Logo
image

মডেলৰ চুলি বেয়াকৈ কাটি বিপদত দিল্লীৰ হোটেল

দুই কোটি টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ এগৰাকী মডেলৰ চুলি বেয়াকৈ কটাৰ বাবে নতুন দিল্লীৰ পঞ্চতাৰকাযুক্ত হোটেল আই টি চি মৌৰ্যক ২ কোটি টকা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে নেশ্বনেল কনজুমাৰ ডিছপুট ৰিড্ৰেছাল কমিছন অৰ্থাৎ এন চি ডি আৰ চিয়ে৷ বৃহস্পতিবাৰে এন চি  ডি আৰ চিয়ে হোটেলখনক নিম্নমানৰ সেৱা আৰু চুলি কটা কাৰ্যত কৰা অৱহেলাৰ বাবে মডেল গৰাকীক ২ কোটি টকাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়ে৷ লগতে আঠ সপ্তাহৰ ভিতৰত মডেল গৰাকীক এই ধন আদায় দিবলৈ কোৱা হৈছে৷ উল্লেখ্য যে ২০১৮ চনৰ ১২ এপ্ৰিলত এটা সাক্ষাৎকাৰ অনুষ্ঠানৰ পূৰ্বে নতুন দিল্লীৰ প্ৰখ্যাত হোটেল মৌৰ্যত চুলি কাটিবলৈ গৈছিল আশ্‌না ৰায়  নামৰ মডেল গৰাকী৷ কিন্তু কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে মডেল গৰাকীৰ চুলি কাটোতে দেখাত বেয়া হৈ পৰে৷ এনে অৱস্থাত আশ্‌না এন চি ডি আৰ চিৰ দ্বাৰস্থ হোৱাত অৱশেষত বৃহস্পতিবাৰে মডেল আশনাক ২ কোটি টকাৰ ক্ষতিপূৰণ আদায়ৰ বাবে হোটেল কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে ৰাষ্ট্ৰীয় গ্ৰাহক আদালতখনে৷