Logo
image

মাউণ্ট এলব্ৰুছ জয় কৰিলে ৮ বছৰীয়া শিশুৱে

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ অবিশ্বাস্য যেন লাগিলেও এয়া এক সঁচা ঘটনা৷ এটা ৮ বছৰীয়া শিশুৱে ইউৰোপৰ সৰ্বোচ্ছ শৃংগ মাউণ্ট এলব্ৰুছ আৰোহণ কৰি অভিলেখ সৃষ্টি কৰিছে৷ অন্ধ্ৰপ্ৰদেশৰ এই শিশুটিয়ে মাউণ্ট এলব্ৰুছ জয় কৰি দেশৰ পতাকা উৰুৱায়৷ উল্লেখ্য ৮ বছৰ বয়সীয়া ভুৱন  জাই আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী ৰূপে অভিহিত হৈছে৷ তৃতীয় শ্ৰেণীত অধ্যয়ৰত শিশুটি অন্ধ্ৰপ্ৰদেশৰ কুলনুল জিলাৰ বাসিন্দা৷ পৰ্বতাৰোহণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিশুটিয়ে ইতিপূৰ্বে মাউণ্ট কিলিমাঞ্জাৰো জয় কৰিছিল৷