Logo
image

ৰবীন্দ্ৰনাথ ঠাকুৰে অংকন কৰা ছবি ৫ কোটি টকাত নিলাম

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ বিশ্বকবি ৰবীন্দ্ৰ ঠাকুৰে অংকন কৰা এখন ছবি ৫ কোটি টকাত নিলাম হয়৷  ক্ৰিস্টিজ নামৰ নিলাম সংস্থাই কমিছনসহ ৫ লাখ পাউণ্ডত [৫ কোটি টকা] ছবিখন বিক্ৰী কৰে৷  নিলাম সংস্থাটোৰ ৱেবছাইটত কবিগুৰুৰ এই ছবিখন ‘যুগল’ নামেৰে উল্লেখ কৰা হৈছে৷ অৱশ্যে ছবিখন কোনে ক্ৰয় কৰিছে সেই কথা এতিয়াও নিলাম সংস্থাটোৱে প্ৰকাশ কৰা নাই৷ ধাৰণা কৰা মতে ১৯৩০ চন বা তাৰ কিছুদিন পূৰ্বে ছবিখন ৰবীন্দ্ৰ নাথে অংকন কৰিছিল৷ ছবিখনৰ আন এক বৈশিষ্ট্য হ’ল কবি গুৰুৱে অংকন কৰা আন ছবিৰ তুলনাত এই ছবিখন আয়তনত ডাঙৰ৷ ১৯৩০ চনত ৰবীন্দ্ৰ নাথ ঠাকুৰে ইউৰোপ ভ্ৰমণ কৰাৰ সময়ত কেইবাখনো ছবি অংকন কৰিছিল৷ সেই সময়ত কবি গুৰুৰ পৰা এটা জাৰ্মান দম্পতীয়ে ছবিখন ক্ৰয় কৰিছিল আৰু সেই দম্পতীটোৰ উত্তৰসুৰীয়ে ছবিখন নিলাম সংস্থাক বিক্ৰী কৰিছিল৷