Logo
image

ছমাহ কাপোৰ ধুই দিব লাগিব ভুক্তভোগী মহিলাৰ

ধৰ্ষণৰ চেষ্টা কৰোঁতাক বিহাৰৰ আদালতৰ আজব শাস্তি

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ বিহাৰৰ এখন নিম্ন আদালতে এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা কৰা এজন যুৱকক প্ৰদান কৰা আজব শাস্তিয়ে সকলোৰে চকু কপালত তুলিছে৷ মহিলাগৰাকীক ধৰ্ষণৰ অপচেষ্টা কৰা যুৱকজনক কঠোৰ শাস্তি দিয়াৰ সলনি আদালতে নিৰ্দেশ দিয়ে ছমাহ বিনামূলীয়াকৈ মহিলাগৰাকীৰ কাপোৰ ধুই, ইস্ত্ৰি কৰি দিবলৈ৷ মহিলাগৰাকীৰ ধৰ্ষণৰ অপচেষ্টা চলাই গ্ৰেপ্তাৰ হোৱা এই যুৱকজনক জামিনো মঞ্জুৰ কৰে আদালতখনে৷ গতিকে আদালতৰ এই ৰায়ক লৈ জিলাখনত ব্যাপক চৰ্চা চলিছে৷ মধুবানিৰ ঝাঝাঁৰপুৰ আদালতৰ অতিৰিক্ত ন্যায়াধীশ অবিনাশ কুমাৰে বৃহস্পতিবাৰে অভিযুক্তজনক জামিন মঞ্জুৰ কৰি এই আজব শাস্তি বিহে৷ উল্লেখ্য, এপ্ৰিল মাহত ২০ বছৰীয়া লালন কুমাৰ ছাফি নামৰ অভিযুক্তজনে এখন গাঁৱৰ এই মহিলাগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলাইছিল৷ ছাফি হৈছে ধুবি৷ গতিকে ছাফিয়ে মহিলাগৰাকীৰ কাপোৰ বিনামূলীয়াকৈ ধুই ইস্ত্ৰি কৰি দিব ছমাহ৷ লগতে আদালতে ১০ হাজাৰ টকাকৈ দুটা জমাবন্দীও দিবলৈ নিৰ্দেশ দিয়ে অভিযুক্তজনক৷