এই এপ্‌ যদি এবাৰ ৰাজহুৱাকৈ ব্যৱহাৰ হয়, তেন্তে বহুতৰে জীৱনলৈ বিপদ নামি আহিব৷ ইয়াৰ দ্বাৰা বহুতৰে ব্যক্তিগত জীৱনৰ গোপনীয়তা ভংগ হ’ব৷ ইয়াৰ জৰিয়তে মাত্ৰ এটা ক্লিকতে কোনো এজন লোকৰ মুখ পৰ্ন তাৰকাৰ মুখত লগাই দিব পাৰি৷ ফলত এজন নিৰীহ লোক মুহূৰ্তৰ ভিতৰতে পৰ্ন তাৰকা হৈ পৰিব পাৰে৷ কোনো ভিডিঅ’ত আনৰ মুখ সলনি কৰাৰ কাৰচাজি নতুন নহয়৷ কিন্তু এইটোৰ জৰিয়তে এজন লোকৰ জীৱন মুহূৰ্তৰ ভিতৰতে ধবংস কৰিব পাৰে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই এপ্‌টো প্ৰস্তুত কৰা হৈছে৷ হেনৰী আজদৰ নামৰ এজন গেৱেষকে ইয়াক প্ৰস্তুত কৰে৷