Logo
image

সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিশু আৰু মহিলা

বিশ্বৰ লগতে ভাৰততো পৰিছে জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বতে যি প্ৰাকৃতিক দুৰ্যোগ হৈছে, তাৰ কুফল ভোগ কৰিছে জনতাই৷ সবাতোকৈ বেছি ভুগিছে শিশু আৰু মহিলাই৷ ইয়াৰ ফলতে অধিক মহিলা আৰু শিশুৱে আধুনিক দাসত্ব তথা মানৱ সৰবৰাহৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কেইদিনমান পূৰ্বে প্ৰকাশ পোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ ‘ইণ্টাৰনেশ্বনেল ইনষ্টিটিউট ফৰ এনভাইৰনমেণ্ট এণ্ড ডেভেলেপমেণ্ট’ আৰু ‘এণ্টি স্লেভাৰী ইণ্টাৰনেশ্বনেল’ৰ দ্বাৰা চলোৱা অধ্যয়নত এই ভয়ংকৰ সত্য প্ৰকাশ পাইছে৷ এই অধ্যয়নৰ  প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো জলবায়ু পৰিৱৰ্তনৰ বিশাল পৰিৱৰ্তনৰ কুফল পৰিছে৷ ফলত বিশ্বৰ আন আন দেশৰ লগতে ভাৰতৰো শিশু আৰু মহিলা বিপদত পৰিছে৷ অহা মাহত ব্ৰিটেইনৰ গ্লাছগোত জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এখন জৰুৰী বৈঠক হোৱাৰ কথা৷ তাৰ আগে আগে এই প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে৷ ইয়াৰ দ্বাৰা বিভিন্ন দেশক সকীয়াই দিয়া হৈছে ভৱিষ্যতে হ’ব পৰা ভয়ংকৰ বিপদৰ বিষয়ে৷ প্ৰতিবেদনত ইণ্ডোনেছিয়াৰ ছুনামি, ঘানাৰ খৰাৰ ঘূৰ্ণিবতাহ, ভাৰতত হোৱা আম্‌ফান, আয়লাৰ দৰে ঘূৰ্ণিবতাহে কৰা ভয়ংকৰ ধবংসৰ কথাও উল্লেখ কৰা হৈছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগত সকলো হেৰুৱাই শিশু-মহিলাই চুক্তিৱদ্ধ শ্ৰমিক হ’বলৈ বাধ্য কৰাৰ লগতে বাল্য বিবাহ বৃদ্ধি পোৱা, শিশু-মহিলাৰ চোৰাং বেহা, দুৰ্ভিক্ষ, ক্ষুধা বৃদ্ধি পোৱা আদিৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷