Logo
image

দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিষয়াক আঁতৰালেহে খং কমিব সিদ্ধুৰ

পঞ্জাবৰ অস্থিৰ ৰাজনীতিত জেলেপি পাক

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ পঞ্জাবৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি পদৰ পৰা মঙলবাৰে নৱজোৎ সিং সিদ্ধুৱে আচম্বিতে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমাৎ অধিক অস্থিৰ হৈ পৰিছে৷ তেওঁ এক ভিডিঅ’ বাৰ্তা দি ঘোষণা কৰিছে যে কোনো অৱস্থাতেই তেওঁ দুৰ্নীতিৰ সৈতে আপোচ নকৰে আৰু নীতিৰ পথৰ পৰা পদচ্যুত নহয়৷ মুখ্যমন্ত্ৰী পদ নোপোৱাৰ বাবেই সিদ্ধুৱে পদত্যাগ কৰা বুলি ধাৰণা কৰা হ’লেও ঘাইকৈ তেওঁৰ পৰামৰ্শ আৰু নিৰ্দেশ অনুসৰি নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে মন্ত্ৰীসভা গঠন নকৰাৰ বাবেই সিদ্ধু সভাপতি পদৰ পৰা আঁতৰি যোৱা বুলি প্ৰকাশ পাইছে৷ যোৱা ১৮ ছেপ্টেম্বৰত পঞ্জাবৰ দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে পদত্যাগ কৰিছিল৷ তেওঁৰ স্থানত চৰণজিৎ সিং চন্নীক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলেও হঠাতে সিদ্ধুৱে পদত্যাগ কৰাত নতুন মুখ্যমন্ত্ৰী বিবুধিত পৰিছে৷ বুধবাৰে তেওঁ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ তাৰ পাছত তেওঁ সাংবাদিকক কয়– মই সিদ্ধুৰ সৈতে আলোচনা কৰিছো৷ তেওঁৰ সৈতে পুনৰ প্ৰয়োজন হ’লে আলোচনাত বহিম৷ আমি বিচাৰো কংগ্ৰেছৰ সকলো নেতা একেলগে বহি সমস্যাৰ সমাধান আলোচনাৰ জৰিয়তে কৰক৷

নৱজোৎ সিং সিদ্ধুৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি তেওঁৰ অনুগামী দুগৰাকী মন্ত্ৰী ক্ৰমে ৰাজিয়া চুলতানা আৰু পাৰ্গত সিঙে ইতিমধ্যে পদত্যাগ কৰিছে৷ ৰাজ্যিক কংগ্ৰেছৰ দুজন সম্পাদকেও পদত্যাগ কৰিছে৷ সিদ্ধু সম্প্ৰতি ৰাজধানী চণ্ডীগড়ৰ পৰা আঁতৰি পাটিয়ালাৰ নিজৰ ঘৰত আছে৷ তাতে তেওঁক পোন্ধৰজন কংগ্ৰেছ বিধায়কে সাক্ষাৎ কৰিছে৷ চৰণজিৎ মন্ত্ৰীসভাৰ পৰা সিদ্ধুৰ সমৰ্থনত আৰু কেইবাজনো মন্ত্ৰীয়ে পদত্যাগ কৰাৰ সম্ভাৱনা আছে৷ ঘাইকৈ চৰণজিৎ সিঙে সিদ্ধুৱে নিবিচৰা কেইবাজনো বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ ৰাজ্যিক সভাপতি পদৰ পৰা আঁতৰি আহে৷ এইকেইজন বিধায়কৰ বিৰুদ্ধে কেপ্টেইন অমৰেন্দ্ৰ সিং মন্ত্ৰীসভাৰ সময়ত দুৰ্নীতিৰ অভিযোগ আছে৷ তেনে বিধায়কক পুনৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰিবলৈ সিদ্ধুৱে পৰামৰ্শ দিলেও চৰণজিৎ সিঙে সিদ্ধুৰ নিৰ্দেশ উপেক্ষা কৰে৷ ইয়াৰ ফলতে পঞ্জাবৰ কংগ্ৰেছ চৰকাৰখন ভাগি-চিগি থানবান হোৱাৰ উপক্ৰম ঘটিছে৷ সিদ্ধুৱে তেওঁৰ ঘনিষ্ঠ ব্যক্তিৰ জৰিয়তে চৰ্তসাপেক্ষে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে বুলি জনাইছে৷ যদিহে সিদ্ধুৰ চৰ্ত মানি লোৱা হয় তেন্তে তেওঁ দুৰ্নীতিগ্ৰস্ত বুলি চিহ্নিত কৰা মন্ত্ৰীক চৰণজিৎ সিঙে মন্ত্ৰীসভাৰ পৰা আঁতৰাব লাগিব৷ সিদ্ধুৰ প্ৰবল বিৰোধী সুখজিন্দৰ সিং ৰনধাৱাক উপ-মুখ্যমন্ত্ৰী পদ দিয়াত সিদ্ধু সম্পূৰ্ণৰূপে অসন্তুষ্ট৷ তদুপৰি বালি কেলেংকাৰিত অভিযুক্ত ৰাণা গুৰজিৎ সিং, দুৰ্নীতিগ্ৰস্ত বিজয় ইন্দৰ সিংলাক পুনৰ মন্ত্ৰিত্ব দিয়াতো অসন্তুষ্ট সিদ্ধু৷ আনহাতে ৰাজ্যৰ মহাধিবক্তা হিচাপে এ পি এছ দেউলৰ নিযুক্তিতো সিদ্ধুৰ প্ৰবল আপত্তি৷ ইপিনে, সিদ্ধুৰ আচম্বিত পদত্যাগত আচৰিত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব৷ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি স্বাভাৱিক কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সিদ্ধুৰ দাবী মানি ল’ব পাৰে৷ কিয়নো অহা ফেব্ৰুৱাৰী-মাৰ্চত ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ভগ্নপ্ৰায় কংগ্ৰেছৰ অৱস্থা দেখি বিজেপি, শিৰোমণি আকালি দল আৰু পঞ্জাবত শক্তিশালী স্থিতি থকা আম আদমি পাৰ্টি আনন্দিত হৈ আছে৷ কংগ্ৰেছক পুনৰ ক্ষমতাত অক্ষুন্ন ৰখাৰ স্বাৰ্থতে শীৰ্ষ নেতৃত্বই সিদ্ধুৰ দাবীৰ প্ৰতি মনোযোগ দিছে বুলি দলীয় সূত্ৰত প্ৰকাশ৷ যদিহে শীৰ্ষ নেতৃত্বই সিদ্ধুৰ চৰ্ত মানি লয় তেন্তে পঞ্জাবৰ ৰাজনৈতিক পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিব পাৰে৷ অন্যথা নিৰ্বাচন পৰ্যন্ত অস্থিৰতাই বিৰাজ কৰি থাকিব ৰাজ্যখনত৷